--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এগৰাকী অসমীয়াৰ নেতৃত্বত চলিব জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদবিৰোধী অভিযান। জম্মু-কাশ্মীৰত নতুনকৈ উক দিয়া সন্ত্ৰাসবাদক দমনৰ বাবে কাশ্মীৰ উপত্যকাত ভৰি দিছে এগৰাকী পৰাক্ৰমী অসমীয়াই। এইগৰাকী চোৰাংচোৱা বিষয়াৰ তত্তাৱধানতে জম্মু-কাশ্মীৰত চলিব পাক সমৰ্থিত সন্ত্ৰাসবাদ দমন অভিযান। তেওঁ হৈছে তপন কুমাৰ ডেকা। তপন ডেকাৰ বিষয়ে সবিশেষ জনাৰ আগতে জানি লওক আহক এতিয়া ঘটিছে জম্মু-কাশ্মীৰত… পুনৰ অৱনতি ঘটিছে জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ। সন্ত্ৰাসজৰ্জৰ উপত্যকাটোত সন্ত্ৰাসবাদীয়ে আতংক বিয়পোৱাৰ বাবে নতুন কৌশল ব্যৱহাৰ কৰিছে। এতিয়া সাধাৰণ নাগৰিকৰ ওপৰত ধাৰাবাহিকভাৱে চলিছে আক্ৰমণ।

কাশ্মীৰী পণ্ডিত, শিখকে ধৰি তাত থকা ধৰ্মীয় সংখ্যালঘু লোকক আক্ৰমণৰ প্ৰধান লক্ষ্য কৰি লোৱা হৈছে। ফাৰ্মাচিষ্ট, স্কুল শিক্ষক, ফুচকা বিক্ৰেতা, কেব ড্ৰাইভাৰ কোনো সাৰি যোৱা নাই এই নৃশংস আক্ৰমণৰ পৰা। শ্ৰীনগৰতে বিগত কেইটামান দিনত পাঁচজনকৈ লোকক গুলীয়াই হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে। আটাইকেইজন আছিল সাধাৰণ নাগৰিক। এনে পৰিস্থিতিত উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। কেৱল কেন্দ্ৰই নহয়, বিভিন্ন বিৰোধী দলসমূহেও এই পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। এই পৰিস্থিতিৰ বাবে কেন্দ্ৰক জগৰীয়া কৰিছে মেহবুবা মুফটীৰ দৰে ৰাজনীতিকে। প্ৰিয়ংকা গান্ধীয়ে কাশ্মীৰৰ ভাতৃ-ভগ্নীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে। এনে পৰিস্থিতিত স্বাভাৱিকতে হাত সাবটি বহি থকা নাই কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ শীৰ্ষ নিৰাপত্তা সংস্থাসমূহৰ সৈতে বৃহস্পতিবাৰে ৫ ঘণ্টীয়া মাৰাথন বৈঠকত ভাগ লয়। তাৰ পাছতে জম্মু-কাশ্মীৰলৈ পঠিওৱা গৈছে কেন্দ্ৰৰ বিশেষ বাহিনী।

উপত্যকাটোৰ সাধাৰণ নাগৰিকৰ জীৱনক নিৰাপত্তাহীন কৰি তোলা এই সন্ত্ৰাসবাদীসকল পাকিস্তানক লস্কৰ ঈ তৈবাৰ মদদপুষ্ট বুলি তথ্য লাভ কৰিছে চোৰাংচোৱা সংস্থাসমূহে। সেয়েহে কেন্দ্ৰই গ্ৰহণ কৰিছে তৎপৰ পদক্ষেপ। সন্ত্ৰাসবাদীক নিপাত কৰাৰ বাবে কেন্দ্ৰৰ সন্ত্ৰাসবাদবিৰোধী বিশেষ বিশেষজ্ঞৰ দলে ইতিমধ্যে ভৰি দিছে জম্মু-কাশ্মীৰত। স্থানীয় আৰক্ষী আৰু আন নিৰাপত্তাবাহিনীসমূহৰ সহযোগত তেওঁলোকে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অতি ক্ষিপ্ৰ আৰু কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব। অমিত শ্বাহৰ কঠোৰ নিৰ্দেশৰ পাছতে এই তৎপৰতা আৰম্ভ হৈছে কাশ্মীৰ উপত্যকাত। এই অভিযানৰ সম্পূৰ্ণ তত্তাৱধান কৰিব অসম সন্তান তপন কুমাৰ ডেকাই। তেওঁ সন্ত্ৰাসবাদীৰ সকলো গতি-বিধি নিৰীক্ষণ কৰাৰ লগতে নিৰাপত্তাবাহিনীৰ অভিযানৰ পৰিকল্পনাও যুগুক কৰিব।


তপন ডেকা হৈছে ইণ্টেলিজেন্স ব্যুৰোৰ বিশেষ সঞ্চালক। এইবছৰৰ জুন মাহত তেওঁক এই গুৰুত্বপূৰ্ণ পদবীত ন্যস্ত কৰা হৈছিল। ১৯৮৮ চনৰ আইপিএছ বিষয়াগৰাকীয়ে তেওঁৰ দক্ষতাৰে কেন্দ্ৰীয় গৃহ বিভাগৰ বাবে অতি গুৰুত্বপূ্ৰ্ণ হৈ পৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহেও সেইবাবে তেওঁৰ ওপৰতে ন্যস্ত কৰিছে গধুৰ দায়িত্ব। এতিয়া সন্ত্ৰাসবাদবিৰোধী অভিযানক নেতৃত্ব প্ৰদানৰ বাবে তেওঁ কেন্দ্ৰৰ বিশেষ বাহিনীৰ সৈতে জম্মু-কাশ্মীৰত উপস্থিত হৈছে। মন কৰিবলগীয়া যে, তপন কুমাৰ ডেকা আছিল সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা। তেওঁ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হিচাপেও দায়িত্ব লোৱাৰ কথা চৰ্চা হৈছিল যদিও কেন্দ্ৰই তেওঁক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আইবিৰ বিশেষ সঞ্চালকৰ দায়িত্ব অৰ্পন কৰা হয়। এগৰাকী অভিযান বিশেষজ্ঞ ডেকাই ১৯৯৩চনৰ পৰা ২০০১ চনলৈ আলফাবিৰোধী অভিযান চলাইছিল বুলি জনা যায়। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ অতি ঘনিষ্ঠ বুলি পৰিচিত ডেকাই ২০১২চনৰ পৰা ২০১৫চনলৈ ৱাশ্বিংটনত ভাৰতৰ শীৰ্ষ পৰ্যায়ৰ চোৰাংচোৱা হিচাপে কাম কৰিছিল। তেজপুৰ ডাঙৰ দীঘল হোৱা তপন কুমাৰ ডেকা সৰুৰে পৰা আছিল অতি মেধাৱী ছাত্ৰ আৰু তেওঁ ভাৰতীয় অসামৰিক পৰীক্ষাত এবাৰতে উত্তীৰ্ণ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ