--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শাওণ মাহ আজিও চলি আছে। এই মাহটো শিৱ ভক্তৰ বাবে অতি গুৰুত্বপূৰ্ণ। শাওণত শিৱ আৰু পাৰ্বতী পূজা কৰিলে শুভ ফল পোৱা যায় বুলি লোকবিশ্বাস প্ৰচলিত। সেয়েহে ভক্তসকলে কিছু কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰি মহাদেৱক সন্তুষ্ট কৰিব বিচাৰে। জানো আহক শাওণৰ এই বিশেষ পদক্ষেপ, যাৰ দ্বাৰা আপুনিও শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰে।


১) ৰুগীয়া দেহাৰ পৰা পৰিত্ৰাণ পাবলৈ এই কেইটা কাম কৰক

শাওণত যেতিয়াই শিৱলিংগত অভিষেক কৰিব তেতিয়াই পানীত ক’লা তিল মিহলাই দিলে শাৰীৰিক ৰোগ আৰু মানসিক চাপৰ পৰা সকাহ পাব।

২) বিবাহিত জীৱনৰ অসুবিধা দূৰ কৰা প্ৰতিকাৰ

আপোনাৰ বিবাহিত জীৱনত যদি কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে শাওণ মাহটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিয়নো পতি-পত্নীয়ে  যদি শাওণ মাহৰ সোমবাৰৰ দিনা একেলগে পঞ্চমৃতেৰে শিৱ-পাৰ্বতীক সন্তুষ্ট কৰে তেনেহলে ভাল ফল পাব পাৰে।

৩) বিবাহত বাধাৰ প্ৰতিকাৰ আতৰাবলৈ কি কি কৰিব লাগে

বহু মানুহৰ বিবাহ পৰিকল্পনাত বাধাৰ সৃষ্টি হয়। শাওণৰ সকলো সোমবাৰে ব্ৰত পালন কৰক। ইয়াৰ লগতে পানীত গংগাজল মিহলাই শিৱলিংগত অভিষেক কৰক। এনে পৰিস্থিতিত এই প্ৰতিকাৰ আপোনাৰ বাবে হ’ব পাৰে উপযোগী। 

৪) প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা হোৱাৰ উপায়

প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাটো ইমান সহজ নহয়। ছাত্ৰ-ছাত্ৰীয়ে বছৰ বছৰ কষ্ট কৰাৰ পাছতো সফলতা লাভ কৰিবলৈ সক্ষম নহয়। সুফল পাবলৈ আপুনি শাওণৰ প্ৰতি সোমবাৰে ১১ টা গোটা বেলপাতত মৌ লগাই শিৱলিংগত অৰ্পণ কৰক। এই প্ৰতিকাৰৰ সহায়ত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।

৫) চাকৰিত পদোন্নতি পোৱাৰ উপায়

শাওণত শিৱ-পাৰ্ৱতীক পূজা কৰক আৰু শাওনৰ শেষ সোমবাৰে মাতৃ পাৰ্বতীক ৰূপৰ চৰণ পাদুকা উচৰ্গা কৰক। এই প্ৰতিকাৰৰ দ্বাৰা আপোনাৰ চাকৰি আৰু ব্যৱসায়ত লাভ বৃদ্ধিৰ সম্ভাৱনা আছে। চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ বাবে এই প্ৰতিকাৰ যথেষ্ট উপকাৰী। 

বি: দ্ৰ: ইয়াত দিয়া তথ্যসমূহ কেৱল জ্যোতিষৰ ওপৰত ভিত্তি কৰি তথ্যৰ বাবেহে দিয়া হৈছে এই কথা আমি নিশ্চিত কৰা নাই। যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে সংশ্লিষ্ট বিষয়ৰ বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় ল’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন