--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পুত্ৰৰ কলংকিত অধ্যায়ৰ বাবে নাম ডুবিব নেকি শ্বাহৰুখ খানৰ? ইটোৰ পাছত সিটো প্ৰজেক্টৰ পৰা আঁতৰি আহিছে বলীউড বাদশ্বাহ। আইনী মেৰপেচৰ পৰা উদ্ধাৰ কৰিব পৰা নাই পুত্ৰ আৰিয়ানক। ইফালে আৰিয়ান আৰু তেওঁৰ সহযোগীসকলক গ্ৰেপ্তাৰ কৰাৰ পাছতো থমকি ৰোৱা নাই নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো অৰ্থাৎ এনচিবি।

দিন যোৱাৰ লগে লগে অধিক গভীৰতালৈ শিপাইছে অনুসন্ধান। বাদশ্বাহ পুত্ৰৰ বিৰুদ্ধে অধিক তত্প ৰ হৈ পৰিছে এনচিবি। এইবাৰ এনচিবি-ৰ লক্ষ্য বলীউডৰ প্ৰযোজক। আজি বলীউড প্ৰযোজক ইমতিয়াজ খাত্ৰীৰ বান্দ্ৰাৰ ঘৰ আৰু কাৰ্যালয়ত এনচিবি-এ চলাইছে তালাচী। জানিব পৰা মতে, ইমতিয়াজৰ আছে অলেখ ক’লা অধ্যায়। ড্ৰাগছ কেলেংকাৰীত এইবাৰেই প্ৰথম তেওঁৰ নাম সাঙোৰ খোৱা নাই। পূৰ্বেও, ইমতিয়াজৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল আৰক্ষী প্ৰশাসনে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সময়তো ড্ৰাগছ যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছিল ইমতিয়াজ খাত্ৰীৰ বিৰুদ্ধে।

উল্লেখ্য যে, প্ৰয়াত অভিনেতাজনৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোডীৰ উকীলে ইমতিয়াজ খাত্ৰীৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইক একাধিক তথ্য যোগান ধৰিছিল। সুশান্ত সিং ৰাজপুতে ইমতিয়াজৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰা বুলিও দাবী শ্ৰুতিৰ। বিভিন্ন নেতা আৰু মন্ত্ৰীসকলৰ সৈতেও ইমতিয়াজে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিশেষকৈ কংগ্ৰেছৰে ঘনিষ্ঠ ইমতিয়াজ। বলীউডৰ বহু খ্যাতনামা তাৰকাক নিয়মীয়াকৈ ড্ৰাগছো যোগান ধৰি আহিছে ইমতিয়াজে। শ্ৰুতিয়ে কয়, ‘মই বলীউডৰ বহুতক চিনি পাওঁ যিয়ে নিয়মীয়াকৈ ইমতিয়াজৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰে।’ মনীষ মালহোত্ৰা, সূৰজ পাঞ্চালী আৰু গুৰু ৰান্ধাৱাৰ দৰে তাৰকাৰ সৈতেও একাধিকবাৰ দেখা গৈছে ইমতিয়াজক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ