--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাবালিকাক ‘আই লাভ ইউ’ বুলি কোৱাৰ বাবে এবছৰৰ কাৰাদণ্ড বিহা হৈছে ৩০ বছৰীয়া এজন যুৱকক। ২০১৫ চনত মুম্বাইত সংঘটিত হৈছিল এই ঘটনা। বৰ্তমান ব্যক্তিজনৰ বয়স ৩০ বছৰ। আজিৰ পৰা সাত বছৰ আগতে তেওঁ এগৰাকী ১৩ বছৰীয়া কিশোৰীক ‘আই লাভ ইউ’ বুলি কৈছিল। এই ঘটনাত ছোৱালীজনীৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছিল। লগে লগে যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে জামিনত মুকলি কৰি দিয়া হৈছিল যুৱকজনক। অৱশ্যে এই গোচৰত আদালতে এক নতুন ৰায় দিছে।



খবৰ অনুসৰি পদপথত অভিযুক্তজনে কিশোৰীগৰাকীৰ নাম সুধি ভালপোৱাৰ প্ৰস্তাৱ দিছিল। কিশোৰীগৰাকীয়ে উত্তৰ নিদিলে যুৱকজনে তাইক আকৌ একেখিনি কথা কৈছিল। একে সময়তে তেওঁ এখন ‘প্ৰেমৰ চিঠি’ আগবঢ়াই দিলে। ইয়াৰ প্ৰত্যুত্তৰত কিশোৰীগৰাকীয়ে যুৱকজনক কয় যে যদি তেওঁ তেনেকুৱা কিবা এটা কৰে তেন্তে তেওঁ মাক-দেউতাকক অৱগত কৰিবলৈ বাধ্য হ’ব। ইয়াৰ পিছতে অভিযুক্তজনে তেওঁক ‘ছ’ৰী’ বুলি কৈ গুচি গৈছিল।

২০১৫ চনৰ ১৬ এপ্ৰিলত অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে মাকৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল কিতাপ কিনিবলৈ। তেতিয়া যুৱকজনে পুনৰ কিশোৰীগৰাকীৰ লগত সেই কাৰ্যই কৰিছিল। তাৰ পাছত কিশোৰী গৰাকীয়ে সমগ্ৰ বিষয়টো মাকৰ দৃষ্টিগোচৰ কৰিলে। লগতে কয় যে যুৱকজনে প্ৰায় ১৫ দিন ধৰি তেওঁৰ পিছ লৈছিল। পিতৃ-মাতৃয়ে নিজৰ কন্যাৰ সুৰক্ষাৰ কথা চিন্তা কৰি মৌনতা যুৱকজনৰ নামত তিলক নগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে।

বিশেষ আদালতে শেহতীয়াকৈ এই গোচৰৰ ৰায় ঘোষণা কৰিছে। POCSO আইন অনুসৰি ন্যায়াধীশ জয়শ্ৰী আৰ পুলাটে অভিযুক্তক এবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। তদুপৰি যুৱকজনক ১০ হাজাৰ টকা জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়া হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ