--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিচিচিআই অৰ্থাৎ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মঙলবাৰে আগন্তুক মহিলা টি-২০ বিশ্বকাপ ২০২৪ ৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে । টি-২০ বিশ্বকাপ ২০২৪ প্ৰথমে বাংলাদেশত আয়োজন কৰাৰ কথা আছিল কিন্তু তাত ৰাজনৈতিক অশান্তিৰ বাবে সংযুক্ত আৰব আমিৰশ্বাহীলৈ স্থানান্তৰ কৰা হয়। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, পাকিস্তান আৰু শ্ৰীলংকাৰ লগতে ভাৰতক গ্ৰুপ Aত স্থান দিয়া হৈছে। 

হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত দলটোৱে প্ৰথমবাৰৰ বাবে এই খিতাপ দখল কৰাৰ উদ্দেশ্যেৰে ৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব লগা টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিব ৷ বাংলাদেশ শৃংখলাৰ সময়ত যস্তিকাৰ ঠাইত 3 নম্বৰত বেটিং কৰা দয়ালান হেমলতাকো ভাৰতৰ টপ অৰ্ডাৰ বেটছমেনৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৷ ইয়াৰ ওপৰিও জেমিমা ৰড্ৰিগছ, দীপ্তি শৰ্মা, ৰিচা ঘোষ আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰৰ দৰে বেটছমেনসকলে ভাৰতৰ বেটিং লাইন-আপ অধিক শক্তিশালী কৰি তোলাৰ আশা প্ৰকাশ কৰা হৈছে ।

৩ অক্টোবৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’বলগীয়া মহিলা টি-২০ বিশ্বকাপৰ বাবে মঙলবাৰে ঘোষণা কৰা ১৫ জনীয়া ভাৰতীয় দলটোক নেতৃত্ব দিব তাৰকা বেটছমেন হৰমনপ্ৰীত কৌৰে। টপ অৰ্ডাৰ বেটছমেন যস্তিকা ভাটিয়া আৰু স্পিন অল ৰাউণ্ডাৰ শ্ৰেয়াংকা পাটিলক দলত অন্তৰ্ভুক্ত কৰা হৈছে যদিও তেওঁলোকৰ নিৰ্বাচন ফিটনেছৰ চাৰ্টিফিকেটৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু লগতে তাৰকা বেটছমেন স্মৃতি মান্ধনাক উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

ভাৰতীয় দলটোৱে প্ৰথম টি-২০ বিশ্বকাপ ট্ৰফী জয় কৰাৰ লক্ষ্যৰে এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিব।

টি-২০ বিশ্বকাপ ২০২৪ৰ ভাৰতীয় দল :

হৰমনপ্ৰীত কৌৰ(অধিনায়ক), স্মৃতি মন্ধানা(সহ অধিনায়ক), শৈফালী বাৰ্মা, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগছ, ৰিচা ঘোষ(উইকেটকীপাৰ), যস্তিকা ভাটিয়া(উইকেটকীপাৰ), পূজা বস্ত্ৰকাৰ, অৰুন্ধতী ৰেড্ডী, ৰেণুকা সিং ঠাকুৰ, দয়ালান হেমলতা, আশা শোভানা, ৰাধা যাদৱ, শ্ৰেয়াংকা পাটিল আৰু সজনা সজীৱন ।

সংৰক্ষিত হিচাপে থাকিব: উমা ছেত্ৰী(উইকেটৰক্ষক), তনুজা কানৱাৰ, চাইমা ঠাকুৰ ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু