--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ এক সাক্ষাৎকাৰ দিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে। এই সাক্ষাৎকাৰত ৰিয়াই ২০২০ চনত জে’লত থকাৰ অভিজ্ঞতা ব্যক্ত কৰিছে। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ৰিয়া চক্ৰৱৰ্তীয়ে ২৮ দিন জে’লত থাকিব লগা হৈছিল। অভিনেত্ৰীগৰাকীয়ে প্ৰয়াত অভিনেতাগৰাকীৰ বাবে ড্ৰাগছ কিনিছিল বুলি অভিযোগ উত্থাপন হৈছিল। 

একে সময়তে সুশান্তৰ পৰিয়ালৰ লোকে আনকি সুশান্তৰ মৃত্যুৰ বাবে ৰিয়া দায়ী বুলিও অভিযোগ উত্থাপন কৰিছিল। যি নহওক, এতিয়া আহোঁ সেই সাক্ষাৎকাৰটোলৈ, য’ত ৰিয়াই জেলত থকাৰ সময়ছোৱাত নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিছে।

ৰিয়াই কয় যে জে’লৰ ভিতৰত আপোনাক কেৱল এটা নম্বৰেৰে চিনাক্ত কৰা হয়, যিটো আপোনাক দিয়া হয়। সমাজে আপোনাক প্ৰত্যাখ্যান কৰাৰ বাবেই আপুনি জে’লত থাকিবলগীয়া হয়। ৰিয়াই আৰু কয় যে তেওঁক সেই জেলত ৰখা হৈছিল য’ত বিচাৰৰ অধীনত থকা কয়দীক ৰখা হয়। ৰিয়াই কয় যে তেওঁ জেলত বহুতো আণ্ডাৰট্ৰাইল মহিলা বন্দী পাইছিল যিসকলৰ বিৰুদ্ধে অভিযোগ আছিল যদিও দোষী সাব্যস্ত হোৱা নাছিল।

ৰিয়াৰ মতে, জেলত থকা সময়ছোৱাত এই মহিলাসকলৰ সৈতে কথা পাতি থাকোঁতে তেওঁ বহু কথা শিকিছিল। এই মহিলাসকলে সৰু সৰু কথাত সুখ বিচাৰিবলৈ শিকিছিল। ৰিয়াৰ মতে, এই মহিলাসকলে দেওবাৰে ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে চিংৰা পাব বা কোনোবাই তেওঁলোকৰ বাবে নাচিব বুলিও সুখ পাইছিল। ৰিয়াই কয় যে এই মহিলাসকলে সুখৰ মুহূৰ্ত বিচাৰি উলিয়াব জনাৰ লগতে সেইবোৰ কেনেকৈ ধৰি ৰাখিব লাগে জানিছিল। 

অভিনেত্ৰীগৰাকীৰ মতে জে’লত থাকোতে তেওঁ পৃথিৱীৰ আটাইতকৈ সুখী মানুহক লগ পাইছিল যদিও অৱশ্যেই জেলত কটোৱা সময়খিনি তেওঁৰ বাবে নৰকৰ দৰে আছিল। উল্লেখ্য যে শেহতীয়াকৈ টিভিৰ ৰিয়েলিটি শ্ব’ ৰ’ডিজৰ জৰিয়তে ৰিয়াই সৰু পৰ্দাত কামবেক কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান