--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভীমা কোৰেগাঁও গোচৰত অভিযুক্ত হৈ বৰ্তমান কাৰাগাৰত থকা প্ৰখ্যাত কবি তথা মানৱ অধিকাৰ কৰ্মী ভাৰাভাৰা ৰাৱে তেওঁৰ জামিন আবেদন নাকচ কৰা বোম্বাই উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। ৰাওক প্ৰতিনিধিত্ব কৰা অধিবক্তা আনন্দ গ্ৰোভাৰে ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্দিৱালাৰে গঠিত বিচাৰপীঠৰ সন্মুখত আবেদন দাখিল কৰি আগতীয়া শুনানিৰ বাবে আহ্বান জনায়। গ্ৰোভাৰৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই বিচাৰপীঠে ১১ জুলাইত বিষয়টোৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছে। 

উল্লেখ্য যে কাৰাগাৰৰ ভিতৰত অসুস্থ হৈ পৰাৰ পিছত চিকিৎসাৰ বাবে ভাৰভাৰা ৰাওক উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। কিন্তু মুম্বাইৰ ব্যয় বহন কৰিবলৈ অসমৰ্থ হোৱাৰ বাবে ৰাৱে মুম্বাইৰ পৰা হাইদৰাবাদলৈ যোৱাৰ অনুমতি বিচাৰি উচ্চ ন্যায়ালয়ত জামিন আবেদন জনাইছিল। কিন্তু ন্যায়াধীশ এছ বি শুক্ৰে আৰু জিএ চানপৰ বিচাৰপীঠে এপ্ৰিলত ৰাওৰ জামিনৰ আবেদন খাৰিজ কৰিছিল। অৱশ্যে তেওঁৰ চিকিৎসাৰ বাবে ন্যায়ালয়ে অস্থায়ী জামিন পুনৰ তিনি মাহৰ বাবে বৃদ্ধি কৰিছিল। 

উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰি মন্তব্য কৰিছিল যে ৰাওক চিকিৎসা কৰি থকা বিশেষজ্ঞ চিকিৎসক সকলে নিয়াৰ হেঁচাত কাম কৰাৰ কোনো প্ৰমাণ নাই। ৰাওক গোচৰটোৰ মুখ্য ষড়যন্ত্ৰকাৰী বুলি অভিযোগ কৰা হৈছে। এনে অৱস্থাত অভিযুক্ত চিকিৎসাৰ ভিত্তিত জামিন পোৱাৰ যোগ্য নহয় বুলি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে ৰায়ত উল্লেখ কৰিছিল। অভিযুক্তক অপৰাধটোৰ বাবে যেতিয়ালৈকে দোষী ঘোষণা কৰা নহয়, তেতিয়ালৈকে অভিযোগৰ গম্ভীৰতা তথা গুৰুত্ব অব্যাহত থাকিব বুলি ন্যায়ালয়ে লগতে উল্লেখ কৰিছিল।

উল্লেখ্য যে ২০১৮ চনত ভীমা কোৰেগাঁও বা এলগাৰ পৰিষদ গোচৰত অভিযুক্ত কৰি বিজেপি চৰকাৰে জেললৈ প্ৰেৰণ কৰিছিল ভাৰভাৰা ৰাওসহ বহুকেইগৰাকী বুদ্ধিজীৱি, অধিবক্তা, সামাজিক তথা মানৱ অধিকাৰ কৰ্মীক। ভীমা কোৰেগাঁও যুদ্ধৰ দ্বিশতবৰ্ষৰ প্ৰাকমুহূৰ্তত পুনেৰ শনিবাৰৱাড়া দুৰ্গত ২০১৭ চনৰ ৩১ ডিচেম্বৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। উল্লেখ্য যে স্থানীয় দলিত লোকসকলে ভীমা কোৰেগাঁও যুঁদ্ধক ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে দলিতৰ বিজয়ৰ প্ৰতীক বুলি আখ্যা দিয়ে। 

ভীমা কোৰেগাঁও যুদ্ধ বিজয়ৰ গৌৰৱৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটোত দেশৰ কেইবাগৰাকীও প্ৰখ্যাত সাহিত্যিক, বুদ্ধিজীৱি, অধিবক্তা, দলিত নেতা, মানৱ অধিকাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটোৰ পিছদিনাই ভীমা কোৰেগাঁৱত এক হিংসাত্মক ঘটনা সংঘটিত হয়। 

৩১ ডিচেম্বৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত দিয়া উচতনিমূলক ভাষণে এই হিংসাত্মক ঘটনাৰ সৃষ্টি কৰে বুলি অভিযোগ কৰি পুনে আৰক্ষীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তসকল মাওবাদীৰ সৈতে সম্পৰ্কিত বুলি অভিযোগ কৰি UAPA ৰ দৰে কঠোৰ আইনৰ অধীনত গোচৰ ৰুজু কৰে।

ইতিমধ্যে এই গোচৰত কাৰাবন্দী হৈ থকা সমাজকৰ্মী ফাদাৰ ষ্টেন স্বামীৰ কাৰাগাৰৰ ভিতৰতে মৃত্যু হৈছে। অভিযুক্ত কবি ভাৰভাৰা ৰাও যুঁজি আছে তীব্ৰ শাৰীৰিক অসুস্থতাৰ সৈতে। আন এগৰাকী অভিযুক্ত অধিবক্তা সুধা ভৰদ্বাজে অৱশ্যে যোৱা বৰ্ষৰ শেষৰ ফালে কাৰগাৰৰ পৰা মুক্তি লাভ কৰিছে। এতিয়াও কাৰাবন্দী হৈ আছে এই গোচৰত অভিযুক্ত কেইবাগৰাকীও লোক। তেওঁলোকৰ অধিকাংশই কাৰাগাৰত শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ খবৰ প্ৰকাশ পাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ