--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাবালিকাক ‘আই লাভ ইউ’ বুলি কোৱাৰ বাবে এবছৰৰ কাৰাদণ্ড বিহা হৈছে ৩০ বছৰীয়া এজন যুৱকক। ২০১৫ চনত মুম্বাইত সংঘটিত হৈছিল এই ঘটনা। বৰ্তমান ব্যক্তিজনৰ বয়স ৩০ বছৰ। আজিৰ পৰা সাত বছৰ আগতে তেওঁ এগৰাকী ১৩ বছৰীয়া কিশোৰীক ‘আই লাভ ইউ’ বুলি কৈছিল। এই ঘটনাত ছোৱালীজনীৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছিল। লগে লগে যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে জামিনত মুকলি কৰি দিয়া হৈছিল যুৱকজনক। অৱশ্যে এই গোচৰত আদালতে এক নতুন ৰায় দিছে।



খবৰ অনুসৰি পদপথত অভিযুক্তজনে কিশোৰীগৰাকীৰ নাম সুধি ভালপোৱাৰ প্ৰস্তাৱ দিছিল। কিশোৰীগৰাকীয়ে উত্তৰ নিদিলে যুৱকজনে তাইক আকৌ একেখিনি কথা কৈছিল। একে সময়তে তেওঁ এখন ‘প্ৰেমৰ চিঠি’ আগবঢ়াই দিলে। ইয়াৰ প্ৰত্যুত্তৰত কিশোৰীগৰাকীয়ে যুৱকজনক কয় যে যদি তেওঁ তেনেকুৱা কিবা এটা কৰে তেন্তে তেওঁ মাক-দেউতাকক অৱগত কৰিবলৈ বাধ্য হ’ব। ইয়াৰ পিছতে অভিযুক্তজনে তেওঁক ‘ছ’ৰী’ বুলি কৈ গুচি গৈছিল।

২০১৫ চনৰ ১৬ এপ্ৰিলত অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে মাকৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল কিতাপ কিনিবলৈ। তেতিয়া যুৱকজনে পুনৰ কিশোৰীগৰাকীৰ লগত সেই কাৰ্যই কৰিছিল। তাৰ পাছত কিশোৰী গৰাকীয়ে সমগ্ৰ বিষয়টো মাকৰ দৃষ্টিগোচৰ কৰিলে। লগতে কয় যে যুৱকজনে প্ৰায় ১৫ দিন ধৰি তেওঁৰ পিছ লৈছিল। পিতৃ-মাতৃয়ে নিজৰ কন্যাৰ সুৰক্ষাৰ কথা চিন্তা কৰি মৌনতা যুৱকজনৰ নামত তিলক নগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে।

বিশেষ আদালতে শেহতীয়াকৈ এই গোচৰৰ ৰায় ঘোষণা কৰিছে। POCSO আইন অনুসৰি ন্যায়াধীশ জয়শ্ৰী আৰ পুলাটে অভিযুক্তক এবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। তদুপৰি যুৱকজনক ১০ হাজাৰ টকা জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়া হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ