--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰিয়ান খানৰ নাম ড্ৰাগছ কাণ্ডত নাম সাঙুৰ খোৱাৰ পাছত পিতৃ হিচাপে সমাজত লজ্জিত হৈছিল বলীউড বাদশ্বাহ শ্বাহৰুখ খান। পাছে এইবাৰ সৰু পুত্ৰ আবৰামে গৌৰাৱান্বিত কৰিলে শ্বাহৰুখ খানক। এই সময়ত কিং খানৰ বাসগৃহ মন্নতত আনন্দৰ বন্যা বৈ আছে। টাইকোৱাণ্ডো খেলত জয়লাভ কৰিছে শ্বাহৰুখৰ সৰু পুত্ৰ আবৰাম খানে। এই জয় দেখি শ্বাহৰুখ খানৰ হিয়া আনন্দত উথলি উঠিল। মঞ্চতে পুত্ৰক সাৱটি ধৰি মৰমেৰে চুমা খালে শ্বাহৰুখে।

বলীউড বাদশ্বাহ শ্বাহৰুখ খানেই কেৱল মানুহৰ হৃদয়ৰ ৰজা নহয়, এতিয়া যেন তেওঁৰ সৰু পুত্ৰয়েও সকলোৰে মনত থিতাপি লোৱাৰ দক্ষতা শিকিছে। স্কুলত টাইকোৱাণ্ডো খেলত জয়ী হৈ পিতৃ শ্বাহৰুখ খানক অপৰিসীম আনন্দ দিছে আবৰামে। শেহতীয়াকৈ মুম্বাইৰ টাইকোৱাণ্ডো ট্ৰেইনিং একাডেমীত অনুষ্ঠিত এখন প্ৰতিযোগিতাত আবৰামে অংশগ্ৰহণ কৰিছিল। আবৰামৰ খেল চাবলৈ শ্বাহৰুখ খানৰ লগতে পত্নী গৌৰী খান আৰু সন্তান আৰিয়ান-সুহানাও উপস্থিত আছিল। একে সময়তে কৰীনা কাপুৰ আৰু ছেইফ আলী খানকো তেওঁলোকৰ পুত্ৰ টাইমুৰৰ সৈতে দেখা গৈছিল। এই প্ৰতিযোগিতাত আবৰাম, টাইমুৰৰ সৈতে কৰিশ্মা কাপুৰৰ পুত্ৰ কিয়ানেও অংশগ্ৰহণ কৰে।

অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰই জয় সাব্যস্ত কৰে টাইকোৱাণ্ডো প্ৰতিযোগিতাত। এই প্ৰতিযোগিতাত জয়ী হৈ আবৰামে সোণৰ পদক লাভ কৰিছে। পুত্ৰৰ জয়ত শ্বাহৰুখ ইমানেই সুখী হৈছিল যে মঞ্চতে পুত্ৰৰ প্ৰতি মৰম প্ৰকাশ কৰে। সেই সময়ত গৌৰী খান, আৰিয়ান খান আৰু সুহানা খানে হাত চাপৰি বজাই আবৰামক বহুত প্ৰশংসা কৰে। প্ৰতিযোগিতাখনৰ বিষয়ববীয়াই পিতৃ শ্বাহৰুখৰ হাতেৰে আবৰামক সোণৰ পদক প্ৰদান কৰে। সকলোৱে আবৰাম খানক শুভেচ্ছা আৰু অভিনন্দন জনাইছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি