--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ''সমাজত আমি আৰু মূৰ তুলি জীয়াই থাকিব নোৱাৰো। আমি বৰ লাজত পৰিলোঁ…মানুহৰ আগত মুখ উলিয়াম কেনেকৈ!'' এনেদৰে ছুইছাইড নোট লিখি আত্মহত্যা মাতৃ-কন্যাৰ৷ আত্মহত্যাকাৰীক আৰক্ষীয়ে সঞ্জু দেৱী আৰু ৰূপা কুমাৰী বুলি চিনাক্ত কৰিছে। ঘটনা অনুসৰি বিহাৰৰ মাধোৰা আৰক্ষী থানা অঞ্চলৰ পাথৰীত ৪০ লাখ টকাৰ এক ডাঙৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল।

৫ জনীয়া ডকাইতৰ দলটোত আছিল চনু পাণ্ডে নামৰ এজন যুৱক৷ চনু পাণ্ডে আৰু বাকী ডকাইতকেইজনে মুকুন্দ পাঠক নামৰ এজন যুৱকৰ পৰা ৪০ লাখ টকা লুটি নিয়ে৷ মুকুন্দ পাঠকে এক্সিছ বেংকৰ পৰা ৪০ লাখ টকা উলিয়াই অকলে ঘৰলৈ উভতিছিল৷ বেংকৰ পৰা প্ৰায় ২০০ মিটাৰ আগবাঢ়ি যাওতেই দুখন বাইকত অহা ৫ জন ডকাইতে তেওঁক আগভেটি ধৰে আৰু চোকা অস্ত্ৰ দেখুৱাই ৪০ লাখ টকা লুটি লৈ যায়৷ মুকুন্দ পাঠকে থানাত এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে জোৰদাৰ তদন্ত চলায়৷ চিচি টিভি ফুটেজ পৰীক্ষা কৰাৰ পাছত ডকাইতৰ দলটোৰ মুখকেইখন ধৰা পৰে৷

সেই অনুসৰি চনু পাণ্ডেৰ ঘৰত তালাচী চলাওতে ৬ লাখ টকা আৰু চোকা অস্ত্ৰ জব্দ কৰে আৰক্ষীয়ে৷ ঘটনাৰ বিষয়ে একো নজনা চনু পাণ্ডেৰ মাতৃ আৰু বায়েকে এই কাণ্ডত শোকত ভাঙি পৰে৷ তেওঁলোকে চনুৰ কাণ্ডত ইমানেই মানসিক আঘাত পায় যে আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰে৷ডিঙিত চিপ লৈ আত্মহত্যা কৰে সঞ্জু দেৱী আৰু ৰূপা কুমাৰীয়ে৷

আৰক্ষীয়ে তেওঁলোকৰ কোঠাত উদ্ধাৰ কৰা ছুইচাইড নোটত লিখা অনুসৰি, ''আমি আমাৰ ল'ৰাৰ কাণ্ডত অতি লজ্জিত৷ কোনোদিন আৰু আমি সমাজৰ আগত মুখ দেখুৱাব নোৱাৰিম৷ এনেদৰে জীয়াই থকাতকৈ আমি এই পৃথিৱীৰ পৰা চিৰবিদায় লোৱাৰ সিদ্ধান্ত ল'লো৷'' চনু পাণ্ডে বৰ্তমান পলাতক অৱস্থাত আছে৷ আৰক্ষীৰ তদন্ত অব্যাহত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ