--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দি চলচ্চিত্র জগতৰ এটা উল্লেখযোগ্য নাম নৱাজুদ্দিন ছিদ্দিকী৷ জনপ্ৰিয় অভিনেতা গৰাকীয়ে তেওঁৰ অভিনয় কেৰিয়াৰত বহু হিট ছবিৰ উপহাৰ দিছে। বাস্তৱ জীৱনৰ লগতে অভিনয় কেৰিয়াৰৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা বহু উত্থান-পতনেৰে ভৰি আছে অভিনেতাগৰাকীৰ জীৱন। শেহতীয়াকৈ আইনী মেৰপেছত সোমাই পৰিছে নৱাজুদ্দিন ছিদ্দিকী৷

শেহতীয়াকৈ এপ এটাত প’কাৰ খেলিবলৈ উৎসাহিত কৰা বিজ্ঞাপনত অংশ লোৱা পৰিলক্ষিত হৈছিল অভিনেতা গৰাকীক। প্ৰাপ্ত খবৰ অনুসৰি এটা হিন্দু সংগঠনে এই বিজ্ঞাপনটোৱে জনসাধাৰণক জুৱাৰ সৈতে জড়িত কৰি মহাৰাষ্ট্ৰ আৰক্ষীৰ সুনাম ক্ষতিগ্ৰস্ত কৰা দাবী উত্থাপন কৰি, ছিদ্দিকী আৰু বিগ কেছ পকাৰৰ স্বত্বাধিকাৰী অংকুৰ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীজনাই হিন্দু জনজাগৃতি সমিতিয়ে মুম্বাই আৰক্ষী আয়ুক্ত তথা মহাৰাষ্ট্ৰৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰিছে।

মুম্বাই আৰক্ষী আয়ুক্ত আৰু মহাৰাষ্ট্ৰৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ সুৰাজ্য অভিযানৰ মহাৰাষ্ট্ৰ ৰাজ্যিক সমন্বয়ক অভিষেক মুৰুকাটেএখন পত্ৰ লিখি এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছে। এই পত্ৰত মহাৰাষ্ট্ৰ অসামৰিক সেৱা নিয়ম ১৯৭৯ আৰু মহাৰাষ্ট্ৰ আৰক্ষী আইন ১৯৫১ৰ অধীনত ছিদ্দিকী আৰু সিং দুয়োৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

এই আবেদনৰ বিৰুদ্ধে আৰক্ষী বিষয়াই কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো হতাশাজনক আৰু আনে অভিযোগ কৰিবলগীয়া হোৱাটো দুখজনক বুলি উল্লেখ কৰিছে।আৰু এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীয়ে বিষয়টো বিবেচনা কৰিবলৈ এই পত্ৰৰ জৰিয়তে আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ