--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মুম্বাইৰ ড্ৰাগছকাণ্ডক লৈ আলোড়ন উত্তেজনা অব্যাহত আছে। এই ঘটনাত চিকাৰী নিজেই চিকাৰ হোৱা পৰস্থিতিৰ উদ্ভৱ হোৱাৰ পাছত আলোড়ন আৰু বেছি বৃদ্ধি পাইছে। এন চি পি নেতা তথা মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে ইটোৰ পাছত সিটো বিস্ফোৰক অভিযোগেৰ সমগ্ৰ ঘটনাক সন্দেহৰ আৱৰ্তলৈ থেলি দিয়াই নহয়, ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ থকাৰ অভিযোগে স্পষ্টকৈয়ে তুলিছে। পৰিস্থিতি ইমান বেয়ালৈ গৈছে যে, এই ড্ৰাগছবিৰোধী অভিযানৰ নেতৃত্ব দিয়া সমীৰ ৱাংখেৰে নামৰ বিষয়াগৰাকীয়েই এতিয়া কাৰাগাৰলৈ যোৱাৰ আশংকাৰ সৃষ্টি হৈছে। আৰিয়ান খানক গ্ৰেপ্তাৰৰ পাছত ২৫কোটি টকা বিচৰাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে। এনচিবিৰ সাক্ষীয়েই এতিয়া মাৰিছে ওলোটা খৰ। ততাৰ মাজতে নৱাব মালিকে ইটোৰ পাছত সিটো অভিযোগেৰে ব্যতিব্যস্ত কৰি তুলিছে সমীৰ ৱাংখেৰে আৰু এনচিবিক। এইবাৰ সেই বিশেষ জাহাজখনৰ পাৰ্টীটোৰ আয়োজক এজন দাড়িৱালা লোকৰ প্ৰসংগ উত্থাপন কৰিছে নৱাব মালিকে।


এজন ‘দাড়িয়া ড্ৰাগছ মাফিয়া’ৰ কথা উল্লেখ কৰি বিস্ফোৰক অভিযোগ আনিছে নৱাব মালিকে। এই অভিযোগেৰে সাঙোৰ খাইছে প্ৰখ্যাত ফেশ্বন টিভি চেনেলৰ নাম। বৃহস্পতিবাৰে মালিকে বিস্ফোৰণ ঘটাই ক’লে যে—এই দাড়ি থকা ড্ৰাগছ মাফিয়াজন আন কোনো নহয়, তেওঁ ফেশ্বন টিভি, ইণ্ডিয়া চেনেলৰ পৰিচালন সঞ্চালক কাছিফ খান। কাছিফ খানেই কৰ্ডেলিয়াৰ ৰেভ পাৰ্টী আয়োজক আছিল বুলি মুকলি অভিযোগ নৱাব মালিকৰ। কিন্তু খান এনচিবিৰ শীৰ্ষ বিষয়া সমীৰ ৱাংখাড়েৰ ঘনিষ্ঠ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা নহ’ল বুলি অভিযোগ মালিকৰ। জাহাজখনত এনচিবিয়ে তালাচী চলোৱাৰ সময়ত খান তাত উপস্থিত আছিল বুলিও দাবী কৰিছে নৱাব মালিকে। কিন্তু তাৰ পাছতো তেওঁক ৰেহাই দিয়া হ’ল গ্ৰেপ্তাৰৰ পৰা। উল্লেখ্য যে, সেই বিশেষ পাৰ্টীটোলৈ আৰিয়ান খানক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল বুলি তেওঁ মন্তব্য কৰিছিল। অৰ্থাত আৰিয়ানক জালত পেলোৱাৰ বাবে পূৰ্ব পৰিকল্পনা কৰা হৈছিল বুলিও এতিয়া অভিযোগ উঠিছে। কাছিফ খান এসময়ত তিহাৰ জে’লতো আছিল বুলি মন্তব্য এনচিপি নেতাজনৰ। মালিকে এতিয়া দাড়িয়া মাফিয়া বুলি আখ্যা দিয়া কাছিফ খানক সোধ-পোচৰ বাবে মাতিবলৈ এনচিবিক দাবী জনাইছে। অন্যাথা সমস্ত এনচিবিক দুৰ্নীতিগ্ৰস্ত বুলি ভাবিবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰে মালিকে।

আৰিয়ান


ইফালে, কাছিফ খানে নৱাব মালিকৰ সমস্ত অভিযোগ অস্বীকাৰ কৰিছে যদিও জাহাজখনত পাৰ্টী আয়োজনত তেওঁৰ ভূমিকা থকাৰ কথা স্বীকাৰ কৰিছে। তেওঁক পৰ্ন ৰেকেট চলোৱা আৰু ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত কৰাৰ অভিযোগ পিছে তেওঁ অস্বীকাৰ কৰিছে। কিন্তু এনেদৰে কৰ্ডেলিয়া কাণ্ডত ফেশ্বন টিভিৰ দৰে আগশাৰীৰ চেনেলৰ পৰিচালন সঞ্চালক জড়িত হৈ পৰাটোৱে সমগ্ৰ ঘটনাক্ৰমৰ এটা নতুন ৰূপ দিছে। আগন্তুক সময়ত কাছিফ খানক এনচিবি-এ সোধা-পোচাৰ বাবে মাতিলে তাৰ প্ৰতিকূল প্ৰভাৱ ফেশ্বন টিভিৰ ওপৰত পৰাতো খাটাং।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ