--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পুত্ৰৰ কলংকিত অধ্যায়ৰ বাবে নাম ডুবিব নেকি শ্বাহৰুখ খানৰ? ইটোৰ পাছত সিটো প্ৰজেক্টৰ পৰা আঁতৰি আহিছে বলীউড বাদশ্বাহ। আইনী মেৰপেচৰ পৰা উদ্ধাৰ কৰিব পৰা নাই পুত্ৰ আৰিয়ানক। ইফালে আৰিয়ান আৰু তেওঁৰ সহযোগীসকলক গ্ৰেপ্তাৰ কৰাৰ পাছতো থমকি ৰোৱা নাই নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো অৰ্থাৎ এনচিবি।

দিন যোৱাৰ লগে লগে অধিক গভীৰতালৈ শিপাইছে অনুসন্ধান। বাদশ্বাহ পুত্ৰৰ বিৰুদ্ধে অধিক তত্প ৰ হৈ পৰিছে এনচিবি। এইবাৰ এনচিবি-ৰ লক্ষ্য বলীউডৰ প্ৰযোজক। আজি বলীউড প্ৰযোজক ইমতিয়াজ খাত্ৰীৰ বান্দ্ৰাৰ ঘৰ আৰু কাৰ্যালয়ত এনচিবি-এ চলাইছে তালাচী। জানিব পৰা মতে, ইমতিয়াজৰ আছে অলেখ ক’লা অধ্যায়। ড্ৰাগছ কেলেংকাৰীত এইবাৰেই প্ৰথম তেওঁৰ নাম সাঙোৰ খোৱা নাই। পূৰ্বেও, ইমতিয়াজৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল আৰক্ষী প্ৰশাসনে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সময়তো ড্ৰাগছ যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছিল ইমতিয়াজ খাত্ৰীৰ বিৰুদ্ধে।

উল্লেখ্য যে, প্ৰয়াত অভিনেতাজনৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোডীৰ উকীলে ইমতিয়াজ খাত্ৰীৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইক একাধিক তথ্য যোগান ধৰিছিল। সুশান্ত সিং ৰাজপুতে ইমতিয়াজৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰা বুলিও দাবী শ্ৰুতিৰ। বিভিন্ন নেতা আৰু মন্ত্ৰীসকলৰ সৈতেও ইমতিয়াজে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিশেষকৈ কংগ্ৰেছৰে ঘনিষ্ঠ ইমতিয়াজ। বলীউডৰ বহু খ্যাতনামা তাৰকাক নিয়মীয়াকৈ ড্ৰাগছো যোগান ধৰি আহিছে ইমতিয়াজে। শ্ৰুতিয়ে কয়, ‘মই বলীউডৰ বহুতক চিনি পাওঁ যিয়ে নিয়মীয়াকৈ ইমতিয়াজৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰে।’ মনীষ মালহোত্ৰা, সূৰজ পাঞ্চালী আৰু গুৰু ৰান্ধাৱাৰ দৰে তাৰকাৰ সৈতেও একাধিকবাৰ দেখা গৈছে ইমতিয়াজক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু