--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ড্ৰাগছ সেৱন আৰু লগত ৰখাৰ অভিযোগত শ্বাহৰূখপুত্ৰ আৰিয়ান খানক নাৰ্ক'টিকছ কণ্ট্ৰ'ল ব্যুৰ'ৱে গ্ৰেপ্তাৰ কৰাৰ পাছৰেপৰা অধিক চৰ্চিত হৈছে এনচিবিৰ মুম্বাই জ'নেল ডাইৰেক্টৰ সমীৰ ৱাংখেড়ে। পোহৰলৈ আহিছে সমীৰৰ ইটোৰ পাছত সিটো পুৰণি অধ্যায়। মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিপিৰ নেতা নৱাব মালিকৰ পৃষ্ঠপোষকতাত সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে উত্থাপিত হৈছে নানা অভিযোগ।

আৰিয়ান কাণ্ডই দেশযুৰি আলোচিত হৈ থকাৰ মাজতেই পৰ্দা আঁতৰিছে সমীৰ ৱাংখেড়েৰ বহু পুৰণি ঘটনাৰ। বলীউডত পত্নীৰ ব্যৰ্থতাৰ পৰা পুৰণি বিবাহৰ খোলোচালৈকে কিমান যে পৰিঘটনা! বলীউডত পত্নীৰ ব্যৰ্থতাৰ পোতক তুলিবলৈ সমীৰে আৰিয়ানক গ্ৰেপ্তাৰ কৰা বুলি গুজব ওলাইছিল। নৱাব মালিকে পূৰ্বৰ বিবাহৰ অভিযোগেও বিপদত পেলাইছে সমীৰ ৱাংখেড়েক। এইবাৰ পোহৰলৈ আহিছে শ্বাহৰূখ খানৰ সৈতে এটা দশক আগত হোৱা সমীৰ ৱাংখেড়েৰ এক ঘটনা। ২০১১ চনত বিমানবন্দৰত শ্বাহৰূখৰ বাট ভেটিছিল সমীৰ ৱাংখেড়েই। পৰিয়ালৰ সৈতে লণ্ডনত অৱসৰ বিনোদন কৰি ভাৰতলৈ উভতি অহা শ্বাহৰূখ খানত দীৰ্ঘ সময় আবদ্ধ কৰি ৰাখিছিল সমীৰ ৱাংখেড়েই। শ্বাহৰূখে লগত ২০টা বেগ লৈ অহা বাবে তেতিয়াৰ কাষ্টম বিভাগৰ ডেপুটি কালেক্টৰ সমীৰ ৱাংখেড়েৰ নেতৃত্বত এটা দলে জেৰা কৰিছিল বাদশ্বাহক। পৰিয়ালৰ অন্য লোকসকলক যাবলৈ দিয়া হয় যদিও শ্বাহৰূখ খানক বহু সময় আবদ্ধ কৰি ১.৫ লাখ টকাৰ জৰিমনা বিহে সমীৰ ৱাংখেড়েই।

আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তদন্তকাৰী সংস্থাটোৱে শ্বাহৰূখ খানক লক্ষ্য কৰি লোৱা বুলি চৰ্চা হোৱাত সমীৰ ৱাংখেড়েই কাকো ব্যক্তিগতভাবে লক্ষ্য কৰাৰ কথা অস্বীকাৰ কৰে। ড্ৰাগছ সেৱন আৰু লগত ৰখাৰ প্ৰমাণ নোহোৱাকৈ কেইবাবছৰো পুৰণি হোৱাটছএপ চাটৰ আধাৰত আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ পাছত এতিয়া প্ৰশ্ন হৈছে এনচিবি-এ মুন্দ্ৰা বন্দৰৰ তিনি হাজাৰ কেজি হেৰ'ইন জব্দ হোৱা ঘটনাক কিমান গুৰুত্ব দিছে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement