--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ দৰিদ্ৰতম ৰাজ্যত পৰিণত হৈছে বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশ। চৰকাৰে উন্নয়ন আৰু প্ৰগতিৰ ঢাক-ঢোল বজাই অহাৰ সময়তে কঠিন বাস্তৱৰ এই ছবিখন পোহৰলৈ আহিছে। এই তিনিখন ৰাজ্যই নহয় আন কেইবাখনো ৰাজ্যত সাধাৰণ নাগৰিকে মৌলিক সা-সুবিধা অবিহনেই দিন যাপন কৰিবলগীয়া হৈছে। এই তথ্য প্ৰকাশ কৰিছে নীতি আয়োগে। নীতি আয়োগৰ মাল্টিডাইমেনচনেল প’ভাৰ্টী ইনডেক্স (এমপিআই)ত প্ৰকাশ পাইছে দেশৰ অনগ্ৰসৰ ৰাজ্যবোৰৰ এই তথ্য। এই ইনডেক্স বা সূচকাংক অনুসৰি বিহাৰৰ ৫১.৯১শতাংশ লোকেই দৰিদ্ৰ। ঝাৰখণ্ডৰ ৪২.১৬শতাংশ লোক দৰিদ্ৰ হৈ আছে আৰু উত্তৰ প্ৰদেশ ৩৭.৭৯শতাংশ দৰিদ্ৰ লোকেৰে আছে তালিকাৰ তৃতীয় স্থানত। চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে মধ্যপ্ৰদেশ আৰু মেঘালয়। মধ্যপ্ৰদেশত দৰিদ্ৰ লোকৰ হাৰ ৩৬.৬৫শতাংশ আৰু মেঘালয়ৰ এই হাৰ হৈছে ৩২.৬৭ শতাংশ।

দেশৰ ভিতৰতে আটাইতকৈ কম দৰিদ্ৰ লোক থকা ৰাজ্য হৈছে কেৰালা। কেৰালাত দৰিদ্ৰ লোকৰ হাৰ মাত্ৰ ০.৭১শতাংশ। তাৰ পাছতে আছে গোৱা (৩.৭৬শতাংশ)। ছিকিম (৩.৮২শতাংশ), তামিলনাডু (৪.৮৯শতাংশ) আৰু পঞ্জাৱ (৫.৫৯ শতাংশ)ৰ অৱস্থানো যথেষ্ট উন্নত। নীতি আয়োগৰ এই প্ৰতিবেদনত কোৱা হৈছে যে, মূলতঃ তিনিটা বিশেষ বিষয়ৰ ওপৰত ভিত্তি কৰি এই সূচকাংক যুগুত কৰা হৈছে। সেই তিনিটা হৈছে, স্বাস্থ্য, শিক্ষা আৰু জীৱন ধাৰণৰ মান। ১২টা বিশেষ সূচকৰ আধাৰত এই তিনিটা স্তৰৰ মান নিৰূপন কৰা হৈছে। সেইকেইটা হৈছে, পৰিপুষ্টি, শিশু-কিশোৰৰ মৃত্যুৰ হাৰ, প্ৰসৱপূৰ্ব যত্ন, স্কুলীয়া শিক্ষাবৰ্ষ, বিদ্যালয়ত উপস্থিতি, ৰন্ধন গেছ, চাফ-চিকুনতা, বিজুলী, গৃহৰ সুবিধা, সম্পত্তি বেংক একাউণ্ট আদি। অৰ্থাৎ এই আটাইবোৰ মৌলিক প্ৰয়োজনীয় বিষয়ৰ ক্ষেত্ৰতে এই ৰাজ্যকেইখন পিছপৰি আছে।

এতিয়া প্ৰশ্ন হৈছে, দেশৰ ভিতৰতে দৰিদ্ৰ বিবেচিত হোৱা ৰাজ্য চাৰিখনৰ এই দুৰৱস্থাৰ কাৰণে দায়ী কোন? মন কৰিবলগীয়া কথাটো হৈছে এই চাৰিওখন ৰাজ্যতে শাসনত আছে বিজেপি। ঝাৰখণ্ডত শেহতীয়াকৈ বিজেপিৰ হাতৰ পৰা হেমন্ত ছোৰেন চৰকাৰৰ হাতলৈ শাসনভাৰ গৈছে যদিও দীৰ্ঘকাল সেই ৰাজ্যতো বিজেপিয়ে শাসন চলাইছিল। বিহাৰত ‘সুশাসন বাবু’ নীতিশ কুমাৰৰ নেতৃত্বৰ এনডিএ চৰকাৰৰ শাসন চলি আছে। উত্তৰ প্ৰদেশত যোগীৰ নেতৃত্বত ‘ৰামৰাজ্য’। একেদৰে মধ্যপ্ৰদেশতো দীৰ্ঘকাল শাসনত আছে শিৱৰাজ সিং চৌহানৰ বিজেপি চৰকাৰ। মাজতে কিছুদিনলৈ ৰাজ্যখনত কংগ্ৰেছ শাসনলৈ আহিছিল যদিও সেই চৰকাৰৰ অকাল পতন ঘটিল আৰু পুনৰ শিৱৰাজ সিং চৌহানেই ৰাজপাতত বহিল।

পিছে কথা হ’ল, সুশাসন আৰু উন্নয়নৰ নজিৰ সৃষ্টি কৰা বুলি দাবী কৰি অহা বিজেপিশাসিত ৰাজ্যকেইখনৰে এনে দশা হ’ল কিয়? কিয় মৌলিক সা-সুবিধাসমূহৰ পৰাও বঞ্চিত হৈ ৰ’বলগীয়া হ’ল সাধাৰণ মানুহ? কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা এই তথ্যই নিসন্দেহে বিজেপিয়ে দাবী কৰি অহা উন্নয়নৰ ফোপোলা স্বৰূপটো উদঙাই দিছে। অন্তঃসাৰশূন্য এনে উন্নয়নৰ দাবীৰ বাবেই এতিয়া নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে কলকাতাৰ উৰণ সেঁতু, লণ্ডন-আমেৰিকাৰ মহানগৰৰ আলোকচিত্ৰ প্ৰকাশেৰে সেয়া নিজ ৰাজ্যৰ উন্নয়ন বুলি দাবী কৰিবলগীয়া হৈছে। কিন্তু সত্যটো হৈছে যে, এতিয়াও এনেবোৰ ৰাজ্যৰ সাধাৰণ লোকে খোৱা-পিন্ধা-স্বাস্থ্য-শিক্ষাৰ দৰে মৌলিক কথাবোৰৰ বাবেই হামৰাও কাঢ়িবলগীয়া পৰিস্থিতি চৰকাৰী প্ৰতিবেদনতে প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ