--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আইনী মেৰপেচত সাঙুৰ খাই পৰিছে বিখ্যাত প্ৰযোজক একতা কাপুৰ৷একতা কাপুৰ আৰু তেওঁৰ মাতৃ শ্বোভা কাপুৰৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা আইন চমুকৈ প’স্কো অধীনত গোচৰ ৰুজু কৰা হৈছে। এখন ৱেব চিৰিজত নাবালকৰ অনুপযুক্ত দৃশ্য প্ৰদৰ্শন কৰাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ 

প্ৰাপ্ত তথ্য অনুসৰি এই গোচৰটো এ.এল.টিবালাজীত প্ৰচাৰিত তেওঁলোকৰ ধাৰাবাহিক "গণ্ডী বাত"ৰ এটা খণ্ডত নাবালিকাৰ সৈতে জড়িত অনুপযুক্ত দৃশ্য প্ৰচাৰ কৰা অভিযোগৰ সৈতে জড়িত।

আৰক্ষীৰ সূত্ৰ অনুসৰি এম.এইচ.বি থানাত প’স্কো আইনৰ ১৩ আৰু ১৫ নং ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ২৯৫-এ ধাৰা আৰু তথ্য প্ৰযুক্তি(আই টি)আইনৰ সংশ্লিষ্ট ধাৰা অনুসৰি গোচৰ পঞ্জীয়ন কৰা হৈছে। ২০২১ চনৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত এ.এল.টি বালাজীত প্ৰচাৰিত "গণ্ডী বাত"ৰ ষষ্ঠ ছিজনৰ এটা খণ্ডত আপত্তিজনক দৃশ্যৰ বাবে এই গোচৰ তৰা হৈছে।সম্প্ৰতি বিতৰ্কিত খণ্ডটো অটিটি প্লেটফৰ্মটোৰ পৰা আঁতৰাই দিয়া হৈছে বুলি সদৰি কৰিছে।

শেহতীয়া খবৰ অনুসৰি ১৯ এপ্ৰিলত চিনেমাগৃহত মুক্তি পাব দিবাকৰ বেনাৰ্জীৰ পৰিচালিত একতা কাপুৰৰ শেহতীয়া ছবি "লাভ, চেক্স আৰু ধোখা ২"। চলচ্চিত্ৰখনে আধুনিক সম্পৰ্কত প্ৰযুক্তিৰ প্ৰভাৱৰ বিষয়ে এক সাহসী ৰূপত আগবঢ়াইছে, কিদৰে ছ'চিয়েল মিডিয়া আৰু ডিজিটেল সংযোগৰ প্ৰতি সমাজৰ ক্ৰমবৰ্ধমান আকৰ্ষণ বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ