--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ কামেং নদী হঠাতে ক'লা হৈ পৰিল। যাৰ ফলত হাজাৰ হাজাৰ মাছৰ মৃত্যু হয়। নদীখনৰ হাজাৰ হাজাৰ মৰা মাছ ওপঙি উঠাত আতংক বিয়পি পৰিছে পূব কামেং জিলাত। কামেং নদীখনৰ পানী ক'লা হোৱাৰ কাৰণ হিচাপে পানীত TDSৰ পৰিমাণ বৃদ্ধি হোৱা বুলি দাবী কৰিছে চেপ্পা জিলা মীন বিষয়াই। নৈখনৰ মাছ নাখাবলৈ স্থানীয় লোকসকলক প্ৰশাসনে আহ্বান জনাইছে।

চেপ্পা গাঁৱৰ বাসিন্দাসকলে চীনক দোষাৰোপ কৰি দাবী কৰিছে যে সীমান্তৰ ওপৰেৰে চুবুৰীয়া দেশখনে চলোৱা নিৰ্মাণ কাৰ্যকলাপৰ বাবে টিডিএছৰ স্তৰ বিপদজনকভাৱে উচ্চ হৈ গৈছে।চেপ্পা পূবৰ বিধায়ক তাপুক টাকুৱে ৰাজ্য চৰকাৰক কামেং নদীৰ পানীৰ আকস্মিক পৰিৱৰ্তন আৰু বৃহৎ পৰিমাণৰ মাছৰ মৃত্যুৰ কাৰণ জানিবলৈ তাৎক্ষণিকভাৱে বিশেষজ্ঞৰ এখন সমিতি গঠন কৰিবলৈ আহ্বান জনায়।

কাৰ দোষৰ বলি?

উল্লখ্য যে ২০১৭ চনত পাচিঘাটত চিয়াং নদীৰ পানী ক'লা হৈছিল। চিয়াঙৰ পানী জিংজিয়াঙালৈ নিবলৈ চীনে ১০,০০০ কিলোমিটাৰ দীঘল সুৰংগ নিৰ্মাণ কৰা বাবে পানী ঘোলা হোৱা বুলি দাবী কৰিছিল অৰুণাচল পূবৰ সাংসদ নিনং এৰিঙে। এতিয়া এইবাৰ কামেঙৰ পানী হঠাতে ক'লা হৈ যোৱাত উদ্বিগ্ন হৈ পৰিছে স্থানীয় লোক। স্থানীয় লোকসকলে আতংক প্ৰকাশ কৰি কয় যে যদি এনেকুৱাকৈ অধিক সময় ধৰি চলি থাকে, তেন্তে নদীৰ পৰা জলজ জীৱন সম্পূৰ্ণৰূপে নাইকিয়া হ'ব।" ২০১৭ চনত চীনৰ প্ৰতি উঠা অভিযোগ অস্বীকাৰ কৰিছিল চীনে। এইবাৰ আকৌ চীনৰ ওপৰতে সন্দেহৰ প্ৰশ্ন উঠাত চীনে কি উত্তৰ দিয়ে সেয়াহে হ'ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে