--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শাওণ মাহ আজিও চলি আছে। এই মাহটো শিৱ ভক্তৰ বাবে অতি গুৰুত্বপূৰ্ণ। শাওণত শিৱ আৰু পাৰ্বতী পূজা কৰিলে শুভ ফল পোৱা যায় বুলি লোকবিশ্বাস প্ৰচলিত। সেয়েহে ভক্তসকলে কিছু কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰি মহাদেৱক সন্তুষ্ট কৰিব বিচাৰে। জানো আহক শাওণৰ এই বিশেষ পদক্ষেপ, যাৰ দ্বাৰা আপুনিও শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰে।


১) ৰুগীয়া দেহাৰ পৰা পৰিত্ৰাণ পাবলৈ এই কেইটা কাম কৰক

শাওণত যেতিয়াই শিৱলিংগত অভিষেক কৰিব তেতিয়াই পানীত ক’লা তিল মিহলাই দিলে শাৰীৰিক ৰোগ আৰু মানসিক চাপৰ পৰা সকাহ পাব।

২) বিবাহিত জীৱনৰ অসুবিধা দূৰ কৰা প্ৰতিকাৰ

আপোনাৰ বিবাহিত জীৱনত যদি কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে শাওণ মাহটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিয়নো পতি-পত্নীয়ে  যদি শাওণ মাহৰ সোমবাৰৰ দিনা একেলগে পঞ্চমৃতেৰে শিৱ-পাৰ্বতীক সন্তুষ্ট কৰে তেনেহলে ভাল ফল পাব পাৰে।

৩) বিবাহত বাধাৰ প্ৰতিকাৰ আতৰাবলৈ কি কি কৰিব লাগে

বহু মানুহৰ বিবাহ পৰিকল্পনাত বাধাৰ সৃষ্টি হয়। শাওণৰ সকলো সোমবাৰে ব্ৰত পালন কৰক। ইয়াৰ লগতে পানীত গংগাজল মিহলাই শিৱলিংগত অভিষেক কৰক। এনে পৰিস্থিতিত এই প্ৰতিকাৰ আপোনাৰ বাবে হ’ব পাৰে উপযোগী। 

৪) প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা হোৱাৰ উপায়

প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাটো ইমান সহজ নহয়। ছাত্ৰ-ছাত্ৰীয়ে বছৰ বছৰ কষ্ট কৰাৰ পাছতো সফলতা লাভ কৰিবলৈ সক্ষম নহয়। সুফল পাবলৈ আপুনি শাওণৰ প্ৰতি সোমবাৰে ১১ টা গোটা বেলপাতত মৌ লগাই শিৱলিংগত অৰ্পণ কৰক। এই প্ৰতিকাৰৰ সহায়ত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।

৫) চাকৰিত পদোন্নতি পোৱাৰ উপায়

শাওণত শিৱ-পাৰ্ৱতীক পূজা কৰক আৰু শাওনৰ শেষ সোমবাৰে মাতৃ পাৰ্বতীক ৰূপৰ চৰণ পাদুকা উচৰ্গা কৰক। এই প্ৰতিকাৰৰ দ্বাৰা আপোনাৰ চাকৰি আৰু ব্যৱসায়ত লাভ বৃদ্ধিৰ সম্ভাৱনা আছে। চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ বাবে এই প্ৰতিকাৰ যথেষ্ট উপকাৰী। 

বি: দ্ৰ: ইয়াত দিয়া তথ্যসমূহ কেৱল জ্যোতিষৰ ওপৰত ভিত্তি কৰি তথ্যৰ বাবেহে দিয়া হৈছে এই কথা আমি নিশ্চিত কৰা নাই। যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে সংশ্লিষ্ট বিষয়ৰ বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় ল’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ