--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ২৯ মে'ত সংঘটিত হোৱা জনপ্ৰিয় পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড গোচৰত জড়িত অভিযুক্তসকলৰ এজন-এজনকৈ ক্ৰমাৎ ধৰা পৰিছে। দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা মুছেৱালা হত্যাকাণ্ডত জড়িত থকা আন এগৰাকী অভিযুক্তক এইবাৰ আটক কৰা হৈছে আজাৰবাইজানত। ধৃত অভিযুক্ত গৰাকীক মুছেৱালাৰ হত্যাকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী গেংষ্টাৰ লৰেন্স বিষ্ণৈইৰ এগৰাকী সহায়ক বুলি আৰক্ষীয়ে জানিবলৈ দিছে। 

পঞ্জাৱ আৰক্ষীয়ে ধৃত অভিযুক্ত গৰাকীক শচীন বিষ্ণৈ বুলি চিনাক্ত কৰিছে। সিদ্ধু মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল শচীন বিষ্ণৈ। অভিযুক্ত বিষ্ণৈয়ে এখন ভুৱা পাছপ’ৰ্ট ব্যৱহাৰ কৰি আন্তৰ্জাতিক ভ্ৰমণ কৰিছিল । এই ভুৱা পাছপ’ৰ্টত তেওঁ নিজকে তিলক ৰাজ টোটেজা বুলি নামাকৰণ কৰিছিল। 

মুছেৱালা হত্যাকাণ্ডৰ এগৰাকী অন্যতম ষড়যন্ত্ৰকাৰী বুলি চিনাক্ত কৰা শচীন হত্যাকাণ্ডৰ এমাহৰ পূৰ্বে ভাৰতৰ পৰা পলাই গৈছিল বুলি কিছুদিন পূৰ্বে দিল্লী আৰক্ষীয়ে জানিবলৈ দিছিল। সূত্ৰ অনুসৰি, এমাহ পূৰ্বে আজাৰবাইজানৰ নিৰাপত্তা সংস্থাসমূহে শচীন বিষ্ণৈইক আটক কৰিছিল আৰু তেতিয়াৰ পৰাই পঞ্জাৱ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে সম্পূৰ্ণ ঘটনাক্ৰমৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল। 

ইয়াৰ পিছতে পঞ্জাৱ আৰক্ষীয়ে আজাৰবাইজান আৰক্ষীৰ সৈতে যোগাযোগ কৰি শচীন বিষ্ণৈইক ভাৰতলৈ ঘূৰাই অনাৰ বাবে যো-জা আৰম্ভ কৰিছে। পঞ্জাৱ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে ধৃত শচীনক শীঘ্ৰেই পঞ্জাৱলৈ অনা হ’ব আৰু সিদ্ধু মুছেৱালা হত্যাকাণ্ড সন্দৰ্ভত সোধা-পোছা আৰম্ভ কৰিব।

ইতিমধ্যে সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত অভিযুক্ত আঠগৰাকী শ্বুটাৰৰ প্ৰায় আটাইকেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কেৱল দীপক মুণ্ডি নামৰ অভিযুক্তজনকহে এইপৰ্যন্ত আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। ধৃত শ্বুটাৰসকলে কানাডাস্থিত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ হৈ কাম কৰি আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল। ইফালে যোৱা ২০ জুলাইত অমৃতসৰৰ এক কাষৰীয়া অঞ্চলত পঞ্জাৱ আৰক্ষীৰ এনকাউণ্টাৰত মুছেৱালা হত্যাকাণ্ডত জড়িত দুগৰাকী গেংষ্টাৰ নিহত হৈছিল।

যোৱা ২৯ মে’ত সংঘটিত এই হত্যাকাণ্ডৰ দায়িত্ব ইতিমধ্যে দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈ গোটে স্বীকাৰ কৰিছে। কানাডাস্থিত সতীন্দৰজিৎ সিং ওৰফে গোল্ডি ব্ৰাৰৰ নিৰ্দেশতে এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি ইতিমধ্যে গোল্ডি ব্ৰাৰে এটা ফেচবুক পোষ্টৰ জৰিয়তে উল্লেখ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু