--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহিলাৰ ঋতুস্ৰাৱ এনে এক প্ৰক্ৰিয়া যি প্ৰায় ১২ বছৰ বয়সৰ পৰা আৰম্ভ হৈ ৫০ বছৰ বয়সলৈকে থাকে। প্ৰতিমাহে ৩ৰ পৰা ৭ দিন এনে প্ৰক্ৰিয়া অব্যাহত থাকে। এই পিৰিয়ডৰ সময়তে প্ৰতিগৰাকী নাৰীয়েই বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

১. পিৰিয়ডৰ বিষৰ পৰা কেনেকৈ সকাহ পাব?

প্ৰতিগৰাকী মহিলাই পিৰিয়ডৰ সময়ত পেটৰ তলৰ অংশত তীব্ৰ বিষ অনুভৱ কৰে। এনে অৱস্থাত আজি আমি ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষৰ পৰা হাত সাৰিবলৈ কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব। পিৰিয়ড ডায়েটত কিচমিচ, কেশৰ আৰু ঘিউ আদি সৰল পাকঘৰৰ উপাদানৰ সহায়ত এই বিষৰ সৈতে মোকাবিলা কৰিব পাৰি।

 ২. কিচমিচ আৰু কেশৰৰে পাওক বিষৰ পৰা মুক্তি-

সৰু সৰু বাটি দুটা লওক। এটাত ক’লা কিচমিচ (৪ বা ৫), আৰু আনটোত কেশৰ (১-২) দিব। পুৱা সেইখিনি মিহলি কৰি খালে উপকৃত হ’ব। পিৰিয়ড ক্ৰেম্প আৰু ব্লাটিং সমস্যাৰ বাবে এইবোৰ অতি উত্তম। ইয়াৰ উপৰি ই কোষ্ঠকাঠিন্য হ্ৰাস কৰাৰ লগতে শৰীৰত আইৰনৰ অভাৱ পূৰণ কৰিব পাৰে।

৩. মহিলাসকলে বিষনাশকৰ সহায় লয়-

পিৰিয়ডৰ সময়ত প্ৰতিগৰাকী নাৰীক বহুতো ভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক সমস্যাই অসুবিধাত পেলায়। কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল পেটৰ তলৰ অংশত তীব্ৰ বিষ অনুভৱ কৰা। ফলত ইয়াৰ পৰা সকাহ পাবলৈ মহিলাসকলে বিষনাশক ঔষধৰ আশ্ৰয় লয়। যিয়ে আগলৈ গৈ তেওঁলোকৰ ডাঙৰ ক্ষতি কৰিব পাৰে। গতিকে মহিলাসকলে বিষনাশক ঔষধ যিমান পাৰি কমকৈ গ্ৰহণ কৰিব।

৪. গৰম পানীৰ বটল বা হিটিং পেড-

গৰম পানীৰ বেগ, হিটিং পেড বা কাঁচৰ বটলত গৰম পানী ভৰাই পেটটো আৰু পিঠিৰ তললৈকে প্ৰায় ১০-১৫ মিনিটমান কম্প্ৰেছ কৰি ৰাখিব লাগে। পিৰিয়ডৰ সময়ত বিষৰ পৰা উপশম পাবলৈ ঔষধ খোৱাৰ দৰেই গৰম পানীৰ কম্প্ৰেছেও কাম কৰে।

৫. হিং খাব পাৰে-

যদি আপুনিও পিৰিয়ডৰ সময়ত পেটৰ বিষ আৰু অন্যান্য সমস্যাৰ বাবে  হিং গ্ৰহণ কৰিব পাৰে। অকল পিৰিয়ডৰ সময়ত এনে কৰা উচিত নকৰি গোটেই মাহটোৰ বাবে কৰক। ই এটা আয়ুৰ্বেদিক পদ্ধতি, যিয়ে আপোনাৰ পেটৰ তলৰ পেশীবোৰ শক্তিশালী কৰাত সহায় কৰে, ইয়াৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে আৰু পিৰিয়ডৰ সময়ত বিষৰ কাৰণবোৰ দূৰ কৰে।

৬. মেথিৰ গুটিও উপকাৰী-

১২ ঘণ্টাৰ আগতে মেথিখিনি পানীত তিয়াই থ’ব লাগে, তাৰ পাছত মেথিখিনি তাৰ পৰা চেকি পানীখিনি খালে উপকৃত হ’ব।

৭. অধিক পানী খাব লাগে-

পানী খালে শৰীৰ হাইড্ৰেটেড হৈ থাকে। পেট বিষৰ পৰা সকাহ পোৱাৰ আটাইতকৈ সহজ উপায় হ’ল-অধিক পৰিমাণে পানী খোৱা। ইয়াৰ বাহিৰেও চাহ বা কফি সেৱন কৰাটোও উপকাৰী।

৮. সেউজীয়া শাক-পাচলি খাব লাগে-

খাদ্যত কল, সেউজীয়া শাক-পাচলি আৰু কচু খাব লাগে। এইবোৰত যথেষ্ট পৰিমাণে ভিটামিন থকা উপৰি ই আইৰনৰ প্ৰধান উৎস।

৯. এই সমস্যাবোৰৰ সন্মুখীন হ’বলগীয়া হৈছে-

পিৰিয়ডৰ সময়ত মহিলাসকলে এচিডিটি, বদহজম, কঁকালৰ বিষ, উৰুৰ বিষ, পেটৰ বিষ, মূৰৰ বিষ, স্তনত গধুৰ হোৱা, দুৰ্বলতা আদি বহুতো সমস্যাৰ সন্মুখীন হয়। বহু মহিলাৰ ইমান বিষ হয় যে তেওঁলোকৰ দৈনন্দিন কাম-কাজত প্ৰভাৱ পৰে।

১০. ৰক্তহীনতা প্ৰতিৰোধ কৰে-

প্ৰতিমাহে হোৱা এই ৰক্তক্ষৰণেও আপোনাক দুৰ্বল কৰি তুলিব পাৰে। যদি আপুনি অনুভৱ কৰে যে আপোনাৰ মাহেকীয়া অতি গধুৰ হয়, তেন্তে আপুনি ৰক্তহীনতাৰ বলি হ’ব পাৰে। তেজত পৰ্যাপ্ত পৰিমাণে সুস্থ ৰক্তকণিকা বা হিম’গ্লবিন নাথাকিলে এনিমিয়া হয়। সেয়েহে এই সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু