--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দি চলচ্চিত্র জগতৰ এটা উল্লেখযোগ্য নাম নৱাজুদ্দিন ছিদ্দিকী৷ জনপ্ৰিয় অভিনেতা গৰাকীয়ে তেওঁৰ অভিনয় কেৰিয়াৰত বহু হিট ছবিৰ উপহাৰ দিছে। বাস্তৱ জীৱনৰ লগতে অভিনয় কেৰিয়াৰৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা বহু উত্থান-পতনেৰে ভৰি আছে অভিনেতাগৰাকীৰ জীৱন। শেহতীয়াকৈ আইনী মেৰপেছত সোমাই পৰিছে নৱাজুদ্দিন ছিদ্দিকী৷

শেহতীয়াকৈ এপ এটাত প’কাৰ খেলিবলৈ উৎসাহিত কৰা বিজ্ঞাপনত অংশ লোৱা পৰিলক্ষিত হৈছিল অভিনেতা গৰাকীক। প্ৰাপ্ত খবৰ অনুসৰি এটা হিন্দু সংগঠনে এই বিজ্ঞাপনটোৱে জনসাধাৰণক জুৱাৰ সৈতে জড়িত কৰি মহাৰাষ্ট্ৰ আৰক্ষীৰ সুনাম ক্ষতিগ্ৰস্ত কৰা দাবী উত্থাপন কৰি, ছিদ্দিকী আৰু বিগ কেছ পকাৰৰ স্বত্বাধিকাৰী অংকুৰ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীজনাই হিন্দু জনজাগৃতি সমিতিয়ে মুম্বাই আৰক্ষী আয়ুক্ত তথা মহাৰাষ্ট্ৰৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰিছে।

মুম্বাই আৰক্ষী আয়ুক্ত আৰু মহাৰাষ্ট্ৰৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ সুৰাজ্য অভিযানৰ মহাৰাষ্ট্ৰ ৰাজ্যিক সমন্বয়ক অভিষেক মুৰুকাটেএখন পত্ৰ লিখি এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছে। এই পত্ৰত মহাৰাষ্ট্ৰ অসামৰিক সেৱা নিয়ম ১৯৭৯ আৰু মহাৰাষ্ট্ৰ আৰক্ষী আইন ১৯৫১ৰ অধীনত ছিদ্দিকী আৰু সিং দুয়োৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

এই আবেদনৰ বিৰুদ্ধে আৰক্ষী বিষয়াই কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো হতাশাজনক আৰু আনে অভিযোগ কৰিবলগীয়া হোৱাটো দুখজনক বুলি উল্লেখ কৰিছে।আৰু এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীয়ে বিষয়টো বিবেচনা কৰিবলৈ এই পত্ৰৰ জৰিয়তে আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু