--°C
Loading...
Listen to Article
2 min read
80%
৩ ডিচেম্বৰ ২০২৩, দেওবাৰ

মেষ : মেষ ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ বাবে শুভ কাৰক। মানসিক অশান্তি বৃদ্ধি হ'ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ হ'ব। শিক্ষার্থীৰ প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে উৎসাহ বাঢ়িব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ কিছু লাভ হ'ব পাৰে। ৰাজনীতিক, সংবাদসেৱী আৰু সমাজকর্মী উৎসাহিত হ'ব। বাণিজ্য, কৰ্ম আৰু আর্থিক ক্ষেত্ৰত সামান্য উন্নতি হ'ব।

বৃষ: বৃষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত অসুস্থ হ'ব পাৰে। মানসিক অশান্তিও কিছু থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকতো বিশেষ শুভ নহ'ব। ৰাজনীতিক আৰু সমাজকর্মী লাভবান হ'ব। শিক্ষার্থীৰ মনৰ উৎসুকতা বৃদ্ধি পাব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ কিছু শুভ কাৰক হ'ব। আর্থিক, বাণিজ্য আৰু কৰ্মত অলপ উন্নত হ'ব

মিথুন: মিথুন ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ শুভ কাৰক। মানসিক চিন্তাও বৃদ্ধি পাব পাৰে। প্ৰেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত সুখ-শান্তি থাকিব। বিদ্যাৰ্থীৰ উৎসাহ-উদ্দীপনা বাঢ়িব যদিও শংকাও থাকিব। শিল্পী, সাহিত্যিকৰ কিছু শুভ খবৰ লাভৰ যোগ। ৰাজনীতিক, সমাজকর্মী আৰু সংবাদকর্মীৰ সুনাম লাভ। কৰ্ম, আর্থিক আৰু বাণিজ্যত বাধাৰ মাজতো কিছু লাভজনক হ'ব।

কৰ্কট: কৰ্কট ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অসুস্থতাৰ যোগ। মনৰো সুখ-শান্তি বিঘ্নিত হ'ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত কিছু অশান্তি হব পাৰে। শিক্ষাৰ্থীৰ নতুন উচ্চ পৰিকল্পনাৰ যোগ। শিল্পী, সাহিত্যিক, আর্থিক সমস্যাৰ মাজতো উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনৈতিক নেতা আৰু সমাজকৰ্মীৰ মনৰ আশা পূৰ্ণত ব্যৰ্থ হ'ব। আর্থিক, বাণিজ্য আৰু কৰ্মত কিছু উন্নতি হ'ব।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ যদিও ৰক্তচাপ ৰোগীৰ অলপ অশান্তি বৃদ্ধি পাব। মানসিক ক্ষেত্ৰত শুভাশুভ মধ্যম কাৰক। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট তৎপৰতা বাঢ়িব। সাহিত্য-সংস্কৃতিত যুক্তসকলৰো অশান্তিৰ মাজেৰেও লাভৰ মুখ দেখিব। সংবাদসেৱা, সমাজকর্ম আৰু ৰাজনীতিত জড়িত। ব্যক্তিৰ উৎসাহিত হোৱাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি কাৰক।

কন্যা: কন্যা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ কাৰক। মানসিক ক্ষেত্ৰত শুভ যদিও হঠাতে হতাশ ভাব আহিব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উন্নতি কাৰক যোগাযোগ হ'ব। শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ কিছু পৰিমাণে উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত অলপ শুভফল পাব।

তুলা: তুলা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত সু-স্বাস্থ্যৰ কাৰক যদিও চকুৰ ৰোগ হ'ব পাৰে। মানসিক ক্ষেত্ৰত উৎসাহ বাঢ়িব। পৰিয়ালত কিছু অশান্তি হ'ব পাৰে। প্ৰেম-প্রীতিত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ চিন্তা ভাবনা বাঢ়িব। সাহিত্যিক-শিল্পীয়ে অশান্তি সত্ত্বেও উন্নতিমূলক কাম কাজত অগ্ৰসৰ হ'ব। ৰাজনীতি, সমাজসেৱাৰ লগত জড়িতসকলৰ সফলতা লাভৰ যোগ। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত সামান্য লাভবান হ'ব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ। মানসিক হতাশ হ'ব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত অবিশ্বাসী মনোভাবে অশান্তি বঢ়াব। শিক্ষার্থী প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত ব্যস্ত থাকিব। সাহিত্যিক আৰু শিল্পীৰ উন্নতিমূলক খবৰ লাভৰ যোগ। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িতসকলৰ উন্নতি হ'ব। বাণিজ্য, কর্ম আৰু আর্থিক বাধা সত্ত্বেও কিছু লাভৱান হ'ব।

ধনু: ধনু ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতা আৰু উন্নতিৰ যোগ। মনৰ সামান্য অশান্তি হ'ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ অধ্যয়নত উৎসাহজনক যদিও চিন্তাও বাঢ়িব। সাহিত্য, সংস্কৃতিৰে জড়িতসকল কিছু উৎসাহিত হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মানসিক অশান্তিৰ যোগ। আর্থিক, কৰ্ম আৰু বাণিজ্য়ত কিছু লাভৱান হ'ব।

মকৰ : মকৰ ৰাশিৰ আজিৰ দিনটোত শাৰীৰিক সুস্থতাৰ মাজতো অলপ ভৰিৰ বিষ হ'ব পাৰে। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক। সাহিত্য, সংস্কৃতিৰে জড়িতসকলে হতাশাৰ মাজতো কিছু লাভৱান হ'ব। বিদ্যাৰ্থীৰ আশা সফল হোৱাৰ যোগ। আৰ্থিক, ব্যৱসায় আৰু কৰ্মত বাধা সত্ত্বেও কিছু উন্নতি হ'ব।

কুম্ভ: কুম্ভ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। মানসিক অশান্তি হ্রাস পাব। প্রেম-প্রীতি আৰু সাংসাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অশান্তি হ'ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকল উৎসাহিত হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ হতাশা বাঢ়িব। কর্ম, বাণিজ্য আৰু আর্থিকত কিছু শুভ কাৰক হ'ব।

মীন: মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ। পৰিয়ালত আভ্যন্তৰীণ কাৰণত মানসিক অশান্তি হ'ব পাৰে। প্ৰেম-প্রীতিত মধ্যমীয়া। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অলপ মানসিক অশান্তি হ'ব। সাহিত্যিক, শিল্পীৰ মনত কিছু উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত কিছু উন্নত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই