--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পুত্ৰৰ কলংকিত কাণ্ডৰ ছিটিকনি পৰিছে শ্বাহৰুখৰ গাতো। পদে পদে বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে কিং খান। পুত্ৰৰ কু-কীৰ্তি শ্বাহৰুখৰ বাবে হৈ পৰিছে হেঙাৰ! বাদশ্বাহ পুত্ৰৰ খবৰ বিয়পি পৰাৰ লগে লগে পিতৃৰ জীৱনলৈও নামি আহিছে অমানিশা। বিজ্ঞাপনৰ পৰাও স্থান হেৰুৱাবলগীয়া হৈছে বলীউড বাদশ্বাহে! শেহতীয়াকৈ তেনে এক ঘটনাই পোহৰলৈ আহিছে।

আৰিয়ান

এটা প্ৰতিষ্ঠিত অনলাইন শিক্ষা প্ৰতিষ্ঠানৰ বিজ্ঞাপনৰ পৰা শ্বাহৰুখক আঁতৰোৱা হ’ব বুলি দাবী উত্থাপন হৈছিল। অৱশেষত, কোম্পানীটোৱে কথা দি কথা ৰাখিলে। কোম্পানীটোৱে শ্বাহৰুখৰ সকলো বিজ্ঞাপন বন্ধ কৰি দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। 'ইকনমিক টাইমছ'ত প্ৰকাশিত এই প্ৰতিবেদনখনে সকলোৰে চকু কপালত তুলিছে। আৰিয়ানে ড্ৰাগছৰ গোচৰত অভিযুক্ত হোৱাৰ পাছতে বিভিন্ন ক্ষেত্ৰৰ পৰা সমালোচনাৰ সন্মুখীন হৈছে শ্বাহৰুখ খান।

উল্লেখ্য যে, শ্বাহৰুখে কোম্পানীটোৰ হৈ শিশু শিক্ষাৰ এটা বিজ্ঞাপন কৰিছিল। বিজ্ঞাপনটো সামাজিক মাধ্যমত প্ৰচাৰ লাভ কৰাৰ সময়তে শ্বাহৰুখক লৈ তিক্ত মন্তব্য কৰিছে একাংশই। নিজৰ পুত্ৰই যেতিয়া অবাটে গৈছে তেনেস্থলত শিশুৰ শিক্ষা বিষয়ক কথা শ্বাহৰুখৰ মুখত শোভা নাপায় বুলি কটাক্ষ বাদশ্বাহক। অভিনেতাজনক তৎক্ষণাৎ বিজ্ঞাপনৰ পৰা আঁতৰাবলৈও দাবী জনাইছিল একাংশই। অৱশেষত কোম্পানীটোৱে বন্ধ কৰি দিলে শ্বাহৰুখৰ বিজ্ঞাপন। উল্লেখ্য যে, শ্বাহৰুখ কোম্পানীটোৰ ব্ৰেণ্ড এম্বেচেডৰ। বিজ্ঞাপন বন্ধ কৰিলেও ব্ৰেণ্ড এম্বেচেডৰ হিচাপে শ্বাহৰুখক ৰখা হৈছে নে নাই সেয়া এতিয়াও জানিবলৈ পোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ