--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ২৯ মে'ত সংঘটিত হোৱা জনপ্ৰিয় পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড গোচৰত জড়িত অভিযুক্তসকলৰ এজন-এজনকৈ ক্ৰমাৎ ধৰা পৰিছে। দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা মুছেৱালা হত্যাকাণ্ডত জড়িত থকা আন এগৰাকী অভিযুক্তক এইবাৰ আটক কৰা হৈছে আজাৰবাইজানত। ধৃত অভিযুক্ত গৰাকীক মুছেৱালাৰ হত্যাকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী গেংষ্টাৰ লৰেন্স বিষ্ণৈইৰ এগৰাকী সহায়ক বুলি আৰক্ষীয়ে জানিবলৈ দিছে। 

পঞ্জাৱ আৰক্ষীয়ে ধৃত অভিযুক্ত গৰাকীক শচীন বিষ্ণৈ বুলি চিনাক্ত কৰিছে। সিদ্ধু মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল শচীন বিষ্ণৈ। অভিযুক্ত বিষ্ণৈয়ে এখন ভুৱা পাছপ’ৰ্ট ব্যৱহাৰ কৰি আন্তৰ্জাতিক ভ্ৰমণ কৰিছিল । এই ভুৱা পাছপ’ৰ্টত তেওঁ নিজকে তিলক ৰাজ টোটেজা বুলি নামাকৰণ কৰিছিল। 

মুছেৱালা হত্যাকাণ্ডৰ এগৰাকী অন্যতম ষড়যন্ত্ৰকাৰী বুলি চিনাক্ত কৰা শচীন হত্যাকাণ্ডৰ এমাহৰ পূৰ্বে ভাৰতৰ পৰা পলাই গৈছিল বুলি কিছুদিন পূৰ্বে দিল্লী আৰক্ষীয়ে জানিবলৈ দিছিল। সূত্ৰ অনুসৰি, এমাহ পূৰ্বে আজাৰবাইজানৰ নিৰাপত্তা সংস্থাসমূহে শচীন বিষ্ণৈইক আটক কৰিছিল আৰু তেতিয়াৰ পৰাই পঞ্জাৱ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে সম্পূৰ্ণ ঘটনাক্ৰমৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল। 

ইয়াৰ পিছতে পঞ্জাৱ আৰক্ষীয়ে আজাৰবাইজান আৰক্ষীৰ সৈতে যোগাযোগ কৰি শচীন বিষ্ণৈইক ভাৰতলৈ ঘূৰাই অনাৰ বাবে যো-জা আৰম্ভ কৰিছে। পঞ্জাৱ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে ধৃত শচীনক শীঘ্ৰেই পঞ্জাৱলৈ অনা হ’ব আৰু সিদ্ধু মুছেৱালা হত্যাকাণ্ড সন্দৰ্ভত সোধা-পোছা আৰম্ভ কৰিব।

ইতিমধ্যে সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত অভিযুক্ত আঠগৰাকী শ্বুটাৰৰ প্ৰায় আটাইকেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কেৱল দীপক মুণ্ডি নামৰ অভিযুক্তজনকহে এইপৰ্যন্ত আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। ধৃত শ্বুটাৰসকলে কানাডাস্থিত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ হৈ কাম কৰি আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল। ইফালে যোৱা ২০ জুলাইত অমৃতসৰৰ এক কাষৰীয়া অঞ্চলত পঞ্জাৱ আৰক্ষীৰ এনকাউণ্টাৰত মুছেৱালা হত্যাকাণ্ডত জড়িত দুগৰাকী গেংষ্টাৰ নিহত হৈছিল।

যোৱা ২৯ মে’ত সংঘটিত এই হত্যাকাণ্ডৰ দায়িত্ব ইতিমধ্যে দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈ গোটে স্বীকাৰ কৰিছে। কানাডাস্থিত সতীন্দৰজিৎ সিং ওৰফে গোল্ডি ব্ৰাৰৰ নিৰ্দেশতে এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি ইতিমধ্যে গোল্ডি ব্ৰাৰে এটা ফেচবুক পোষ্টৰ জৰিয়তে উল্লেখ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী