--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত পেট্ৰ’ল-ডিজেলৰ দৰে অত্যাৱশ্যকীয় ইন্ধন আৰু ৰন্ধন গেছৰ দামে এতিয়া আকাশ চুইছে। প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে পেট্ৰ’ল-ডিজেলৰ দাম। এই পৰিস্থিতিক লৈ পুনৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

ৰাহুলে শনিবাৰে কেন্দ্ৰৰ আক্ৰমণ কৰি সোঁৱৰাই দিয়ে য়ে কেন্দ্ৰত ইউপিএ চৰকাৰ শাসনত থকাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বহু বেছি আছিল কিন্তু তেলৰ দাম আকাশলংঘী হোৱা নাছিল। এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বহু কম হোৱাৰ পাছতো জনসাধাৰণক অতি উচ্চ হাৰত ইন্ধন ক্ৰয় কৰিবলৈ বাধ্য কৰোঁৱা হৈছে। ‘ইউ পি এ চৰকাৰৰ দিনত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম প্ৰতি বেৰেলত আছিল ১৪০ ডলাৰ। এতিয়া খাৰুৱা তেলৰ দাম বহু কম হোৱাৰ পাছতো জনসাধাৰণে চৰা দামত পেট্ৰ’ল-ডিজেল কিনিবলগীয়া হৈছে। ভাৰতত এতিয়া ইন্ধনৰ ওপৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক হাৰত কৰ আদায় লোৱা হয়।’ ৰাহুলে তেওঁৰ গোৱা ভ্ৰমণৰ সময়ত এই মন্তব্য কৰিছে। উল্লেখ্য যে, অহা বছৰ উপকূলীয় ৰাজ্যখনত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাহুলে গোৱা ভ্ৰমণ কৰিছে। এই কাৰ্যসূচীৰ মাজতে এনেদৰে তেওঁ চৰকাৰক সমালোচনা কৰে।


মন কৰিবলগীয়া যে, বিভিন্ন বিশেষজ্ঞয়ো পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস কৰাৰ বাবে ইয়াৰ ওপৰত চৰকাৰে আৰোপ কৰা কৰ কম কৰাৰ আহ্বান জনাইছে। ভাৰতত এতিয়া প্ৰায় ৫৪শতাংশ কৰ আৰোপিত হৈ আছে পেট্ৰ’ল-ডিজেলৰ দৰে অত্যাৱশ্যকীয় ইন্ধনৰ ওপৰত। এয়া বিশ্বৰ ভিতৰতে বেছি বুলি চিহ্নিত হৈছে। ইফালে মোদীৰ ঘনিষ্ঠ কেইজনমান উদ্যোগপতি তথা বিয়াগোম ব্যৱসায়ীকো আক্ৰমণ কৰে ৰাহুল গান্ধীয়ে। কাৰো নাম নোলোৱাকৈ আম্বানী, আদানীৰ দৰে মোদীৰ ঘনিষ্ঠ বুলি জনাজাত চাৰি-পাঁচজনমান ব্যৱসায়ীক উদ্দেশ্য কৰি তেওঁলোকৰ স্বাৰ্থতে এনেদৰে পেট্ৰ’ল-ডিজেলৰ দাম ব্যাপকভাৱে বৃদ্ধি কৰা হৈছে বুলি অভিযোগ কৰে ৰাহুলে। ‘আপুনি যদি সাৱধানতাৰে লক্ষ্য কৰে দেখিব যে, ইন্ধনৰ এনে চৰা দামৰ পৰা দেশৰ ৪-৫জনমান ব্যৱসায়ীয়ে লাভ আদায় কৰি আছে।’ ৰাহুলে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ