--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজি বিশ্ব হাঁওফাঁও দিৱস।প্ৰতি বছৰে ২৫ ছেপ্টেম্বৰৰ দিনটোত  বিশ্ব হাঁওফাঁও দিৱস পালন কৰা হয়।হাঁওফাঁওৰ সুস্থতা তথা হাঁওফাঁওক আক্ৰান্ত কৰিব পৰা বিভিন্ন কাৰকৰ বিষয়ে সজাগ কৰিবলৈ আজিৰ দিনটোত বিশ্ব হাঁওফাঁওৰ  দিৱস পালন কৰা হয়। বিশ্ব হাঁওফাঁও দিৱস হৈছে ফ’ৰাম অফ ইণ্টাৰনেচনেল ৰেস্পিৰেটৰী চ’চাইটিজ (এফ.আই.আৰ.এছ.)-এ উদযাপন কৰা এটা বিশেষ দিন।

বিগত কিছু বছৰৰ পৰা হাঁওফাঁওৰ কৰ্কট ৰোগে সংহাৰী ৰূপ ধাৰণ কৰিছে।ধূমপান, প্ৰদূষিত পৰিবেশ আদিয়েই ইয়াৰ মুখ্য কাৰণ বুলি ভবা হৈছে। সচৰাচৰ হোৱা কৰ্কট ৰোগবোৰৰ ভিতৰত ইয়ো এটাআন কৰ্কট ৰোগৰ তুলনাত হাঁওফাঁওৰ কৰ্কট ৰোগে প্ৰতিবছৰে অধিক লোকৰ প্ৰাণহানি ঘটাই  আহিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি হাঁওফাঁও কৰ্কট ৰোগত আক্ৰান্ত হোৱা পাঁচজনৰ ভিতৰত প্ৰায় এজনৰ মৃত্যু হয় । ২০১২ চনত বিশ্বত হাঁওফাঁওৰ কৰ্কট ৰোগী সংখ্যা আছিল ১.৮ নিযুত আছিল।২০১৮ চনত এই সংখ্যা আছিল ২.০৯ নিযুত। তদুপৰি, কেৱল ২০১৮ চনত হাঁওফাঁওৰ কৰ্কট ৰোগত ১.৭৬ নিযুত লোকে প্ৰাণ হেৰুৱাইছিল। বিশ্বত আন কৰ্কট ৰোগৰ তুলনাত হাঁওফাঁওৰ কৰ্কট ৰোগত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে ১৭.৮ শতাংশ।

হাঁওফাঁওৰ কৰ্কট ৰোগৰ কিছুমান লক্ষণ হৈছে:- শ্লেষ্মাৰ পৰিৱৰ্তন , কাহিলে তেজ ওলোৱা, বুকু বা পিঠিৰ বিষ, বস্তু গিলাত অসুবিধা পোৱা  ইত্যাদি। ৫০ বছৰৰ তলৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা। মূলতঃ জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবেই এই বয়সৰ লোকসকল কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পাইছে বুলি মাৰ্কিন গৱেষকৰ গৱেষণাত প্ৰকাশ পাইছে। শেহতীয়াকৈ এক অধ্যয়ন অনুসৰি ৫০ বছৰ বয়সৰ আগতে ধৰা পৰা কৰ্কট ৰোগৰ ঘটনা সমগ্ৰ বিশ্বতে ভয়ংকৰভাৱে বৃদ্ধি পাইছে।

 ৫০ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত হোৱা কৰ্কট ৰোগৰ ভিতৰত আছে হাঁওফাঁও, স্তন, মলাশয়, খাদ্যনলী, বৃক্ক, যকৃত আৰু অগ্ন্যাশয়ৰ কৰ্কট ৰোগ। সুৰা পান, টোপনি ক্ষতি, ধূমপান, মেদবহুলতা, আৰু উচ্চ মাত্ৰাত সংসাধিত খাদ্য গ্ৰহণ আদি কাৰকৰ বাবেই ৫০ বছৰৰ তলৰ অধিকাংশ লোক কৰ্কট ৰোগত আক্ৰান্ত হয় বুলি গৱেষকসকলে কৈছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ধঁপাত সেৱনৰ ফলত প্ৰতি বছৰে প্ৰায় 8 নিযুত লোকৰ মৃত্যু হয় যাৰ ভিতৰত ১.২ নিযুত লোক নিষ্ক্ৰিয় ধূমপানৰ সংস্পৰ্শলৈ অহাৰ ফলত মৃত্যুক সাৱটি ল'বলগীয়া হয়। সেয়ে ধূমপানৰ পৰা বিৰত থাকি এটা সুস্থ জীৱন যাপন কৰিবলৈ ধূম্ৰপায়ীসকলে আজিৰেই পৰাই অংগীকাৰবদ্ধ হওঁক।

ধপাতজাত সামগ্ৰী, ঔদ্যোগিক সামগ্ৰী যেনে ইউৰেনিয়াম, এচবেষ্টছ, বিকিৰণ আদি, বায়ু প্ৰদূষণ, আৰু পুষ্টিৰ অভাৱৰ বাবে এনে কৰ্কট ৰোগ হোৱা দেখা যায়। শেহতীয়া অধ্যয়নবোৰে দেখুৱাইছে যে কাৰ্চিনোজেনিক সামগ্ৰীয়ে হাঁওফাঁওৰ কৰ্কটৰোগৰ আশংকা বৃদ্ধি কৰে।আমেৰিকান লাং এছ’চিয়েশ্যনৰ মতে প্ৰতি বছৰে ১.৬ নিযুত লোক হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

ধূমপান হাঁওফাঁওৰ কৰ্কট ৰোগৰ আন এক প্ৰধান কাৰক  হাঁওফাঁওৰ কৰ্কট ৰোগৰ ৯৪ শতাংশৰ বাবে ধূমপান দায়ী।ধূমপান নকৰা লোকৰ তুলনাত ধূমপান কৰা লোকৰ ক্ষেত্ৰত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ২৪ ৰ পৰা ৩৬ গুণ বেছি। নিষ্ক্ৰিয় ধূমপানত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ৩.৫ শতাংশ। যদিহে আপুনি সঁচাকৈয়ে ধূমপান ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে তেন্তে আপুনি জানিব আপুনি জীৱনক, আপোনাৰ পৰিয়ালক, সমাজক অধিক ভালপাবলৈ আৰম্ভ কৰিছে।

কিদৰে ত্যাগ কৰিব ধূমপানৰ অভ্যাস?
ধূমপান ত্যাগ কৰাৰ দিশত প্ৰথম পদক্ষেপটো হ’ল দৃঢ়ভাৱে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা।ধূমপানে কেৱল ধূমপান কৰাজনৰ বাবেই ক্ষতিকাৰক নহয়,  তেওঁৰ চাৰিওফালৰ লোকসকলৰ বাবেও ই ক্ষতিকাৰক।

নিকোটিনৰ সলনি আন বস্তু ব্যৱহাৰ কৰক
ধূমপান হঠাতে ত্যাগ কৰিলে নিকোটিন প্ৰত্যাহাৰৰ ফলত মূৰৰ বিষৰ দৰে লক্ষণে দেখা দিব পাৰে। সেয়েহে, নিকোটিন গামৰ দৰে নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপীয়ে এনে পৰিস্থিতিত লোক এজনক সহায় কৰিব পাৰে।

চেনিবিহীন গাম চোবাওক
যদি আপোনাৰ  আহাৰৰ পিছত ধূমপান কৰাৰ অভ্যাস আছে তেন্তে  চুইংগাম ওবাব পাৰে। ওপৰত ই আপোনাৰ ধঁপাতৰ প্ৰতি আগ্ৰহ কমোৱাত  সহায় কৰিব। কেঁচা গাজৰ আৰু বাদাম খালে ধঁপাতৰ প্ৰতি আগ্ৰহ নিয়ন্ত্ৰণত সহায় হয়।

যোগাসন কৰক
হাঁওফাঁও সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে প্ৰাণায়াম আৰু আন যোগাসন কৰক। যোগাসন আৰু ব্যায়ামে আপোনাৰ শৰীৰ -মন সুস্থ তথা সতেজ কৰি তুলিব।খোজ কঢ়া আৰু জগিং কৰাৰ দৰে সাধাৰণ ব্যায়ামেৰে আৰম্ভণি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু