--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ নিষিদ্ধ ড্ৰাগছ লৈয়ে প্ৰমোদতৰীত উঠিছিল শ্বাহৰুখ তনয় আৰিয়ান খান। নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰ’-এ শেহতীয়াকৈ দাখিল কৰা এক পঞ্চনামাত এই কথা পোহৰলৈ আহিছে। এই প্ৰতিবেদন অনুসৰি, আৰিয়ানৰ সঙ্গী আৰবাজ মাৰ্চেণ্টে তেওঁৰ জোতাত ৬ গ্ৰাম কোকেইন লুকুৱাই প্ৰমোদতৰীলৈ গৈছিল। উল্লেখ্য যে, এনচিবি বিষয়াসকলে প্ৰমোদতৰীৰ তালাচী অভিযানৰ সময়ত সাক্ষীসকলৰ পৰা ভাষ্য গ্ৰহণ কৰিছিল।

এই পঞ্চনামাত প্ৰকাশ পোৱা মতে, এনচিবিৰ বিষয়া আশীষ ৰাজনে সেই সময়ত নাৰ্কোটিক্স ড্ৰাগছ এণ্ড ছাইক’ট্ৰপিক ছাবষ্টেন্স (এনডিপিএছ) আইনৰ ধাৰা ৫০ৰ অধীনত ৰাজপত্ৰিত বিষয়াৰ সন্মুখত আৰিয়ান আৰু আৰবাজক তালাচীৰ বাবে প্ৰস্তাৱ দিছিল। কিন্তু প্ৰাথমিক পৰ্যায়ত এই প্ৰস্তাৱ অস্বীকাৰ কৰিছিল তেওঁলোকে। পৰৱৰ্তী পৰ্যায়ৰ জেৰাৰ সময়ত আৰিয়ান আৰু আৰবাজক সোধা হৈছিল যে, তেওঁলোকৰ ওচৰত কোনো নিষিদ্ধ ড্ৰাগছ আছে নেকি? সেই সময়ত, আৰবাজে তেওঁৰ জোতাত ড্ৰাগছ লুকুৱাই থোৱা বুলি স্বীকাৰ কৰিছিল।

জেৰাৰ সময়ত আৰবাজে নিজেই জোতাৰ পৰা ড্ৰাগছখিনি উলিয়াই লৈছিল। সকলো কথা পোহৰলৈ অহাৰ পাছতহে আৰিয়ানে জেৰাৰ সময়ত ড্ৰাগছ গ্ৰহণ কৰাৰ কথা স্বীকাৰ কৰে। অনুসন্ধানকাৰী দলে পৰীক্ষাৰ পাছত আৰবাজৰ ওচৰত পোৱা ড্ৰাগছ খিনি কোকেইন বুলি চিনাক্ত কৰিছে। ইফালে হোৱাটছএপৰ কথোপকথনৰ ভিত্তিত আৰিয়ানক ড্ৰাগছ আসক্ত বুলি এনচিবি-এ দাবী কৰিলেও ওলোটা খৰ মাৰিছে অধিবক্তা সতীশ মানশিন্দে। তেওঁৰ দাবী আৰিয়ান নিৰ্দোষী। আৰিয়ানক নিৰ্দোষী সজাবলৈ উঠি পৰি লগা সতীশ মানশিন্দেৰ মন্তব্যৰ কটাক্ষ কৰিছে চৰকাৰী অধিবক্তা অনিল সিঙে। সাংকেতিক ভাষাত ড্ৰাগছ ৰেকেটৰ সৈতে আৰিয়ানে বাৰ্তালাপ কৰিছিল বুলি দাবী অনিল সিঙৰ।স্মৰ্তব্য যে, এনচিবিয়ে বিষয়টো অধিক নিৰীক্ষণৰ বাবে আদালতৰ পৰা সময় বিচাৰিছে। সেইমৰ্মে আদালতে আৰিয়ানক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ