--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি ৰাখিছে। ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়সকলক ভাৰত চৰকাৰে উভতাই আনিছে। তিনিখনকৈ বিমানত ইউক্ৰেইনৰ পৰা ভাৰতীয় লোকসকলক কঢ়িয়াই আনিলে চৰকাৰে। ইয়াৰ মাজতে ইউক্ৰেইনত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি থকা হাৰিয়ানাৰ এগৰাকী যুৱতী চৰ্চাত আহিছে। যুৱতীগৰাকীৰ নাম নেহা। নেহাই এই ভয়ংকৰ যুদ্ধ চলি থকা স্বত্বেও ইউক্ৰেইন এৰি নহাৰ সিদ্ধান্ত লৈছে। ১৮ বছৰীয়া নেহাই যোৱা বছৰ ইউক্ৰেইনৰ এখন চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। নেহাই ইউক্ৰেইনৰ ৰাজধানী কীভৰ এগৰাকী অভিযন্তাৰ ঘৰত এটা কোঠা ভাড়া লৈ থাকিবলৈ লৈছিল। নেহাই ভাড়াতীয়া হিচাপে থকা ঘৰৰ মালিকে তেওঁৰ পত্নী আৰু তিনিটা সন্তানক এৰি ইউক্ৰেইন সেনা বাহিনীত যোগ দিছে। এই জটিল পৰিস্থিতিত মানৱতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে হাৰিয়ানাৰ যুৱতীগৰাকীয়ে। ঘৰৰ গৰাকীয়ে মাতৃভূমিৰ সুৰক্ষাৰ বাবে ইউক্ৰেইন সেনা বাহিনীত যোগ দিয়াত নেহাই ঘৰৰ গৰাকীৰ পত্নী আৰু সৰু সন্তানকেইটিক এৰি যোৱাত তেওঁৰ মনে বাধা দিলে। এই জটিল সময়ত ইউক্ৰেইনৰ ভাড়াঘৰৰ মালিকৰ পৰিয়ালক এৰি আহিবলৈ অস্বীকাৰ হাৰিয়ানাৰ যুৱতীৰ। যুৱতীগৰাকীয়ে ঘৰটোৰ মালিকৰ সৰু সন্তানকেইটি আৰু পত্নীৰ লগতে থাকিব বিচাৰে। নেহাই এই কঠিন সিদ্ধান্ত লোৱাৰ পাছতে তেওঁৰ মাতৃক কয় যে তেওঁ হয়তো জীয়াই নাথাকিবও পাৰে। কিন্তু এই জটিল পৰিস্থিতিত ভাড়াঘৰৰ মালিকৰ পৰিয়ালক অকলশৰীয়া কৰি এৰি গুচি গ'লে তেওঁৰ মনে কেতিয়াও শান্তি নাপাব। এই সময়ত সন্তানকেইটিৰ লগতে সিহঁতৰ মাতৃৰ কাষত থকাটোৱে তেওঁৰ বাবে হ'ব প্ৰকৃত মানৱ ধৰ্ম। এই মুহূৰ্তত নেহাই উক্ত পৰিয়ালটোৰ সৈতে বাংকাৰত আশ্ৰয় লৈ আছে। উল্লেখ্য যে নেহাৰ মাতৃ হাৰিয়ানাৰ এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী। কেইবছৰমান পূৰ্বে নেহাৰ পিতৃৃৰ মৃত্যু ঘটিছে। তেওঁ ভাৰতীয় সেনা বাহিনীত কাম কৰিছিল। আৰু পঢ়কঃ মাতৃভূমিক ৰক্ষা কৰিবলৈ বিয়াৰ পাছদিনাই হাতত অস্ত্ৰ লৈ ওলাই আহিল ইউক্ৰেইনৰ নৱ দম্পতী

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন