--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰসিদ্ধ সমাজকৰ্মী তথা জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী ছফোৰা জাগৰ শিক্ষানুষ্ঠানখনত বলি হৈছে চৰম বৈষম্যৰ৷  আনকি তেওঁৰ  গৱেষণা পত্ৰ দাখিলৰ অন্তিম তাৰিখ বৃদ্ধি কৰিবলৈয়ো অমান্তি হ’ল বিশ্ববিদ্যালয়খন৷ অৱশেষত অতিষ্ঠ হৈ ছাত্ৰী গৰাকী কাষ চাপিল সংবাদ মাধ্যমৰ ৷
 
একেখন বিশ্ববিদ্যালয়ৰে পৰা স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছিল ছফোৰা জাগাৰে৷ কিন্তু পূৰ্বতে কাহানিও এনে বৈষম্য সন্মুখীন হোৱা নাছিল সমাজকৰ্মী গৰাকী৷ আনকি তত্ত্বাৱধায়কেও সহায় কৰিবলৈ অমান্তি হৈছিল ছাত্ৰী গৰাকীক৷ বৰ্তমান এই শিক্ষানুষ্ঠানটোৰ শিক্ষাৰ্থী হিচাপে থাকিব পাৰিব নে নোৱাৰিব তাকে লৈ শংকাত ভূগিছে ছাত্ৰী গৰাকীয়ে৷ 

২০২০ চনৰ এপ্ৰিলত ইউ এ পি এৰ অধীনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছিল ছফোৰাক৷ প্ৰায় তিনিমাহ জেলত বন্দী হৈ আছিল ছফোৰা৷ পৰিতাপৰ বিষয় এইয়ে যে , বন্দী হৈ থকাৰ সময়ছোৱাত গৰ্ভৱতী আছিল ছফোৰা৷ 

২৯ বছৰীয়া ছফোৰাই ২০১৯ চনত এম.ফিল ডিগ্ৰীৰ বাবে অধ্যয়ন আৰম্ভ কৰিছিল৷ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই “দংগী”(বিদ্ৰোহী) শব্দৰে অপমানিতও কৰিছিল গৱেষক ছাত্ৰী গৰাকীক৷ গৱেষক ছাত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল যে, বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এজন গৱেষকক ক’ভিড আক্ৰান্ত হোৱাৰ বাবে গৱেষণা পত্ৰ দাখিলৰ সময় বঢ়াই দিয়া হৈছিল ৷ কিন্তু ছফোৰাক সময় বঢ়াই দিবলৈ বাৰে বাৰে অমান্তি হৈছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষ৷ 

২০২১ চনৰ নৱেম্বৰ মাহত ৬৫ পৃষ্ঠাৰ গৱেষণা পত্ৰ দাখিল কৰাৰ সময়ত তত্ত্বাৱধায়কে ছফোৰাৰ কাম সন্তোষজনক বুলি কৈছিল৷ বৰ্তমান পৰৱৰ্তী গৱেষণাৰ বাবে ছফোৰাক তত্ত্বাৱধায়কৰ সহায়ৰ প্ৰয়োজন৷ কিন্তু সহায় কৰাৰ প্ৰতি আগ্ৰহী হোৱা নাই ছফোৰাৰ পি এইচ ডিৰ তত্ত্বাৱধায়ক। ছফোৰাৰ গৱেষণা সম্পৰ্কেও ডিচেম্বৰ মাহৰে পৰা কোনো মন্তব্য প্ৰদান কৰা নাই তত্ত্বাৱধায়ক গৰাকীয়ে৷ইয়াৰোপৰি ,  তত্ত্বাৱধায়কে অপৰাধীৰ দৰে ব্যৱহাৰ কৰিছে বুলিও অভিযোগ কৰিছে ছাত্ৰী গৰাকীয়ে৷ 

ছফোৰাৰ গৱেষণা পত্ৰৰ বিষয় আছিল -“ The socio-spatial segregation among Muslims in Delhi. A case study on Ghaffar Manzil Colony” ৷ আৰু তেওঁ কুলৱিন্দ কৌৰৰ তত্ত্বাৱধানত গৱেষণা কৰি আছে৷

আনহাতে , ছফোৰাৰ মন্তব্যৰ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই৷ ছফোৰাক তিনিবাৰকৈ সময় বঢ়াই দিয়া হৈছিল বুলিও ছফোৰাৰ বক্তব্যৰ প্ৰতিবাদ কৰিছে৷ 

 শিক্ষানুষ্ঠানত প্ৰতেক গৰাকীৰ  শিক্ষাৰ্থীৰ সমান অধিকাৰ আছে৷সকলো শিক্ষাৰ্থীয়ে লগতে শিক্ষকৰ পৰা সম ব্যৱহাৰ পোৱা উচিত৷ তেনেস্থলতো দেশৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান এখনত সৃষ্টি হোৱা বৈষম্য হতাশাজনক কথা ৷ তদুপৰি ছফোৰাক দুৰ্ব্যৱহাৰ কৰি মানসিক ভাৱেও হেঁচা দি আছে বিশ্ববিদ্যালয়খনে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু