--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশু হৈছে ঈশ্বৰৰ সুন্দৰ উপহাৰ। শিশু হৈছে দেশৰ অমূল্য সম্পদ। ল’ৰাই হওঁক বা ছোৱালীয়ে হওঁক সকলো শিশুৱে পাব লাগে সমান অধিকাৰ। কিন্তু বহুসময়ত কন্যা শিশুৰ প্ৰতি বিভিন্ন ৰাজ্যত অৱহেলিত মনোভাৱ পৰিলক্ষিত হয়৷ কন্যা শিশুৰ প্ৰতি মানুহৰ মাজত থকা বিভিন্ন ধৰণৰ লিংগ বৈষম্যমূলক নেতিবাচক চিন্তাধাৰা দূৰ উদ্দেশ্যৰে ভাৰতত পালন কৰা হয় ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস। ২৪ জানুৱাৰী দিনটো কন্যা শিশুৰ বাবে উচৰ্গিত এটা দিন। প্ৰত্যেক বছৰৰ ২৪ জানুৱাৰী তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হয় ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস।’ ভাৰতীয় সমাজত ছোৱালীসকলে সন্মুখীন হৈ অহা অসমতাৰ বিষয়ে মানুহক সজাগ কৰাৰ উদ্দেশ্য ‘ভাৰত চৰকাৰৰ নাৰী আৰু শিশু বিকাশ মন্ত্ৰালয়ে’ ২০০৮ চনৰ পৰা এই ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ৰ আয়োজন কৰি আহিছে। ভাৰতীয় সমাজত ছোৱালীসকলে সন্মুখীন হৈ অহা বাধা-বিঘিনি আৰু লিংগ বৈষম্যতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই পালন কৰা হয় এই দিৱস। এই দিৱসত কন্যা সন্তানৰ অধিকাৰৰ বিষয়ে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ছোৱালীৰ শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ গুৰুত্বৰ ওপৰতো সজাগতাৰ সৃষ্টি কৰা হয়। আজি দেশৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম