--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি ৰাখিছে। ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়সকলক ভাৰত চৰকাৰে উভতাই আনিছে। তিনিখনকৈ বিমানত ইউক্ৰেইনৰ পৰা ভাৰতীয় লোকসকলক কঢ়িয়াই আনিলে চৰকাৰে। ইয়াৰ মাজতে ইউক্ৰেইনত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি থকা হাৰিয়ানাৰ এগৰাকী যুৱতী চৰ্চাত আহিছে। যুৱতীগৰাকীৰ নাম নেহা। নেহাই এই ভয়ংকৰ যুদ্ধ চলি থকা স্বত্বেও ইউক্ৰেইন এৰি নহাৰ সিদ্ধান্ত লৈছে। ১৮ বছৰীয়া নেহাই যোৱা বছৰ ইউক্ৰেইনৰ এখন চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। নেহাই ইউক্ৰেইনৰ ৰাজধানী কীভৰ এগৰাকী অভিযন্তাৰ ঘৰত এটা কোঠা ভাড়া লৈ থাকিবলৈ লৈছিল। নেহাই ভাড়াতীয়া হিচাপে থকা ঘৰৰ মালিকে তেওঁৰ পত্নী আৰু তিনিটা সন্তানক এৰি ইউক্ৰেইন সেনা বাহিনীত যোগ দিছে। এই জটিল পৰিস্থিতিত মানৱতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে হাৰিয়ানাৰ যুৱতীগৰাকীয়ে। ঘৰৰ গৰাকীয়ে মাতৃভূমিৰ সুৰক্ষাৰ বাবে ইউক্ৰেইন সেনা বাহিনীত যোগ দিয়াত নেহাই ঘৰৰ গৰাকীৰ পত্নী আৰু সৰু সন্তানকেইটিক এৰি যোৱাত তেওঁৰ মনে বাধা দিলে। এই জটিল সময়ত ইউক্ৰেইনৰ ভাড়াঘৰৰ মালিকৰ পৰিয়ালক এৰি আহিবলৈ অস্বীকাৰ হাৰিয়ানাৰ যুৱতীৰ। যুৱতীগৰাকীয়ে ঘৰটোৰ মালিকৰ সৰু সন্তানকেইটি আৰু পত্নীৰ লগতে থাকিব বিচাৰে। নেহাই এই কঠিন সিদ্ধান্ত লোৱাৰ পাছতে তেওঁৰ মাতৃক কয় যে তেওঁ হয়তো জীয়াই নাথাকিবও পাৰে। কিন্তু এই জটিল পৰিস্থিতিত ভাড়াঘৰৰ মালিকৰ পৰিয়ালক অকলশৰীয়া কৰি এৰি গুচি গ'লে তেওঁৰ মনে কেতিয়াও শান্তি নাপাব। এই সময়ত সন্তানকেইটিৰ লগতে সিহঁতৰ মাতৃৰ কাষত থকাটোৱে তেওঁৰ বাবে হ'ব প্ৰকৃত মানৱ ধৰ্ম। এই মুহূৰ্তত নেহাই উক্ত পৰিয়ালটোৰ সৈতে বাংকাৰত আশ্ৰয় লৈ আছে। উল্লেখ্য যে নেহাৰ মাতৃ হাৰিয়ানাৰ এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী। কেইবছৰমান পূৰ্বে নেহাৰ পিতৃৃৰ মৃত্যু ঘটিছে। তেওঁ ভাৰতীয় সেনা বাহিনীত কাম কৰিছিল। আৰু পঢ়কঃ মাতৃভূমিক ৰক্ষা কৰিবলৈ বিয়াৰ পাছদিনাই হাতত অস্ত্ৰ লৈ ওলাই আহিল ইউক্ৰেইনৰ নৱ দম্পতী

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি