--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিচিচিআই অৰ্থাৎ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মঙলবাৰে আগন্তুক মহিলা টি-২০ বিশ্বকাপ ২০২৪ ৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে । টি-২০ বিশ্বকাপ ২০২৪ প্ৰথমে বাংলাদেশত আয়োজন কৰাৰ কথা আছিল কিন্তু তাত ৰাজনৈতিক অশান্তিৰ বাবে সংযুক্ত আৰব আমিৰশ্বাহীলৈ স্থানান্তৰ কৰা হয়। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, পাকিস্তান আৰু শ্ৰীলংকাৰ লগতে ভাৰতক গ্ৰুপ Aত স্থান দিয়া হৈছে। 

হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত দলটোৱে প্ৰথমবাৰৰ বাবে এই খিতাপ দখল কৰাৰ উদ্দেশ্যেৰে ৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব লগা টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিব ৷ বাংলাদেশ শৃংখলাৰ সময়ত যস্তিকাৰ ঠাইত 3 নম্বৰত বেটিং কৰা দয়ালান হেমলতাকো ভাৰতৰ টপ অৰ্ডাৰ বেটছমেনৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৷ ইয়াৰ ওপৰিও জেমিমা ৰড্ৰিগছ, দীপ্তি শৰ্মা, ৰিচা ঘোষ আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰৰ দৰে বেটছমেনসকলে ভাৰতৰ বেটিং লাইন-আপ অধিক শক্তিশালী কৰি তোলাৰ আশা প্ৰকাশ কৰা হৈছে ।

৩ অক্টোবৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’বলগীয়া মহিলা টি-২০ বিশ্বকাপৰ বাবে মঙলবাৰে ঘোষণা কৰা ১৫ জনীয়া ভাৰতীয় দলটোক নেতৃত্ব দিব তাৰকা বেটছমেন হৰমনপ্ৰীত কৌৰে। টপ অৰ্ডাৰ বেটছমেন যস্তিকা ভাটিয়া আৰু স্পিন অল ৰাউণ্ডাৰ শ্ৰেয়াংকা পাটিলক দলত অন্তৰ্ভুক্ত কৰা হৈছে যদিও তেওঁলোকৰ নিৰ্বাচন ফিটনেছৰ চাৰ্টিফিকেটৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু লগতে তাৰকা বেটছমেন স্মৃতি মান্ধনাক উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

ভাৰতীয় দলটোৱে প্ৰথম টি-২০ বিশ্বকাপ ট্ৰফী জয় কৰাৰ লক্ষ্যৰে এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিব।

টি-২০ বিশ্বকাপ ২০২৪ৰ ভাৰতীয় দল :

হৰমনপ্ৰীত কৌৰ(অধিনায়ক), স্মৃতি মন্ধানা(সহ অধিনায়ক), শৈফালী বাৰ্মা, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগছ, ৰিচা ঘোষ(উইকেটকীপাৰ), যস্তিকা ভাটিয়া(উইকেটকীপাৰ), পূজা বস্ত্ৰকাৰ, অৰুন্ধতী ৰেড্ডী, ৰেণুকা সিং ঠাকুৰ, দয়ালান হেমলতা, আশা শোভানা, ৰাধা যাদৱ, শ্ৰেয়াংকা পাটিল আৰু সজনা সজীৱন ।

সংৰক্ষিত হিচাপে থাকিব: উমা ছেত্ৰী(উইকেটৰক্ষক), তনুজা কানৱাৰ, চাইমা ঠাকুৰ ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ