--°C
Loading...
Listen to Article
2 min read
80%
২২ আগষ্ট ২০২৩, মঙলবাৰ

মেষঃ দিনটো ভালেই যাব। য'তেই নাথাকক, বন্ধু-বান্ধৱৰ অভাৱ নহ'ব। মাতৃৰ স্বাস্থ্য কিছু দুর্বল হোৱাৰ সম্ভাবনা। সামাজিক প্রতিপত্তি অটুট থাকিব। শুভ কাৰক গ্রহ মণ্ডল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং ৰঙা। 

বৃষঃ আপোনাৰ জীৱনত বিপৰীত লিংগৰ প্ৰভাৱ পৰিব। আর্থিক সমস্যাই মাজে মাজে আমনি দিব। সামাজিক কামত জড়িত থাকি ভাল পাব। যি কামেই কৰক, মান-মর্যাদা পাব। শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২,৬। শুভ ৰং গেৰুৱা । 

মিথুনঃ লেখক-লেখিকা তথা বুদ্ধিজীৱীৰ সন্মান লাভ। ঘৰুৱা পৰিৱেশ যথেষ্ট উন্নত। ধর্মীয় কৰ্মত মনোনিৱেশ আৰু ৰাইজৰ পৰা প্ৰশংসা পাব। শুভ কাৰক গ্রহ বুধ, ৰবি । শুভ সংখ্যা ১,৫। শুভ ৰং ক'লা। 

কৰ্কটঃ শৰীৰ প্ৰায় ভালেই। যি কামতেই হাত দিয়ক, আপুনি সফল হ'ব। বিদ্যা-বুদ্ধিত ভালেই। খেলা-ধূলা, সংগীত, নাটক আদিত কলাপ্ৰেমীৰ সুখ্যাতি আৰু যোগ্যতা প্রকাশ। শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং বেঙুনীয়া। 

সিংহঃনিৰিবিলি পৰিৱেশ ভাল পাব। আপুনি মনে ভবা কামবিলাক আগুৱাই নিয়াত বাধা নাপাব। সন্তান প্রীতি বাঢ়িব। কর্মক্ষেত্ৰত সহায়-সহযোগ পাব। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং নীলা। 

কন্যাঃ স্বাস্থ্য মজলীয়া। কোনোৱে বিষ-বেদনাদিত ভুগিব পাৰে। ৰাজহুৱা কামত ব্যস্ত থাকোতে নিজৰ স্বাৰ্থৰ কথা ভাবিবলৈ আজৰিয়েই নাপাব। শত্ৰুৰ প্ৰভাৱ পৰিব। শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫, ৭। শুভ ৰং গুলপীয়া। 

তুলাঃ শৰীৰ প্ৰায় ভালেই। বিদ্যা-বুদ্ধিত বেয়া নহয়। ধর্মীয় কৰ্মত মনোযোগ। শিল্পী-সাহিত্যিক তথা বুদ্ধিজীৱীৰ সুখ্যাতি লাভ। ঘৰুৱাত চকু ৰাখক। শুভ কাৰক গ্ৰহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং ক’লা। 

বৃশ্চিকঃ কোনো কাৰণত মন কিছু মুকলি পাব। সকলো গ্ৰহৰ দৃষ্টি, কৰ্ম স্থানত শুভ কাৰক। বুধাদিত্য যোগ আৰু উভয়চৰী যোগ আৰু ঘটশূন্য যোগ হোৱাত প্রায় কর্মতে সফল হ'ব। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা । শুভ কাৰক গ্ৰহ মণ্ডল, ৰবি শুভ সংখ্যা ১, ৯। শুভ ৰং সোণালী। 

ধনুঃ ৰাশ্যাধিপতি গুৰুৰ সুদৃষ্টি পৰাৰ উপৰি ৰাশ্যাধিপতি ৰাশিৰ লক্ষ্মী স্থানত থকাত আর্থিক উন্নতিৰ যোগ। ব্যৱসায়ত শুভ। যিকোনো জটিল পৰিস্থিতি সহজে অতিক্ৰম হ'ব পাৰিব। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং মুগা। 

মকৰঃ ৰাশিত শনিৰ সাৰে সাত চলি থকাৰ বাবে বাধা-বিঘিনিৰ মাজেদিহে দিনটো আগুৱাব। বিশেষ কামত পর্যাপ্ত ধন নোহোৱাত ঋণ-ধাৰ কৰিব লগা হ'ব পাৰে।  শুভ কাৰক গ্ৰহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং নীলা। 

কুম্ভঃ স্বাস্থ্য মজলীয়া। কোনোৱে ৰক্তচাপজনিত অসুখত ভুগিব পাৰে। পাৰিবাৰিক জীৱন গতানুগতিক। মাংগলিক কৰ্মৰ যো-জা হ'ব পাৰে। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং বগা। 

মীনঃ হঠাৎ কোনো সুখবৰ পাই মন প্রফুল্লিত থাকিব। ৰাজহুৱা কামত ব্যস্ততা। প্রেম-প্রীতিত মধ্যম। পিছে শনিৰ অশুভ সাৰে সাত চলি থকা বাবে কৰ্মৰ অগ্ৰগতিত বাধা পাব। আর্থিক উন্নতি হ'লেও সেইদৰে খৰচৰ মাত্ৰাও বৃদ্ধি পাব । শুভ কাৰক গ্রহ বৃহস্পতি, শুক্র। শুভ সংখ্যা ৩, ৬। শুভ ৰং হালধীয়া।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা