--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২৮দিনীয়া বন্দীত্বৰ জীৱনৰ অৱশেষত অৱসান ঘটিল। শ্বাহৰূখ গৌৰীৰ মন্নতলৈ উভতিল তেওঁলোকৰ প্ৰিয় পুত্ৰ আৰিয়ান। দীঘলীয়া ন্যায়িক যুঁজত জয়ী হৈ কাৰাগাৰৰ পৰা মুকলি হ’ল বাদশ্বাহ তনয়। শনিবাৰে দিনৰ প্ৰায় ১১বজাত আৰিয়ান কাৰাগাৰৰ পৰা বাহিৰ ওলোৱাৰ পাছতে দেশজুৰি শ্বাহৰুখৰ অনুৰাগীসকলৰ মাজত উছাহৰ ঢল বৈ যোৱা দেখা গ’ল। শ্বাহৰুখৰ ঘৰ মন্নতৰ সন্মুখত হাজাৰ হাজাৰ লোকে ভিৰ কৰি উদযাপন কৰিলে বিজয় উৎসৱ। ফটকা ফুটাই, পোষ্টাৰ আৰি, ঢোলে-ডগৰে উৎসৱ পাতি অনুৰাগীয়ে আদৰিলে প্ৰিয় তাৰকাৰ পুত্ৰক। পিছে এই আনন্দ উৎসৱৰ মাজতো সম্পূৰ্ণ মুকলি হোৱা নাই আৰিয়ানৰ গোমা মন। শ্বাহৰুখৰ মনতো আছে ডাৱৰ। ইয়াৰ কাৰণ কি? কাৰণ আন একো নহয়, সেয়া হ’ল জামিন ত মুকলি হ’লেও আৰিয়ান খান সম্পূৰ্ণৰূপে মুক্ত হোৱা নাই। তেওঁৰ বাবে জে’লৰ দুৱাৰ মুকলি হৈছে ঠিকেই কিন্তু আদালতে বান্ধি দিয়া নীতি-নিয়মৰ শিকলিয়ে তেওঁক এতিয়াও একপ্ৰকাৰ আটি-আটি বান্ধিছে। আদালত তথা এনচিবিৰ অনুমতি অবিহনে বহু কাম কৰাৰ পৰা বিৰত থাকিব লাগিব আৰিয়ান। তেওঁক ১৪টাকৈ চৰ্ত বান্ধিহে জামিন দিছে ব’ম্বে উচ্চ ন্যায়ালয়ে। এই চৰ্ত উলংঘা কৰিলেই বাতিল হ’ব পাৰে তেওঁৰ জামিন।


পিছে, কিনো আছে এই চৰ্তসমূহৰ মাজত। আৰিয়ানক আদালতে বান্ধি দিয়া চৰ্তসমূহৰ মাজত আছিল; ১লাখ টকাৰ ব্যক্তিগত ব’ণ্ড, বিশেষ এনডিপিএছ আদালতৰ অনুমতি অবিহনে তেওঁ বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব, এই আদালততে তেওঁ নিজৰ পাছপ’ৰ্ট জমা দিব লাগিব, তেওঁৰ গোচৰৰ তদন্তকাৰী বিষয়াক অৱগত নকৰাকৈ তেওঁ এৰিব নোৱাৰিব মুম্বাই, তেওঁ সৈতে এই গোচৰত অভিযুক্ত হোৱা আন লোকসকলৰ সৈতে ৰাখিব নোৱাৰিব যোগাযোগ, সংবাদ মাধ্যমৰ আগত তেওঁ কোনো ধৰণৰ মন্তব্য কৰিব নোৱাৰিব।


ইয়াৰ উপৰি, আদালতে দিয়া সকলো তাৰিখতে তেওঁ আদালতত উপস্থিত থাকিব লাগিব। কোনো গ্ৰহণযোগ্য কাৰণতহে তেওঁ অনুপস্থিত নোহোৱাকৈ থাকিব পাৰিব। প্ৰতি শুকুৰবাৰে দিনৰ ১১বজাৰ পৰা ২বজাৰ ভিতৰত তেওঁ উপস্থিত হ’ব লাগিব এনচিবিৰ মুম্বাই অফিচত। এনচিবি-এ যেতিয়াই তেওঁক তদন্তৰ কাৰণে বিচাৰিব তেতিয়াই তেওঁ হাজিৰ হ’ব লাগিব এনচিবৰ কাৰ্যালয়ত। এবাৰ ইয়াৰ বিচাৰপ্ৰক্ৰিয়া আৰম্ভ হৈ গ’লে আৰিয়ানে এই প্ৰক্ৰিয়াত বিলম্ব ঘটাব নোৱাৰিব। তেওঁৰ বিৰুদ্ধে যি অভিযোগত গোচৰ ৰুজু হৈছে, সেই একেধৰণৰ অপৰাধ তেওঁ কৰিব নোৱাৰিব। তেওঁ কোনো প্ৰমাণ নষ্ট কৰিব নোৱাৰিব আৰু কোনো সাক্ষীকে প্ৰভাৱিত কৰিব নোৱাৰিব। প্ৰিজুডিচিয়েল কোনো কাৰ্যই তেওঁ কৰিব নোৱাৰিব। যদিহে এই চৰ্তসমূহৰ কোনোবাটো আৰিয়ান খানে ভংগ কৰে তেন্তে এনচিবি-এ লগে লগে এনডিপিএছ আদালতত তেওঁৰ জামিন খাৰিজ কৰিবলৈ আবেদন কৰিব পাৰিব।


এইসমূহ নীতি-নিয়ম মানি চলিবলগীয়া হোৱাৰ অৰ্থ এটাই যে, আৰিয়ান খানে তেওঁৰ স্বাভাৱিক জীৱনৰ ছন্দ ঘূৰাই পাবলৈ এতিয়াও বহু বাকী আছে। মুকলি মনেৰে ঘূৰা-ফিৰা, বন্ধবৰ্গৰে মিলিত হোৱাকে ধৰি বহু কাৰ্যৰে পৰা তেওঁ এতিয়া বিৰত থাকিব লাগিব। একঅৰ্থত তেওঁ কাৰাগাৰৰ বাহিৰতো বন্দীৰ জীৱনেই অতিবাহিত কৰিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?