--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ এক সাক্ষাৎকাৰ দিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে। এই সাক্ষাৎকাৰত ৰিয়াই ২০২০ চনত জে’লত থকাৰ অভিজ্ঞতা ব্যক্ত কৰিছে। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ৰিয়া চক্ৰৱৰ্তীয়ে ২৮ দিন জে’লত থাকিব লগা হৈছিল। অভিনেত্ৰীগৰাকীয়ে প্ৰয়াত অভিনেতাগৰাকীৰ বাবে ড্ৰাগছ কিনিছিল বুলি অভিযোগ উত্থাপন হৈছিল। 

একে সময়তে সুশান্তৰ পৰিয়ালৰ লোকে আনকি সুশান্তৰ মৃত্যুৰ বাবে ৰিয়া দায়ী বুলিও অভিযোগ উত্থাপন কৰিছিল। যি নহওক, এতিয়া আহোঁ সেই সাক্ষাৎকাৰটোলৈ, য’ত ৰিয়াই জেলত থকাৰ সময়ছোৱাত নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিছে।

ৰিয়াই কয় যে জে’লৰ ভিতৰত আপোনাক কেৱল এটা নম্বৰেৰে চিনাক্ত কৰা হয়, যিটো আপোনাক দিয়া হয়। সমাজে আপোনাক প্ৰত্যাখ্যান কৰাৰ বাবেই আপুনি জে’লত থাকিবলগীয়া হয়। ৰিয়াই আৰু কয় যে তেওঁক সেই জেলত ৰখা হৈছিল য’ত বিচাৰৰ অধীনত থকা কয়দীক ৰখা হয়। ৰিয়াই কয় যে তেওঁ জেলত বহুতো আণ্ডাৰট্ৰাইল মহিলা বন্দী পাইছিল যিসকলৰ বিৰুদ্ধে অভিযোগ আছিল যদিও দোষী সাব্যস্ত হোৱা নাছিল।

ৰিয়াৰ মতে, জেলত থকা সময়ছোৱাত এই মহিলাসকলৰ সৈতে কথা পাতি থাকোঁতে তেওঁ বহু কথা শিকিছিল। এই মহিলাসকলে সৰু সৰু কথাত সুখ বিচাৰিবলৈ শিকিছিল। ৰিয়াৰ মতে, এই মহিলাসকলে দেওবাৰে ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে চিংৰা পাব বা কোনোবাই তেওঁলোকৰ বাবে নাচিব বুলিও সুখ পাইছিল। ৰিয়াই কয় যে এই মহিলাসকলে সুখৰ মুহূৰ্ত বিচাৰি উলিয়াব জনাৰ লগতে সেইবোৰ কেনেকৈ ধৰি ৰাখিব লাগে জানিছিল। 

অভিনেত্ৰীগৰাকীৰ মতে জে’লত থাকোতে তেওঁ পৃথিৱীৰ আটাইতকৈ সুখী মানুহক লগ পাইছিল যদিও অৱশ্যেই জেলত কটোৱা সময়খিনি তেওঁৰ বাবে নৰকৰ দৰে আছিল। উল্লেখ্য যে শেহতীয়াকৈ টিভিৰ ৰিয়েলিটি শ্ব’ ৰ’ডিজৰ জৰিয়তে ৰিয়াই সৰু পৰ্দাত কামবেক কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক