--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সাম কটা নাই আৰিয়ান কাণ্ডৰ উত্তেজনা। দিন বাগৰাৰ লগে লগে উন্মোচিত হৈছে ন-ন তথ্য। আদালতে বৃহস্পতিবাৰে আৰিয়ানৰ জামিন আবেদন নাকচ কৰাৰ পাছত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানিৰ বাবে শুকুৰবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হৈছিল বাদশ্বাহ পুত্ৰক। কিন্তু নমনীয় স্থিতি গ্ৰহণৰ পৰা বিৰত আছে ন্যায় প্ৰশাসন। মেট্ৰ'পলিটান মেজিষ্ট্ৰেট আদালতে ক্ৰুজ ৰেভ পাৰ্টী গোচৰত গ্ৰেপ্তাৰ কৰা ৮জনক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ এদিন পাছতে পুনৰ আদালতত হাজিৰ কৰোৱা হৈছিল বাদশ্বাহ পুত্ৰক।

এনে সময়তে পোহৰলৈ আহিছে বহু গোপন তথ্য। কিদৰে গ্ৰেপ্তাৰ হৈছিল আৰিয়ান? শেহতীয়াকৈ প্ৰকাশ পোৱা এক প্ৰতিবেদনে সকলোৰে চকু কপালত তুলিছে। বলীউড বাদশ্বাহৰ পুত্ৰ আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ পাছত নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যু’ৰোৰ বিষয়া সমীৰ ৱানখেদৰ নামে পুনৰ শিৰোনাম দখল কৰিছে। এনচিবি বিষয়া সমীৰে শ্বাহৰুখ পুত্ৰক ধৰিবলৈ ছদ্মবেশত প্ৰমোদতৰীলৈ গৈছিল। তাৰ পাছত সমীৰে হাতেলোতে ধৰা পেলাইছিল আৰিয়ানক।

উল্লেখ্য যে, অভিনেতা সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুৰ সন্দৰ্ভত মুম্বাই বিমানবন্দৰত ড্ৰাগছ ধৰা পেলোৱাৰ পৰা ২০১১ চনৰ বিশ্বকাপ ক্ৰিকেট ট্ৰফী অৱৰোধ কৰা লৈকে সমীৰেই আছিল মূল নায়ক। ২০০৮ বেচৰ আইআৰএছ বিষয়া সমীৰৰ দলটোৱে বিগত দুটা বছৰত মুম্বাই বিমানবন্দৰৰ পৰা ১৭,০০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। এনচিবিৰ এই বিষয়াজনৰ বলীউডৰেও আছে পোনপটীয়া সম্পৰ্ক।তেওঁৰ পত্নী এগৰাকী অভিনেত্ৰী। বলীউডৰ চলচ্চিত্ৰতো অভিনয় কৰিছে সমীৰ পত্নীয়ে। সমীৰে অজয় দেৱগন অভিনীত 'গংগাজল'ৰ অভিনেত্ৰী ক্ৰান্তি ৰেডকাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। ক্ৰান্তি ৰেডকাৰ মাৰাঠী চলচ্চিত্ৰ উদ্যোগৰো এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু