--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ কামেং নদী হঠাতে ক'লা হৈ পৰিল। যাৰ ফলত হাজাৰ হাজাৰ মাছৰ মৃত্যু হয়। নদীখনৰ হাজাৰ হাজাৰ মৰা মাছ ওপঙি উঠাত আতংক বিয়পি পৰিছে পূব কামেং জিলাত। কামেং নদীখনৰ পানী ক'লা হোৱাৰ কাৰণ হিচাপে পানীত TDSৰ পৰিমাণ বৃদ্ধি হোৱা বুলি দাবী কৰিছে চেপ্পা জিলা মীন বিষয়াই। নৈখনৰ মাছ নাখাবলৈ স্থানীয় লোকসকলক প্ৰশাসনে আহ্বান জনাইছে।

চেপ্পা গাঁৱৰ বাসিন্দাসকলে চীনক দোষাৰোপ কৰি দাবী কৰিছে যে সীমান্তৰ ওপৰেৰে চুবুৰীয়া দেশখনে চলোৱা নিৰ্মাণ কাৰ্যকলাপৰ বাবে টিডিএছৰ স্তৰ বিপদজনকভাৱে উচ্চ হৈ গৈছে।চেপ্পা পূবৰ বিধায়ক তাপুক টাকুৱে ৰাজ্য চৰকাৰক কামেং নদীৰ পানীৰ আকস্মিক পৰিৱৰ্তন আৰু বৃহৎ পৰিমাণৰ মাছৰ মৃত্যুৰ কাৰণ জানিবলৈ তাৎক্ষণিকভাৱে বিশেষজ্ঞৰ এখন সমিতি গঠন কৰিবলৈ আহ্বান জনায়।

কাৰ দোষৰ বলি?

উল্লখ্য যে ২০১৭ চনত পাচিঘাটত চিয়াং নদীৰ পানী ক'লা হৈছিল। চিয়াঙৰ পানী জিংজিয়াঙালৈ নিবলৈ চীনে ১০,০০০ কিলোমিটাৰ দীঘল সুৰংগ নিৰ্মাণ কৰা বাবে পানী ঘোলা হোৱা বুলি দাবী কৰিছিল অৰুণাচল পূবৰ সাংসদ নিনং এৰিঙে। এতিয়া এইবাৰ কামেঙৰ পানী হঠাতে ক'লা হৈ যোৱাত উদ্বিগ্ন হৈ পৰিছে স্থানীয় লোক। স্থানীয় লোকসকলে আতংক প্ৰকাশ কৰি কয় যে যদি এনেকুৱাকৈ অধিক সময় ধৰি চলি থাকে, তেন্তে নদীৰ পৰা জলজ জীৱন সম্পূৰ্ণৰূপে নাইকিয়া হ'ব।" ২০১৭ চনত চীনৰ প্ৰতি উঠা অভিযোগ অস্বীকাৰ কৰিছিল চীনে। এইবাৰ আকৌ চীনৰ ওপৰতে সন্দেহৰ প্ৰশ্ন উঠাত চীনে কি উত্তৰ দিয়ে সেয়াহে হ'ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?