--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মুম্বাইৰ ড্ৰাগছকাণ্ডক লৈ আলোড়ন উত্তেজনা অব্যাহত আছে। এই ঘটনাত চিকাৰী নিজেই চিকাৰ হোৱা পৰস্থিতিৰ উদ্ভৱ হোৱাৰ পাছত আলোড়ন আৰু বেছি বৃদ্ধি পাইছে। এন চি পি নেতা তথা মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে ইটোৰ পাছত সিটো বিস্ফোৰক অভিযোগেৰ সমগ্ৰ ঘটনাক সন্দেহৰ আৱৰ্তলৈ থেলি দিয়াই নহয়, ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ থকাৰ অভিযোগে স্পষ্টকৈয়ে তুলিছে। পৰিস্থিতি ইমান বেয়ালৈ গৈছে যে, এই ড্ৰাগছবিৰোধী অভিযানৰ নেতৃত্ব দিয়া সমীৰ ৱাংখেৰে নামৰ বিষয়াগৰাকীয়েই এতিয়া কাৰাগাৰলৈ যোৱাৰ আশংকাৰ সৃষ্টি হৈছে। আৰিয়ান খানক গ্ৰেপ্তাৰৰ পাছত ২৫কোটি টকা বিচৰাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে। এনচিবিৰ সাক্ষীয়েই এতিয়া মাৰিছে ওলোটা খৰ। ততাৰ মাজতে নৱাব মালিকে ইটোৰ পাছত সিটো অভিযোগেৰে ব্যতিব্যস্ত কৰি তুলিছে সমীৰ ৱাংখেৰে আৰু এনচিবিক। এইবাৰ সেই বিশেষ জাহাজখনৰ পাৰ্টীটোৰ আয়োজক এজন দাড়িৱালা লোকৰ প্ৰসংগ উত্থাপন কৰিছে নৱাব মালিকে।


এজন ‘দাড়িয়া ড্ৰাগছ মাফিয়া’ৰ কথা উল্লেখ কৰি বিস্ফোৰক অভিযোগ আনিছে নৱাব মালিকে। এই অভিযোগেৰে সাঙোৰ খাইছে প্ৰখ্যাত ফেশ্বন টিভি চেনেলৰ নাম। বৃহস্পতিবাৰে মালিকে বিস্ফোৰণ ঘটাই ক’লে যে—এই দাড়ি থকা ড্ৰাগছ মাফিয়াজন আন কোনো নহয়, তেওঁ ফেশ্বন টিভি, ইণ্ডিয়া চেনেলৰ পৰিচালন সঞ্চালক কাছিফ খান। কাছিফ খানেই কৰ্ডেলিয়াৰ ৰেভ পাৰ্টী আয়োজক আছিল বুলি মুকলি অভিযোগ নৱাব মালিকৰ। কিন্তু খান এনচিবিৰ শীৰ্ষ বিষয়া সমীৰ ৱাংখাড়েৰ ঘনিষ্ঠ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা নহ’ল বুলি অভিযোগ মালিকৰ। জাহাজখনত এনচিবিয়ে তালাচী চলোৱাৰ সময়ত খান তাত উপস্থিত আছিল বুলিও দাবী কৰিছে নৱাব মালিকে। কিন্তু তাৰ পাছতো তেওঁক ৰেহাই দিয়া হ’ল গ্ৰেপ্তাৰৰ পৰা। উল্লেখ্য যে, সেই বিশেষ পাৰ্টীটোলৈ আৰিয়ান খানক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল বুলি তেওঁ মন্তব্য কৰিছিল। অৰ্থাত আৰিয়ানক জালত পেলোৱাৰ বাবে পূৰ্ব পৰিকল্পনা কৰা হৈছিল বুলিও এতিয়া অভিযোগ উঠিছে। কাছিফ খান এসময়ত তিহাৰ জে’লতো আছিল বুলি মন্তব্য এনচিপি নেতাজনৰ। মালিকে এতিয়া দাড়িয়া মাফিয়া বুলি আখ্যা দিয়া কাছিফ খানক সোধ-পোচৰ বাবে মাতিবলৈ এনচিবিক দাবী জনাইছে। অন্যাথা সমস্ত এনচিবিক দুৰ্নীতিগ্ৰস্ত বুলি ভাবিবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰে মালিকে।

আৰিয়ান


ইফালে, কাছিফ খানে নৱাব মালিকৰ সমস্ত অভিযোগ অস্বীকাৰ কৰিছে যদিও জাহাজখনত পাৰ্টী আয়োজনত তেওঁৰ ভূমিকা থকাৰ কথা স্বীকাৰ কৰিছে। তেওঁক পৰ্ন ৰেকেট চলোৱা আৰু ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত কৰাৰ অভিযোগ পিছে তেওঁ অস্বীকাৰ কৰিছে। কিন্তু এনেদৰে কৰ্ডেলিয়া কাণ্ডত ফেশ্বন টিভিৰ দৰে আগশাৰীৰ চেনেলৰ পৰিচালন সঞ্চালক জড়িত হৈ পৰাটোৱে সমগ্ৰ ঘটনাক্ৰমৰ এটা নতুন ৰূপ দিছে। আগন্তুক সময়ত কাছিফ খানক এনচিবি-এ সোধা-পোচাৰ বাবে মাতিলে তাৰ প্ৰতিকূল প্ৰভাৱ ফেশ্বন টিভিৰ ওপৰত পৰাতো খাটাং।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু