--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ৯০ দশকৰ অন্যতম বিখ্যাত অভিনেত্ৰী ৰবীনা টেণ্ডনৰ আজি জন্মদিন। ৪৯ বছৰীয়া জন্মদিন উদযাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে। 'টিপ টিপ বৰছা পানী'ত তেওঁৰ নৃত্যৰ লয়লাস ভংগীমাক এতিয়াও মানুহে মনত ৰাখিছে। দৰ্শকৰ মাজত ৰবীনা ‘মস্ত মস্ত গাৰ্ল’ নামেৰে জনাজাত। কিয়নো তেওঁ অভিনয় কৰা তু চীজ বড়ী হে মস্ত মস্ত গানটোৱে জনপ্ৰিয়তাৰ শিখৰ চুইছিল। তেতিয়াৰে পৰা ৰবীনাই নাম পায় ‘মস্ত মস্ত গাৰ্ল’। 

ৰবীনা টেণ্ডনৰ বয়স বৰ্তমান ৪৯ বছৰ কিন্তু সৌন্দৰ্য আৰু ফিটনেছৰ ফালৰ পৰা আজিৰ যুৱ অভিনেত্ৰীসকলতকৈ তেওঁ কোনো গুণে কম নহয়। আপুনি কেতিয়াবা ভাবিছেনে ৪৯ বছৰ বয়সতো দেখাত ইমান কম বয়সীয়া আৰু ফিট হৈ থাকিবলৈ ৰবীনা টেণ্ডনে কি খায়? যদি আপুনিও তেনে হৈ থাকিবলৈ বিচাৰে তেন্তে আহকচোন জানো ৰবীনা টেণ্ডনৰ ডায়েটৰ গোপন কথা।

ৰবীনাক কম বয়সীয়া দেখাৰ ৰহস্য কি?

ৰবীনাই কয় যে তেওঁ সন্তানৰ সৈতে ঘৰৰ চাদত ৱৰ্কআউট কৰি ভাল পায় আৰু তেওঁ ৱৰ্কআউটৰ বাবে কেতিয়াও জিমলৈ নাযায়। ইয়াৰ বাহিৰেও ৰবীনাই তেওঁৰ এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ বহুত ফল-মূল আৰু প্ৰ’বায়’টিক সেৱন কৰে, যাৰ ফলত তেওঁৰ বয়স অতি কম দেখা যায়। ৰবীনাই দৈ খুব খায়। ৰবীনাই জনোৱা মতে, দৈত এন্টিঅক্সিডেন্ট, লেক্টিক এচিড, ওমেগা ৩ ফেটি এচিড পোৱা যায় যিয়ে ছালৰ কলাজেন বৃদ্ধি কৰাত সহায় কৰে আৰু ছালখন সুস্থ, যৌৱনপুষ্ট কৰি ৰাখে। লগতে দৈ আৰু ফল-মূলে ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে।

ৰবীনাই লগতে জনায় যায় তেওঁ খাদ্যৰ কোনো বাচ-বিচাৰ নকৰে। যি মন যায় সেয়াই খায় ৰবীনাই। তেওঁ অন্য অভিনেত্ৰীৰ দৰে কোনো ধৰণৰ খাদ্য খোৱাৰ পৰা বিৰত নাথাকে। ৰবীনাই দৈনন্দিন খাদ্য তালিকাত মচুৰ দাইল, ভাজি, ৰুটি আৰু দৈ অন্তৰ্ভুক্ত কৰে। ৰবীনা দৈৰ প্ৰতি অতি আকৰ্ষিত আৰু তেওঁ কয় যে দৈয়ে পেটক ঠাণ্ডা কৰি ৰখাৰ কাম কৰে আৰু লগতে হজম কাৰ্য্যতো সহায় কৰে। 





ৰবীনাই কয় যে, মই সকলোধৰণৰ খাদ্য খাওঁ, তেল-মচলাযুক্ত খাদ্যও খাও, মিঠাই খায়ো মই খুব ভালপাওঁ কিন্তু খাদ্য খাই মই শুই-বহি নাথাকো। সময় উলিয়াই মই ব্যায়াম সদায় কৰো। 

ৰবীনাই কৰ’না মহামাৰীৰ সময়ত খাবলৈ আৰম্ভ কৰা এবিধ পানীয়ৰ কথা শ্বেয়াৰ কৰিছে। এই ঘৰতে বনোৱা পানীয় প্ৰস্তুত কৰিবলৈ ৰবীনাই নিজৰ ফাৰ্মৰ জৈৱিক হালধি, লং, আদা, জালুক, অজৱাইন আৰু অলপ ঘিউ ব্যৱহাৰ কৰে। এই টনিকে ৰবীনাক সক্ৰিয় আৰু ফিট কৰি ৰখাই নহয়, তেওঁৰ ওজনকো নিয়ন্ত্ৰণত ৰাখে।

ৰবীনাই সাঁতোৰ, যোগাসন আৰু কাৰ্ডিঅ’ কৰি ভাল পায় আৰু ঘৰতে থাকি এই সকলোবোৰ কৰে। ছ’চিয়েল মিডিয়াতো যোগাসন কৰি থকাৰ সময়ত ৰবীনাই তেওঁৰ বহু ভিডিঅ’ শ্বেয়াৰ কৰিছে। তেওঁ জিম যোৱাত কেতিয়াও প্ৰাধান্য নিদিয়ে। এইগৰাকী প্ৰাণৱন্ত অভিনেত্ৰীলৈ আমাৰ ফালৰ পৰাও থাকিল শত-সহস্ৰ শুভকামনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক