--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ড্ৰাগছ সেৱন আৰু লগত ৰখাৰ অভিযোগত শ্বাহৰূখপুত্ৰ আৰিয়ান খানক নাৰ্ক'টিকছ কণ্ট্ৰ'ল ব্যুৰ'ৱে গ্ৰেপ্তাৰ কৰাৰ পাছৰেপৰা অধিক চৰ্চিত হৈছে এনচিবিৰ মুম্বাই জ'নেল ডাইৰেক্টৰ সমীৰ ৱাংখেড়ে। পোহৰলৈ আহিছে সমীৰৰ ইটোৰ পাছত সিটো পুৰণি অধ্যায়। মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিপিৰ নেতা নৱাব মালিকৰ পৃষ্ঠপোষকতাত সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে উত্থাপিত হৈছে নানা অভিযোগ।

আৰিয়ান কাণ্ডই দেশযুৰি আলোচিত হৈ থকাৰ মাজতেই পৰ্দা আঁতৰিছে সমীৰ ৱাংখেড়েৰ বহু পুৰণি ঘটনাৰ। বলীউডত পত্নীৰ ব্যৰ্থতাৰ পৰা পুৰণি বিবাহৰ খোলোচালৈকে কিমান যে পৰিঘটনা! বলীউডত পত্নীৰ ব্যৰ্থতাৰ পোতক তুলিবলৈ সমীৰে আৰিয়ানক গ্ৰেপ্তাৰ কৰা বুলি গুজব ওলাইছিল। নৱাব মালিকে পূৰ্বৰ বিবাহৰ অভিযোগেও বিপদত পেলাইছে সমীৰ ৱাংখেড়েক। এইবাৰ পোহৰলৈ আহিছে শ্বাহৰূখ খানৰ সৈতে এটা দশক আগত হোৱা সমীৰ ৱাংখেড়েৰ এক ঘটনা। ২০১১ চনত বিমানবন্দৰত শ্বাহৰূখৰ বাট ভেটিছিল সমীৰ ৱাংখেড়েই। পৰিয়ালৰ সৈতে লণ্ডনত অৱসৰ বিনোদন কৰি ভাৰতলৈ উভতি অহা শ্বাহৰূখ খানত দীৰ্ঘ সময় আবদ্ধ কৰি ৰাখিছিল সমীৰ ৱাংখেড়েই। শ্বাহৰূখে লগত ২০টা বেগ লৈ অহা বাবে তেতিয়াৰ কাষ্টম বিভাগৰ ডেপুটি কালেক্টৰ সমীৰ ৱাংখেড়েৰ নেতৃত্বত এটা দলে জেৰা কৰিছিল বাদশ্বাহক। পৰিয়ালৰ অন্য লোকসকলক যাবলৈ দিয়া হয় যদিও শ্বাহৰূখ খানক বহু সময় আবদ্ধ কৰি ১.৫ লাখ টকাৰ জৰিমনা বিহে সমীৰ ৱাংখেড়েই।

আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তদন্তকাৰী সংস্থাটোৱে শ্বাহৰূখ খানক লক্ষ্য কৰি লোৱা বুলি চৰ্চা হোৱাত সমীৰ ৱাংখেড়েই কাকো ব্যক্তিগতভাবে লক্ষ্য কৰাৰ কথা অস্বীকাৰ কৰে। ড্ৰাগছ সেৱন আৰু লগত ৰখাৰ প্ৰমাণ নোহোৱাকৈ কেইবাবছৰো পুৰণি হোৱাটছএপ চাটৰ আধাৰত আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ পাছত এতিয়া প্ৰশ্ন হৈছে এনচিবি-এ মুন্দ্ৰা বন্দৰৰ তিনি হাজাৰ কেজি হেৰ'ইন জব্দ হোৱা ঘটনাক কিমান গুৰুত্ব দিছে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু