--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বুলডজাৰ নীতিৰ ব্যাপক প্ৰয়োগ। কোনো গোচৰত অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সমান্তৰালকৈ ৰাজ্যত প্ৰশাসনৰ দ্বাৰা বুলডজাৰ নীতি ব্যৱস্থা গ্ৰহণ কৰাও পৰিলক্ষিত হৈছে। এই বুলডজাৰ নীতিৰ জৰিয়তে প্ৰশাসনে কোনো গোচৰৰ অভিযুক্তৰ বাসস্থান বুলডজাৰেৰে ভাঙি পেলোৱা এক চিনাকি দৃশ্য হৈ পৰিছে। এই বুলডজাৰ নীতিৰ বিপক্ষে ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। 

শেহতীয়াকৈ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বুলডজাৰ নীতিৰ বহু ঘটনা পোহৰলৈ আহিছে। এই নীতিৰ আধাৰত ব্যৱস্থা গ্ৰহণ কৰি ৰাজ্য চৰকাৰে বহু অভিযুক্তৰ বাসস্থান বুলডজাৰেৰে ভাঙি দিছে। এনে ধৰণৰ ঘটনাৰ উদ্ধৃতি দি বুলডজাৰ নীতিৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপৰ অনুৰোধেৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে জমিয়ত উলেমা-ই-হিন্দে।


উচ্চতম ন্যায়ালয়ে কয় যে পৰৱৰ্তী শুনানিলৈকে কোনো ৰাজ্য চৰকাৰে আদালতৰ অনুমতি অবিহনে কোনো অট্টালিকা ভাঙি পেলাব নোৱাৰে। শাস্তিমূলক ব্যৱস্থা হিচাপে অভিযুক্ত ব্যক্তিৰ সম্পত্তিত বুলডজাৰ চলাই থকা গোচৰৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য। এই বিষয়ত পৰৱৰ্তী শুনানি ১ অক্টোবৰত নিৰ্ধাৰণ কৰিছে আদালতে।

উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ বাবে এক সংঘাত বুলি বিবেচিত হৈছে। ‘বুলডজাৰ বাবা’ নামেৰে পৰিচিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰত অপৰাধী আৰু অবৈধ সম্পত্তিৰ বিৰুদ্ধে বুলডজাৰ নীতি চলি আছিল। জমিয়ত উলেমা-ই-হিন্দে মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে এই কাৰ্যক একপক্ষীয় বুলি অভিহিত কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে।

কিন্তু উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে এই নিষেধাজ্ঞা পথ, ফুটপাথ, বা ৰেলপথত কৰা অবৈধ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। আদালতে কয় যে অবৈধ নিৰ্মাণৰ বিৰুদ্ধে আইনৰ অধীনত ব্যৱস্থা অব্যাহত থাকিব।


মাননীয় ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে এক্সত লিখিছে,‘‘বুলডজাৰটো মানুহক ভয় খুৱাবলৈ ব্যৱহাৰ কৰা হৈছিল, এই নীতি বন্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক ধন্যবাদ আৰু অভিনন্দন জনাইছো ”



শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে সকলো পক্ষক লক্ষ্য কৰি সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব পৰা বুলডজাৰ নীতি নিৰ্দেশনা প্ৰস্তুত কৰিব। সংবিধান আৰু আইনৰ পৰিসৰৰ ভিতৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰা হ’ব।সংবিধানৰ ১৪২ নং অনুচ্ছেদৰ অধীনত এই নিৰ্দেশনা দিয়া বুলি উল্লেখ কৰে আদালতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement