--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
দেশৰ  ভিতৰতে মহিলাৰ নিৰাপদ চহৰ  হিচাপে  স্বীকৃতি লাভ কৰিছে পশ্চিমবংগই।এই  স্বীকৃতিৰ আঁৰত আছে কলিকতা আৰক্ষী৷  নেচনেল ক্রাইম ৰেকৰ্ড  ব্যুৰোৰ ২০২১ বৰ্ষৰ   তথ্য  সমূহ ফেচবুক পেজত শ্বেয়াৰ কৰিছে কলকতা আৰক্ষীয়ে৷  ২০১৯চনক বাদ দি  তৃতীয় বাৰৰ বাবে কলিকতা আৰক্ষীয়ে এই সাফল্য অৰ্জন কৰিছে৷  

"চুৰি, ডকাইতি, হত্যা, হত্যাৰ চেষ্টা, ধৰ্ষণ, মহিলাক নিৰ্যাতন, এনে অপৰাধ দেশৰ আন ৰাজ্যতকৈ কলকাতাত কম। ফেচবুকৰ  প’ষ্টত কলকাতা আৰক্ষীয়ে লিখিছিল, "লক্ষ্য হৈছে অপৰাধমুক্ত কলিকতা।ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ এক প্ৰতিবেদন অনুসৰি, কলকাতাক আকৌ এবাৰ দেশৰ আটাইতকৈ সুৰক্ষিত চহৰ হিচাপে স্বীকৃতি দিয়া হৈছে।  ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ দ্বাৰা প্ৰকাশিত ২০২১ চনৰ পৰিসংখ্যা অনুসৰি, কলকাতাত গুৰুতৰ অপৰাধৰ হাৰ ভাৰতৰ অন্যান্য চহৰতকৈ যথেষ্ট কম। "

ভাৰতৰ প্ৰায় প্ৰতিখন প্ৰধান চহৰ এই তালিকাত আছে। ইয়াৰ ভিতৰত আছে ইন্দোৰ (১৬৫ টা ধৰ্ষণৰ ঘটনা), বেংগালুৰু (১১৭ টা ধৰ্ষণৰ ঘটনা), হায়দৰাবাদ (১১৬ টা ধৰ্ষণৰ ঘটনা) আৰু নাগপুৰ (১১৫ টা ধৰ্ষণৰ ঘটনা)। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ এক প্ৰতিবেদন অনুসৰি, 2021 চনত ভাৰতত ১৯ খন মহানগৰত ৩,২০৮ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল।

কলকাতা আৰক্ষীয়ে কয় যে  "এই পৰিসংখ্যাবোৰ আমাৰ বাবে যথেষ্ট সান্ত্বনাদায়ক। কিন্তু আত্মসন্তুষ্টিৰ কোনো অৱকাশ নাই। আমি চহৰখনৰ সুৰক্ষা ব্যৱস্থা পৰিপক্ব  কৰিবলৈ চেষ্টা কৰি আছো। আন্তঃগাঁথনিআৰু শক্তিশালী কৰা হৈছে। নিৰীক্ষণ বৃদ্ধি কৰা হৈছে। প্ৰযুক্তিও শক্তিশালী হৈ উঠিছে। আমাৰ একাধিক শক্তি য়ে কলকাতাক বিপদমুক্ত ৰাখিবলৈ সদায় সাজু। ইয়াৰ লগতে, আমি সজাগতা সৃষ্টিৰ বাবে কেইবাটাও পদক্ষেপ আৰু অভিযান অব্যাহত ৰাখিছো। সাধাৰণ নাগৰিকৰ সৈতে আমাৰ সম্পৰ্ক প্ৰতিদিনে ওচৰ চাপি আহিছে। "






FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু