--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সাম কটা নাই আৰিয়ান কাণ্ডৰ উত্তেজনা। দিন বাগৰাৰ লগে লগে উন্মোচিত হৈছে ন-ন তথ্য। আদালতে বৃহস্পতিবাৰে আৰিয়ানৰ জামিন আবেদন নাকচ কৰাৰ পাছত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানিৰ বাবে শুকুৰবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হৈছিল বাদশ্বাহ পুত্ৰক। কিন্তু নমনীয় স্থিতি গ্ৰহণৰ পৰা বিৰত আছে ন্যায় প্ৰশাসন। মেট্ৰ'পলিটান মেজিষ্ট্ৰেট আদালতে ক্ৰুজ ৰেভ পাৰ্টী গোচৰত গ্ৰেপ্তাৰ কৰা ৮জনক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ এদিন পাছতে পুনৰ আদালতত হাজিৰ কৰোৱা হৈছিল বাদশ্বাহ পুত্ৰক।

এনে সময়তে পোহৰলৈ আহিছে বহু গোপন তথ্য। কিদৰে গ্ৰেপ্তাৰ হৈছিল আৰিয়ান? শেহতীয়াকৈ প্ৰকাশ পোৱা এক প্ৰতিবেদনে সকলোৰে চকু কপালত তুলিছে। বলীউড বাদশ্বাহৰ পুত্ৰ আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ পাছত নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যু’ৰোৰ বিষয়া সমীৰ ৱানখেদৰ নামে পুনৰ শিৰোনাম দখল কৰিছে। এনচিবি বিষয়া সমীৰে শ্বাহৰুখ পুত্ৰক ধৰিবলৈ ছদ্মবেশত প্ৰমোদতৰীলৈ গৈছিল। তাৰ পাছত সমীৰে হাতেলোতে ধৰা পেলাইছিল আৰিয়ানক।

উল্লেখ্য যে, অভিনেতা সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুৰ সন্দৰ্ভত মুম্বাই বিমানবন্দৰত ড্ৰাগছ ধৰা পেলোৱাৰ পৰা ২০১১ চনৰ বিশ্বকাপ ক্ৰিকেট ট্ৰফী অৱৰোধ কৰা লৈকে সমীৰেই আছিল মূল নায়ক। ২০০৮ বেচৰ আইআৰএছ বিষয়া সমীৰৰ দলটোৱে বিগত দুটা বছৰত মুম্বাই বিমানবন্দৰৰ পৰা ১৭,০০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। এনচিবিৰ এই বিষয়াজনৰ বলীউডৰেও আছে পোনপটীয়া সম্পৰ্ক।তেওঁৰ পত্নী এগৰাকী অভিনেত্ৰী। বলীউডৰ চলচ্চিত্ৰতো অভিনয় কৰিছে সমীৰ পত্নীয়ে। সমীৰে অজয় দেৱগন অভিনীত 'গংগাজল'ৰ অভিনেত্ৰী ক্ৰান্তি ৰেডকাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। ক্ৰান্তি ৰেডকাৰ মাৰাঠী চলচ্চিত্ৰ উদ্যোগৰো এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ