--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰসিদ্ধ সমাজকৰ্মী তথা জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী ছফোৰা জাগৰ শিক্ষানুষ্ঠানখনত বলি হৈছে চৰম বৈষম্যৰ৷  আনকি তেওঁৰ  গৱেষণা পত্ৰ দাখিলৰ অন্তিম তাৰিখ বৃদ্ধি কৰিবলৈয়ো অমান্তি হ’ল বিশ্ববিদ্যালয়খন৷ অৱশেষত অতিষ্ঠ হৈ ছাত্ৰী গৰাকী কাষ চাপিল সংবাদ মাধ্যমৰ ৷
 
একেখন বিশ্ববিদ্যালয়ৰে পৰা স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছিল ছফোৰা জাগাৰে৷ কিন্তু পূৰ্বতে কাহানিও এনে বৈষম্য সন্মুখীন হোৱা নাছিল সমাজকৰ্মী গৰাকী৷ আনকি তত্ত্বাৱধায়কেও সহায় কৰিবলৈ অমান্তি হৈছিল ছাত্ৰী গৰাকীক৷ বৰ্তমান এই শিক্ষানুষ্ঠানটোৰ শিক্ষাৰ্থী হিচাপে থাকিব পাৰিব নে নোৱাৰিব তাকে লৈ শংকাত ভূগিছে ছাত্ৰী গৰাকীয়ে৷ 

২০২০ চনৰ এপ্ৰিলত ইউ এ পি এৰ অধীনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছিল ছফোৰাক৷ প্ৰায় তিনিমাহ জেলত বন্দী হৈ আছিল ছফোৰা৷ পৰিতাপৰ বিষয় এইয়ে যে , বন্দী হৈ থকাৰ সময়ছোৱাত গৰ্ভৱতী আছিল ছফোৰা৷ 

২৯ বছৰীয়া ছফোৰাই ২০১৯ চনত এম.ফিল ডিগ্ৰীৰ বাবে অধ্যয়ন আৰম্ভ কৰিছিল৷ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই “দংগী”(বিদ্ৰোহী) শব্দৰে অপমানিতও কৰিছিল গৱেষক ছাত্ৰী গৰাকীক৷ গৱেষক ছাত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল যে, বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এজন গৱেষকক ক’ভিড আক্ৰান্ত হোৱাৰ বাবে গৱেষণা পত্ৰ দাখিলৰ সময় বঢ়াই দিয়া হৈছিল ৷ কিন্তু ছফোৰাক সময় বঢ়াই দিবলৈ বাৰে বাৰে অমান্তি হৈছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষ৷ 

২০২১ চনৰ নৱেম্বৰ মাহত ৬৫ পৃষ্ঠাৰ গৱেষণা পত্ৰ দাখিল কৰাৰ সময়ত তত্ত্বাৱধায়কে ছফোৰাৰ কাম সন্তোষজনক বুলি কৈছিল৷ বৰ্তমান পৰৱৰ্তী গৱেষণাৰ বাবে ছফোৰাক তত্ত্বাৱধায়কৰ সহায়ৰ প্ৰয়োজন৷ কিন্তু সহায় কৰাৰ প্ৰতি আগ্ৰহী হোৱা নাই ছফোৰাৰ পি এইচ ডিৰ তত্ত্বাৱধায়ক। ছফোৰাৰ গৱেষণা সম্পৰ্কেও ডিচেম্বৰ মাহৰে পৰা কোনো মন্তব্য প্ৰদান কৰা নাই তত্ত্বাৱধায়ক গৰাকীয়ে৷ইয়াৰোপৰি ,  তত্ত্বাৱধায়কে অপৰাধীৰ দৰে ব্যৱহাৰ কৰিছে বুলিও অভিযোগ কৰিছে ছাত্ৰী গৰাকীয়ে৷ 

ছফোৰাৰ গৱেষণা পত্ৰৰ বিষয় আছিল -“ The socio-spatial segregation among Muslims in Delhi. A case study on Ghaffar Manzil Colony” ৷ আৰু তেওঁ কুলৱিন্দ কৌৰৰ তত্ত্বাৱধানত গৱেষণা কৰি আছে৷

আনহাতে , ছফোৰাৰ মন্তব্যৰ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই৷ ছফোৰাক তিনিবাৰকৈ সময় বঢ়াই দিয়া হৈছিল বুলিও ছফোৰাৰ বক্তব্যৰ প্ৰতিবাদ কৰিছে৷ 

 শিক্ষানুষ্ঠানত প্ৰতেক গৰাকীৰ  শিক্ষাৰ্থীৰ সমান অধিকাৰ আছে৷সকলো শিক্ষাৰ্থীয়ে লগতে শিক্ষকৰ পৰা সম ব্যৱহাৰ পোৱা উচিত৷ তেনেস্থলতো দেশৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান এখনত সৃষ্টি হোৱা বৈষম্য হতাশাজনক কথা ৷ তদুপৰি ছফোৰাক দুৰ্ব্যৱহাৰ কৰি মানসিক ভাৱেও হেঁচা দি আছে বিশ্ববিদ্যালয়খনে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী