--°C
Loading...
Listen to Article
2 min read
80%
বুধবাৰ, ১১ অক্টোবৰ, ২৩ আহিন,

মেষঃ শৰীৰ প্ৰায় ভালেই৷ পাৰবাৰিক জীৱন শুভাশুভ মিশ্ৰিত৷ প্ৰৱাসত থকা সন্তানক লৈও চিন্তিত৷ পুৰণা দিনৰ কথা ৰোমন্থন কৰি ভাল পাব৷শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১,৯৷ শুভ ৰং ৰঙা৷ 

বৃষঃ মন কিছু ফৰকাল পাব৷ বন্ধুবৰ্গ পৰিৱেষ্টিত পৰিৱেশ ভাল পাব৷ আপোনাৰ উন্নতিত বিপৰীত লিংগৰ প্ৰভাৱ থাকিব৷ কৰ্মত দক্ষতা প্ৰকাশ৷শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং বগা৷ 

মিথুনঃ কোনো স্থাৱৰ বা অস্থাৱৰ সা-সম্পত্তি লোৱাৰ কথা ভাবিব পাৰে৷ চৌখিনভাৱে থাকি ভাল পাব৷ ব্যৱসায়ত শুভ৷ হঠাৎ কোনো শুভ সংযোগ লাভ৷ বিদ্যাত শুভ৷শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ১, ৫৷ শুভ ৰং গেৰুৱা৷ 

কৰ্কটঃ শাৰীৰিক দিশত আমনি কম৷ সাহিত্য-সংগীত আদি কলাত যোগ্যতা প্ৰকাশ৷ ৰাজহুৱা কামত সুখ্যাতি লভিব৷ প্ৰেমত মধ্যম৷শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং মুগা৷ 

সিংহঃ স্বাস্থ্য প্ৰায় ভালেই৷ ঘৰুৱা জীৱন খুব উন্নত নাপাব৷ আৰ্থিক উন্নতিৰ মৃদু যোগ৷ ক্ষেত্ৰ বিশেষে পাণ্ডিত্য প্ৰতিভাৰ স্ফুৰণ ঘটিব৷শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ১,৯৷ শুভ ৰং সোণালী৷ 

কন্যাঃ দূৰ ভ্ৰমণৰ যো-জা৷ সংগ দোষৰ পৰা সাৱধান হওক৷ সামাজিক প্ৰতিপত্তি অটুট থাকিব৷ আৰ্থিক উন্নতিৰ যোগ৷শুভ কাৰক গ্ৰহ বুধ, শনি৷ শুভ সংখ্যা ৫,৭৷ শুভ ৰং কফি৷ 






তুলাঃ স্বাস্থ্য খুব উন্নত নাপাব৷ কোনোৱে পেটৰ অভ্যন্তৰীণ অসুখত ভুগিব পাৰে৷ মন চঞ্চল৷ উপৰুৱা চিন্তাই বিদ্যাৰ্থীক বিদ্যাৰ্জনত বাধা দিব৷ খৰচৰ মাত্ৰা ঊধ্বৰ্গতিত৷শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং পাতল নীলা৷ 

বৃশ্চিকঃ পাৰিবাৰিক জীৱন খুব উন্নত নাপাব৷ আনহাতে অবাঞ্ছিত খৰচে চিন্তাত পেলাব৷ ঔষধালয়, হোটেল, পণ্য দ্ৰব্য, কাপোৰ আদিৰ ব্যৱসায়ত প্ৰচুৰ উন্নতিৰ যোগ৷শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১,৯৷ শুভ ৰং গেৰুৱা৷ 

ধনুঃ ৰাশিৰ কেন্দ্ৰত শুভদায়ক বুধাদিত্য যোগ, উভয়চৰী যোগ আদি থকাত প্ৰায় কৰ্মতে সুফল পাব৷ মান-মৰ্যাদা লাভ৷শুভ কাৰক গ্ৰহ  বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং সোণালী৷ 

মকৰঃ বুদ্ধিজীৱীৰ খ্যাতি লাভ৷ শুভাকাংক্ষীৰ আগমন হ’ব৷ দাম্পত্য জীৱনত খুত-খাত থাকিব৷ ধৰ্মীয় কৰ্মত ৰাপ বাঢ়িব৷শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা ৭,৯৷ শুভ ৰং নীলা৷ 

কুম্ভঃ স্বাস্থ্য প্ৰায় ভালেই৷ দাম্পত্যত বুজাবুজি থাকিব৷ ভ্ৰমণ হ’ব পাৰে৷ অৱশ্যে ফুৰা-চকাত সাৱধান হোৱা ভাল৷ বিদ্যাত শুভ৷শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং নীলা৷ 

মীনঃ আৰ্থিক সমস্যাই কিছু আমনি দিব৷ শত্ৰুৰ ষড়যন্ত্ৰ সফল নহ’ব৷ ঘৰুৱা জীৱন সুখৰেই৷ অলপ যত্ন কৰিলেই বিদ্যাৰ্থীয়ে সুফল দেখুৱাব পাৰিব৷শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং গুলপীয়া৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement