--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত পেট্ৰ’ল-ডিজেলৰ দৰে অত্যাৱশ্যকীয় ইন্ধন আৰু ৰন্ধন গেছৰ দামে এতিয়া আকাশ চুইছে। প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে পেট্ৰ’ল-ডিজেলৰ দাম। এই পৰিস্থিতিক লৈ পুনৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

ৰাহুলে শনিবাৰে কেন্দ্ৰৰ আক্ৰমণ কৰি সোঁৱৰাই দিয়ে য়ে কেন্দ্ৰত ইউপিএ চৰকাৰ শাসনত থকাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বহু বেছি আছিল কিন্তু তেলৰ দাম আকাশলংঘী হোৱা নাছিল। এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বহু কম হোৱাৰ পাছতো জনসাধাৰণক অতি উচ্চ হাৰত ইন্ধন ক্ৰয় কৰিবলৈ বাধ্য কৰোঁৱা হৈছে। ‘ইউ পি এ চৰকাৰৰ দিনত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম প্ৰতি বেৰেলত আছিল ১৪০ ডলাৰ। এতিয়া খাৰুৱা তেলৰ দাম বহু কম হোৱাৰ পাছতো জনসাধাৰণে চৰা দামত পেট্ৰ’ল-ডিজেল কিনিবলগীয়া হৈছে। ভাৰতত এতিয়া ইন্ধনৰ ওপৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক হাৰত কৰ আদায় লোৱা হয়।’ ৰাহুলে তেওঁৰ গোৱা ভ্ৰমণৰ সময়ত এই মন্তব্য কৰিছে। উল্লেখ্য যে, অহা বছৰ উপকূলীয় ৰাজ্যখনত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাহুলে গোৱা ভ্ৰমণ কৰিছে। এই কাৰ্যসূচীৰ মাজতে এনেদৰে তেওঁ চৰকাৰক সমালোচনা কৰে।


মন কৰিবলগীয়া যে, বিভিন্ন বিশেষজ্ঞয়ো পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস কৰাৰ বাবে ইয়াৰ ওপৰত চৰকাৰে আৰোপ কৰা কৰ কম কৰাৰ আহ্বান জনাইছে। ভাৰতত এতিয়া প্ৰায় ৫৪শতাংশ কৰ আৰোপিত হৈ আছে পেট্ৰ’ল-ডিজেলৰ দৰে অত্যাৱশ্যকীয় ইন্ধনৰ ওপৰত। এয়া বিশ্বৰ ভিতৰতে বেছি বুলি চিহ্নিত হৈছে। ইফালে মোদীৰ ঘনিষ্ঠ কেইজনমান উদ্যোগপতি তথা বিয়াগোম ব্যৱসায়ীকো আক্ৰমণ কৰে ৰাহুল গান্ধীয়ে। কাৰো নাম নোলোৱাকৈ আম্বানী, আদানীৰ দৰে মোদীৰ ঘনিষ্ঠ বুলি জনাজাত চাৰি-পাঁচজনমান ব্যৱসায়ীক উদ্দেশ্য কৰি তেওঁলোকৰ স্বাৰ্থতে এনেদৰে পেট্ৰ’ল-ডিজেলৰ দাম ব্যাপকভাৱে বৃদ্ধি কৰা হৈছে বুলি অভিযোগ কৰে ৰাহুলে। ‘আপুনি যদি সাৱধানতাৰে লক্ষ্য কৰে দেখিব যে, ইন্ধনৰ এনে চৰা দামৰ পৰা দেশৰ ৪-৫জনমান ব্যৱসায়ীয়ে লাভ আদায় কৰি আছে।’ ৰাহুলে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু