--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় জ্যেষ্ঠ বেটছমেন কে এল ৰাহুল, আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ দলৰ এক গুৰুত্বপূৰ্ণ অংশ ৷তেওঁ এই দলৰ অধিনায়ক৷ কিন্তু শেহতীয়া ছিজনবোৰত তেওঁৰ অধিনায়কত্ব বিশেষভাৱে সফল হোৱা পৰিলক্ষিত নহ’ল ৷ সেইবাবে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকা এতিয়া তেওঁক লৈ চিন্তিত ৷ 

অৱশ্যে এল এছ জিৰ স্বত্বাধিকাৰগৰাকীয়ে তেওঁক ধৰি ৰখাৰ সন্দৰ্ভত এনে কোনো আশ্বাস দিয়া নাই। টি-২০ ফৰ্মেটত টিম ইণ্ডিয়াৰ প্ৰাক্তন উপ-অধিনায়ক ৰাহুল এতিয়া ভাৰতীয় দলৰ অংশ নহয়। ২০২৪ চনৰ আই পি এল ছিজনত দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ৰাহুলৰ সৈতে খেলপথাৰতে তৰ্ক-বিতৰ্কত লিপ্ত হোৱাও দেখা গৈছিল ৷


এই বৰ্ষত দলটোৰ প্ৰদৰ্শন দুৰ্বল আছিল ৷ তেতিয়াৰে পৰা লক্ষ্ণৌৱে আই পি এল ২০২৫ ত কে এল ৰাহুল অধিনায়ক পদত থাকিব নে নাই , নে ৰাহুল দলৰ পৰা বাদ পৰিব, সেই সন্দৰ্ভত অনুৰাগীসকলে প্ৰশ্ন উত্থাপন কৰিছিল ৷কিন্তু এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ৷

‘কে এল ৰাহুল লক্ষ্ণৌ চুপাৰ জায়েণ্টছ পৰিয়ালৰ সদস্য । দলটোৰ অধিনায়কত্ব ধৰি ৰখাৰ বিষয়ে সিদ্ধান্ত ল’বলৈ এতিয়াও যথেষ্ট সময় বাকী আছে ৷’লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই এক সংবাদ মাধ্যমত এই কথা স্পষ্ট কৰে ৷

তেওঁ জনায় যে কে এল ৰাহুলে আই পি এল ২০২৪ ত লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ সৈতে থকাৰ সম্ভাৱনা আছে । কিন্তু তেওঁ দলৰ অধিনায়ক হৈ থাকিব নে নাই, সেই বিষয়ে চিন্তা কৰা হ'ব । আমাৰ লগত বিকল্প খেলুৱৈও আছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ