--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বুলডজাৰ নীতিৰ ব্যাপক প্ৰয়োগ। কোনো গোচৰত অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সমান্তৰালকৈ ৰাজ্যত প্ৰশাসনৰ দ্বাৰা বুলডজাৰ নীতি ব্যৱস্থা গ্ৰহণ কৰাও পৰিলক্ষিত হৈছে। এই বুলডজাৰ নীতিৰ জৰিয়তে প্ৰশাসনে কোনো গোচৰৰ অভিযুক্তৰ বাসস্থান বুলডজাৰেৰে ভাঙি পেলোৱা এক চিনাকি দৃশ্য হৈ পৰিছে। এই বুলডজাৰ নীতিৰ বিপক্ষে ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। 

শেহতীয়াকৈ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বুলডজাৰ নীতিৰ বহু ঘটনা পোহৰলৈ আহিছে। এই নীতিৰ আধাৰত ব্যৱস্থা গ্ৰহণ কৰি ৰাজ্য চৰকাৰে বহু অভিযুক্তৰ বাসস্থান বুলডজাৰেৰে ভাঙি দিছে। এনে ধৰণৰ ঘটনাৰ উদ্ধৃতি দি বুলডজাৰ নীতিৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপৰ অনুৰোধেৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে জমিয়ত উলেমা-ই-হিন্দে।


উচ্চতম ন্যায়ালয়ে কয় যে পৰৱৰ্তী শুনানিলৈকে কোনো ৰাজ্য চৰকাৰে আদালতৰ অনুমতি অবিহনে কোনো অট্টালিকা ভাঙি পেলাব নোৱাৰে। শাস্তিমূলক ব্যৱস্থা হিচাপে অভিযুক্ত ব্যক্তিৰ সম্পত্তিত বুলডজাৰ চলাই থকা গোচৰৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য। এই বিষয়ত পৰৱৰ্তী শুনানি ১ অক্টোবৰত নিৰ্ধাৰণ কৰিছে আদালতে।

উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ বাবে এক সংঘাত বুলি বিবেচিত হৈছে। ‘বুলডজাৰ বাবা’ নামেৰে পৰিচিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰত অপৰাধী আৰু অবৈধ সম্পত্তিৰ বিৰুদ্ধে বুলডজাৰ নীতি চলি আছিল। জমিয়ত উলেমা-ই-হিন্দে মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে এই কাৰ্যক একপক্ষীয় বুলি অভিহিত কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে।

কিন্তু উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে এই নিষেধাজ্ঞা পথ, ফুটপাথ, বা ৰেলপথত কৰা অবৈধ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। আদালতে কয় যে অবৈধ নিৰ্মাণৰ বিৰুদ্ধে আইনৰ অধীনত ব্যৱস্থা অব্যাহত থাকিব।


মাননীয় ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে এক্সত লিখিছে,‘‘বুলডজাৰটো মানুহক ভয় খুৱাবলৈ ব্যৱহাৰ কৰা হৈছিল, এই নীতি বন্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক ধন্যবাদ আৰু অভিনন্দন জনাইছো ”



শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে সকলো পক্ষক লক্ষ্য কৰি সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব পৰা বুলডজাৰ নীতি নিৰ্দেশনা প্ৰস্তুত কৰিব। সংবিধান আৰু আইনৰ পৰিসৰৰ ভিতৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰা হ’ব।সংবিধানৰ ১৪২ নং অনুচ্ছেদৰ অধীনত এই নিৰ্দেশনা দিয়া বুলি উল্লেখ কৰে আদালতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু