--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অভিনেতা ছলমান খানে আকৌ এবাৰ ভাবুকি লাভ কৰিছে। এইবাৰ মুম্বাই ট্ৰেফিক আৰক্ষীৰ জৰিয়তে এই ভাবুকিপূৰ্ণ বাৰ্তা লাভ কৰিছে। বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনে নিজকে লৰেন্স বিষ্ণয় গেঙৰ ঘনিষ্ঠ বুলি অভিহিত কৰিছে। 

Salman Khan shoots for Bigg Boss 18 with additional security measures: 60  security guards, no outsiders policy - Hindustan Times


উল্লেখ্য যে, মুম্বাই ট্ৰেফিক আৰক্ষীৰ হোৱাটছএপ নম্বৰত লৰেন্স বিষ্ণয়ৰ সৈতে দীৰ্ঘদিনীয়া শত্ৰুতা শেষ কৰিবলৈ অভিনেতা ছলমান খানৰ পৰা ৫ কোটি টকাৰ দাবী জনাই ভাবুকিপূৰ্ণ বাৰ্তা আহিছে। এই বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনে দাবী কৰিছে যে তেওঁ ছলমান আৰু লৰেন্স গেঙৰ মাজত মিলন আনিব, যাৰ বাবে তেওঁ ধন বিচাৰিছে আৰু সকীয়াই দিছে যে যদি ধন নিদিয়ে তেন্তে ছলমান খানৰ অৱস্থা বাবা ছিদ্দিকীতকৈও ভয়াবহ হ’ব।


Security tightened at Salman Khan's residence after new death threats - The  Economic Times
ট্ৰেফিক আৰক্ষীৰ হোৱাটছএপ নম্বৰত অহা বাৰ্তাত প্ৰেৰকে দাবী কৰে যে, "এইটো সহজভাৱে নল'ব , যদি ছলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণয়ৰ সৈতে শত্ৰুতা শেষ কৰিব বিচাৰে, তেন্তে তেওঁ ৫ কোটি টকা দিব লাগিব। যদি... টকা নিদিয়ে ছলমান খানৰ অৱস্থা বাবা ছিদ্দিকীতকৈও ভয়াবহ হ'ব।" মুম্বাই আৰক্ষীয়ে এই বিষয়টো অতি গুৰুত্বসহকাৰে লৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

শেহতীয়াকৈ দশেৰাৰ দিনা তেওঁৰ ঘনিষ্ঠ বন্ধু তথা এনচিপিৰ প্ৰবীণ নেতা বাবা ছিদ্দিকীক ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰা হৈছিল তাৰ পাছতেই ছলমান খানে এই ভাবুকি লাভ কৰিছে। এই হত্যাকাণ্ডৰ দায়িত্ব ল’লে লৰেন্স বিষ্ণয় গেঙে। এতিয়া ছলমান খানৰ এই ভাবুকিৰ পিছত আৰক্ষী বিভাগত চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। এতিয়া তেওঁক Y+ নিৰাপত্তা প্ৰদান কৰা হৈছে। ইয়াৰ পিছতেই তেওঁৰ নিৰাপত্তাৰ বাবে প্ৰায় ২৫ জন নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব। এই ব্যৱস্থাত প্ৰায় ২ৰ পৰা ৪ জন এনএছজি কমাণ্ডো আৰু আৰক্ষীৰ নিৰাপত্তাৰক্ষীও উপস্থিত থাকিব। ইয়াৰ উপৰিও দুইৰ পৰা তিনিখন বুলেট প্ৰুফ বাহনো তেওঁৰ সৈতে থাকিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ