--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পুত্ৰৰ কলংকিত কাণ্ডৰ ছিটিকনি পৰিছে শ্বাহৰুখৰ গাতো। পদে পদে বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে কিং খান। পুত্ৰৰ কু-কীৰ্তি শ্বাহৰুখৰ বাবে হৈ পৰিছে হেঙাৰ! বাদশ্বাহ পুত্ৰৰ খবৰ বিয়পি পৰাৰ লগে লগে পিতৃৰ জীৱনলৈও নামি আহিছে অমানিশা। বিজ্ঞাপনৰ পৰাও স্থান হেৰুৱাবলগীয়া হৈছে বলীউড বাদশ্বাহে! শেহতীয়াকৈ তেনে এক ঘটনাই পোহৰলৈ আহিছে।

আৰিয়ান

এটা প্ৰতিষ্ঠিত অনলাইন শিক্ষা প্ৰতিষ্ঠানৰ বিজ্ঞাপনৰ পৰা শ্বাহৰুখক আঁতৰোৱা হ’ব বুলি দাবী উত্থাপন হৈছিল। অৱশেষত, কোম্পানীটোৱে কথা দি কথা ৰাখিলে। কোম্পানীটোৱে শ্বাহৰুখৰ সকলো বিজ্ঞাপন বন্ধ কৰি দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। 'ইকনমিক টাইমছ'ত প্ৰকাশিত এই প্ৰতিবেদনখনে সকলোৰে চকু কপালত তুলিছে। আৰিয়ানে ড্ৰাগছৰ গোচৰত অভিযুক্ত হোৱাৰ পাছতে বিভিন্ন ক্ষেত্ৰৰ পৰা সমালোচনাৰ সন্মুখীন হৈছে শ্বাহৰুখ খান।

উল্লেখ্য যে, শ্বাহৰুখে কোম্পানীটোৰ হৈ শিশু শিক্ষাৰ এটা বিজ্ঞাপন কৰিছিল। বিজ্ঞাপনটো সামাজিক মাধ্যমত প্ৰচাৰ লাভ কৰাৰ সময়তে শ্বাহৰুখক লৈ তিক্ত মন্তব্য কৰিছে একাংশই। নিজৰ পুত্ৰই যেতিয়া অবাটে গৈছে তেনেস্থলত শিশুৰ শিক্ষা বিষয়ক কথা শ্বাহৰুখৰ মুখত শোভা নাপায় বুলি কটাক্ষ বাদশ্বাহক। অভিনেতাজনক তৎক্ষণাৎ বিজ্ঞাপনৰ পৰা আঁতৰাবলৈও দাবী জনাইছিল একাংশই। অৱশেষত কোম্পানীটোৱে বন্ধ কৰি দিলে শ্বাহৰুখৰ বিজ্ঞাপন। উল্লেখ্য যে, শ্বাহৰুখ কোম্পানীটোৰ ব্ৰেণ্ড এম্বেচেডৰ। বিজ্ঞাপন বন্ধ কৰিলেও ব্ৰেণ্ড এম্বেচেডৰ হিচাপে শ্বাহৰুখক ৰখা হৈছে নে নাই সেয়া এতিয়াও জানিবলৈ পোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু