--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ বিবাহক লৈ চৰ্চা চলি থকাৰ সময়তে আন এগৰাকী অভিনেত্ৰীৰ বিয়াক লৈও চলিছে তীব্ৰতৰ চৰ্চা। খবৰ অনুসৰি, ‘কই মিল গয়া’ ছবিখনত এগৰাকী সৰু ছোৱালীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী হংসিকা মটৱানী শীঘ্ৰেই বিবাহপাশত আবদ্ধ হ’ব। হংসিকাৰ বিয়াৰ বাবে ৰাজস্থান জয়পুৰৰ এটা ৪৫০ বছৰ পুৰণি ৰাজকীয় মহল বুক কৰা হৈছে। ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ বিবাহৰ খবৰ।

চলিত বৰ্ষৰ ডিচেম্বৰত হংসিকা মটৱানী বিবাহপাশত আবদ্ধ হ’ব। এই বিয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। হংসিকাই যাৰ লগত বিয়া হ’বলৈ গৈ আছে তেওঁৰ নাম এতিয়ালৈকে প্ৰকাশ হোৱা নাই। অৰ্থাৎ হংসিকাৰ দৰা কোন সেয়া জানিব পৰা হোৱা নাই। হংসিকাৰ দৰাৰ পিতৃ ৰাজনীতিৰ সৈতে জড়িত আৰু দৰা পেছাত এজন ব্যৱসায়ী বুলি জানিব পৰা গৈছে।

বলীউডত বৰ বিশেষ যাদু দেখুৱাব নোৱাৰিলে হংসিকাই। শৈশৱত বহু টিভি ছিৰিয়েলত কাম কৰিছে হংসিকা মটৱানীয়ে। যাৰ ভিতৰত আছে ‘ছাকা লাকা বুম-বুম’, ‘কিউকি ছাচ ভি কভি বহু থী’ আৰু ‘ছ’নপৰী’। একে সময়তে হৃতিক ৰোশনৰ ছবি ‘কই মিল গয়া’ত তেওঁ এগৰাকী স্কুলীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে হৃদয় জয় কৰিছিল হংসিকাই। হংসিকাই তেলেগু আৰু তামিল ছবিতো বহু কাম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?