--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ নিষিদ্ধ ড্ৰাগছ লৈয়ে প্ৰমোদতৰীত উঠিছিল শ্বাহৰুখ তনয় আৰিয়ান খান। নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰ’-এ শেহতীয়াকৈ দাখিল কৰা এক পঞ্চনামাত এই কথা পোহৰলৈ আহিছে। এই প্ৰতিবেদন অনুসৰি, আৰিয়ানৰ সঙ্গী আৰবাজ মাৰ্চেণ্টে তেওঁৰ জোতাত ৬ গ্ৰাম কোকেইন লুকুৱাই প্ৰমোদতৰীলৈ গৈছিল। উল্লেখ্য যে, এনচিবি বিষয়াসকলে প্ৰমোদতৰীৰ তালাচী অভিযানৰ সময়ত সাক্ষীসকলৰ পৰা ভাষ্য গ্ৰহণ কৰিছিল।

এই পঞ্চনামাত প্ৰকাশ পোৱা মতে, এনচিবিৰ বিষয়া আশীষ ৰাজনে সেই সময়ত নাৰ্কোটিক্স ড্ৰাগছ এণ্ড ছাইক’ট্ৰপিক ছাবষ্টেন্স (এনডিপিএছ) আইনৰ ধাৰা ৫০ৰ অধীনত ৰাজপত্ৰিত বিষয়াৰ সন্মুখত আৰিয়ান আৰু আৰবাজক তালাচীৰ বাবে প্ৰস্তাৱ দিছিল। কিন্তু প্ৰাথমিক পৰ্যায়ত এই প্ৰস্তাৱ অস্বীকাৰ কৰিছিল তেওঁলোকে। পৰৱৰ্তী পৰ্যায়ৰ জেৰাৰ সময়ত আৰিয়ান আৰু আৰবাজক সোধা হৈছিল যে, তেওঁলোকৰ ওচৰত কোনো নিষিদ্ধ ড্ৰাগছ আছে নেকি? সেই সময়ত, আৰবাজে তেওঁৰ জোতাত ড্ৰাগছ লুকুৱাই থোৱা বুলি স্বীকাৰ কৰিছিল।

জেৰাৰ সময়ত আৰবাজে নিজেই জোতাৰ পৰা ড্ৰাগছখিনি উলিয়াই লৈছিল। সকলো কথা পোহৰলৈ অহাৰ পাছতহে আৰিয়ানে জেৰাৰ সময়ত ড্ৰাগছ গ্ৰহণ কৰাৰ কথা স্বীকাৰ কৰে। অনুসন্ধানকাৰী দলে পৰীক্ষাৰ পাছত আৰবাজৰ ওচৰত পোৱা ড্ৰাগছ খিনি কোকেইন বুলি চিনাক্ত কৰিছে। ইফালে হোৱাটছএপৰ কথোপকথনৰ ভিত্তিত আৰিয়ানক ড্ৰাগছ আসক্ত বুলি এনচিবি-এ দাবী কৰিলেও ওলোটা খৰ মাৰিছে অধিবক্তা সতীশ মানশিন্দে। তেওঁৰ দাবী আৰিয়ান নিৰ্দোষী। আৰিয়ানক নিৰ্দোষী সজাবলৈ উঠি পৰি লগা সতীশ মানশিন্দেৰ মন্তব্যৰ কটাক্ষ কৰিছে চৰকাৰী অধিবক্তা অনিল সিঙে। সাংকেতিক ভাষাত ড্ৰাগছ ৰেকেটৰ সৈতে আৰিয়ানে বাৰ্তালাপ কৰিছিল বুলি দাবী অনিল সিঙৰ।স্মৰ্তব্য যে, এনচিবিয়ে বিষয়টো অধিক নিৰীক্ষণৰ বাবে আদালতৰ পৰা সময় বিচাৰিছে। সেইমৰ্মে আদালতে আৰিয়ানক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু