--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ''সমাজত আমি আৰু মূৰ তুলি জীয়াই থাকিব নোৱাৰো। আমি বৰ লাজত পৰিলোঁ…মানুহৰ আগত মুখ উলিয়াম কেনেকৈ!'' এনেদৰে ছুইছাইড নোট লিখি আত্মহত্যা মাতৃ-কন্যাৰ৷ আত্মহত্যাকাৰীক আৰক্ষীয়ে সঞ্জু দেৱী আৰু ৰূপা কুমাৰী বুলি চিনাক্ত কৰিছে। ঘটনা অনুসৰি বিহাৰৰ মাধোৰা আৰক্ষী থানা অঞ্চলৰ পাথৰীত ৪০ লাখ টকাৰ এক ডাঙৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল।

৫ জনীয়া ডকাইতৰ দলটোত আছিল চনু পাণ্ডে নামৰ এজন যুৱক৷ চনু পাণ্ডে আৰু বাকী ডকাইতকেইজনে মুকুন্দ পাঠক নামৰ এজন যুৱকৰ পৰা ৪০ লাখ টকা লুটি নিয়ে৷ মুকুন্দ পাঠকে এক্সিছ বেংকৰ পৰা ৪০ লাখ টকা উলিয়াই অকলে ঘৰলৈ উভতিছিল৷ বেংকৰ পৰা প্ৰায় ২০০ মিটাৰ আগবাঢ়ি যাওতেই দুখন বাইকত অহা ৫ জন ডকাইতে তেওঁক আগভেটি ধৰে আৰু চোকা অস্ত্ৰ দেখুৱাই ৪০ লাখ টকা লুটি লৈ যায়৷ মুকুন্দ পাঠকে থানাত এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে জোৰদাৰ তদন্ত চলায়৷ চিচি টিভি ফুটেজ পৰীক্ষা কৰাৰ পাছত ডকাইতৰ দলটোৰ মুখকেইখন ধৰা পৰে৷

সেই অনুসৰি চনু পাণ্ডেৰ ঘৰত তালাচী চলাওতে ৬ লাখ টকা আৰু চোকা অস্ত্ৰ জব্দ কৰে আৰক্ষীয়ে৷ ঘটনাৰ বিষয়ে একো নজনা চনু পাণ্ডেৰ মাতৃ আৰু বায়েকে এই কাণ্ডত শোকত ভাঙি পৰে৷ তেওঁলোকে চনুৰ কাণ্ডত ইমানেই মানসিক আঘাত পায় যে আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰে৷ডিঙিত চিপ লৈ আত্মহত্যা কৰে সঞ্জু দেৱী আৰু ৰূপা কুমাৰীয়ে৷

আৰক্ষীয়ে তেওঁলোকৰ কোঠাত উদ্ধাৰ কৰা ছুইচাইড নোটত লিখা অনুসৰি, ''আমি আমাৰ ল'ৰাৰ কাণ্ডত অতি লজ্জিত৷ কোনোদিন আৰু আমি সমাজৰ আগত মুখ দেখুৱাব নোৱাৰিম৷ এনেদৰে জীয়াই থকাতকৈ আমি এই পৃথিৱীৰ পৰা চিৰবিদায় লোৱাৰ সিদ্ধান্ত ল'লো৷'' চনু পাণ্ডে বৰ্তমান পলাতক অৱস্থাত আছে৷ আৰক্ষীৰ তদন্ত অব্যাহত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু