--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শিশুসকলক শিক্ষাৰ পোহৰ দি ভৱিষ্যতে দেশৰ এজন সু-নাগৰিক হিচাপে গঢ় দিয়াত মুখ্য ভূমিকা পালন কৰে শিক্ষকে। শিক্ষকে ছাত্র-ছাত্রীৰ সর্বতোপ্ৰকাৰৰ বিকাশ সাধন কৰি সুস্থ-সবল সুনাগৰিক হিচাপে গঢ়ি তুলে। শিক্ষক হৈছে নিজে জ্বলি সমাজ পোহৰ কৰা এগচি অবিনাশী বন্তি। যাৰ জ্যোতিয়ে এখন সমাজ আলোকিত কৰে। শিক্ষকসকলে ছাত্ৰসমাজক জ্ঞানৰ পোহৰেৰে উদ্ভাষিত কৰি তোলে। কোৱা হয়— শিক্ষক জন্মহে হয়, গঢ় দিব নোৱাৰি (Teacher is born, not made)। আমাৰ সমাজত ছাত্ৰসমাজে গুৰু বা শিক্ষকক দেৱতাতুল্য জ্ঞান কৰি আহিছে। সেয়েহে আওৰোৱা হয় “গুৰুৰ্ব্রহ্মা গুৰুৰ্ৱিষ্ণু গুৰুৰ্দেৱো মহেশ্বৰঃ/ গুৰু সাক্ষাৎ পৰব্রহ্মা তস্মৈ শ্রীগুৰৱে নমঃ।।”

কিন্তু কেতিয়াবা এই দেৱতুল্য শিক্ষকেই কৰে অসুৰৰূপী আচৰণ। সময়ে সময়ে শিক্ষকে সমাজক লজ্জানত কৰা ঘটনাও সংঘটিত হৈ আহিছে। কেতিয়াবা কোনো শিক্ষকৰ হাততেই প্ৰাণ গৈছে কোনো ছাত্ৰৰ আৰু কেতিয়াবা শিক্ষকৰ হাততেই ধৰ্ষিতা হৈছে কোনো ছাত্ৰী। শিক্ষকৰ পুনৰ এক জঘন্য কাণ্ড পোহৰলৈ আহিছে। এই ঘটনা উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ। মিৰ্জাপুৰৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ এখন আলোকচিত্ৰ ভাইৰেল হোৱাৰ পিছতেই প্ৰধান শিক্ষকজনক উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আলোকচিত্ৰখনত দেখা গৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মনোজ বিশ্বকৰ্মাই এজন কণমানি ছাত্ৰৰ ভৰিত ধৰি ছাত্ৰজনক বিদ্যালয় ভৱনৰ ওপৰৰ মহলাৰ পৰা ওলোটাকৈ ওলোমাই থৈছে।

এই আলোকচিত্ৰ ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ হোৱাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ছাত্ৰজনৰ নাম চনু। চনু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ। চনুক এই শাস্তি প্ৰদান কৰা দেখি সকলোৱে মনোজ বিশ্বকৰ্মাক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। ঘটনা অনুসৰি স্কুলৰ মধ্যাহ্নভোজনৰ বিৰতিৰ সময়ত কেইবাটাও শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বাহিৰত খেলি আছিল আৰু সেই সময়তে আন এজন ছাত্ৰক চনুৱে কামুৰি দিছিল। চনুৰ সেই কাণ্ডৰ বাবেই খঙাল প্ৰধান শিক্ষকে কঠোৰ শাস্তি বিহে। প্ৰধান শিক্ষক মনোজ বিশ্বকৰ্মাই চনুক টানি চোঁচৰাই ওপৰ মহলালৈ লৈ গৈছিল আৰু তেনেকৈ ওলোমাই ৰাখিছিল। লগতে তেওঁ ছাত্ৰজনক ওপৰৰ পৰা তললৈ পেলাই দিয়াৰ ভয়-ভাবুকি প্ৰদান কৰিছিল। ছাত্ৰজনে প্ৰধান শিক্ষকৰ এই কাণ্ডত চিঞৰি চিঞৰি কান্দে। সেই সময়তে বেলেগ শিক্ষকসকলক উপস্থিত হৈ প্ৰধান শিক্ষকক তেনে শাস্তি দিয়াৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায়।

আৰু পঢ়কঃ প্ৰাতঃভ্ৰমণলৈ গৈ আৰু ঘূৰি নাহিল! ৰাজপথতে চাৰিগৰাকী মহিলাৰ কৰুণ মৃত্যু

পাছত এই শাস্তিৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু আৰক্ষীয়ে কিশোৰ ন্যায় আইনৰ ধাৰাৰ অধীনত অভিযুক্ত প্ৰধান শিক্ষক মনোজ বিশ্বকৰ্মাক কৰে। মনোজ বিশ্বকৰ্মাই কয় যে, "চনু বৰ দুষ্ট ছাত্ৰ। চনুৰ দেউতাকে আমাক কৈছিল চনুক সংশোধন কৰিবলৈ। চনু ইমানেই দুষ্ট যে তেওঁ শিশুক কামোৰে আনকি তেওঁ শিক্ষককো কামোৰে। যিহেতু চনুৰ দেউতাকে আমাক কৈছিল যে তেওঁক সংশোধন কৰিবলৈ, সেয়েহে আমি তেওঁক ভয় খুৱাবলৈ চেষ্টা কৰিছিলো। ভয় খুৱাবলৈহে চনুক ওপৰৰ মহলাৰ পৰা ওলোটাকৈ ওলোমাই ৰখা হৈছিল।" অভিযুক্ত প্ৰধা্ন শিক্ষকজনৰ শাস্তি কি হ'ব সেয়াহে হ'ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement