--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ নিৰ্মাণ কৰিবলৈ মাটি নিৰ্বাচন কৰাটো প্ৰয়োজনীয় কথা। যিকোনো মাটিত ঘৰ নিৰ্মাণ কৰাটো উচিত নহয়। সেই মাটি ঘৰ নিৰ্মাণৰ বাবে উপযুক্ত হয়নে নহয়, সেইকথা প্রথমে নির্ধাৰণ কৰি ল'ব লাগে। যদি সেই মাটি ঘৰ নিৰ্মাণৰ বাবে উপযুক্ত নহয় বুলি ভবা হয় তেন্তে তেনে মাটিত ঘৰ নিৰ্মাণ কৰিলে গৃহস্থৰ অপায়-অমংগল হ'ব পাৰে। সেইবাবে গৃহ নিৰ্মাণৰ পূৰ্বে মাটি পৰীক্ষা কৰি লোৱাটো অতি প্রয়োজনীয় কথা। মাটি পৰীক্ষা কৰিবলৈ বাস্তুশাস্ত্ৰত একাধিক পদ্ধতি অৱলম্বন কৰা হয়। এনে পদ্ধতিসমূহৰ ভিতৰত কেইটামান পদ্ধতি হ'ল—

 ঘৰ নিৰ্মাণ কৰিব বিচৰা মাটিত প্ৰায় এফুটমান গভীৰ এটা গাঁত খান্দক। সেই গাঁতটো পানীৰে পূৰ্ণ কৰক। ইয়াৰ পিছত গাঁতটোৰ পৰা প্ৰায় এশখোজ মান আগলৈ আগবাঢ়ি যাওক। ইয়াৰ পিছত পুনৰ গাঁতটোৰ কাষলৈ উভতি আহক। যদি গাঁতটোৰ ভিতৰত পানী হ্রাস নাপায় তেন্তে বুজিব যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি। যদি গাঁতটোৰ পানী সামান্য কমে তেন্তে বুজিব যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মধ্যম শ্রেণীৰ মাটি। আনহাতে গাঁতটোৰ পানী যদি সম্পূৰ্ণৰূপে শুকাই যায় তেতে সেই মাটি গৃহ নিৰ্মাণৰ বাবে অনুপযুক্ত মাটি বুলি ধৰি ল'ব লাগিব। তেনে মাটিত গৃহ নিৰ্মাণ কৰিলে অশুভ ফলহে লাভ হ'ব।


মাটি পৰীক্ষা কৰাৰ আন এটা পদ্ধতি হ'ল প্ৰথমে মাটিত এটা সৰু গাঁত খান্দক। সেই গাঁত খান্দোতে যি মাটি ওলায়, সেই মাটিৰে গাঁতটি পূৰাই দিয়ক। যদি সেই মাটিৰে গাঁতটি পূৰাই দিয়াৰ পিছত কিছু পৰিমাণে মাটি ৰৈ যায়। তেন্তে বুজিব যে সেই ভূমি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত ভূমি। যদি গাঁতটি পূৰ কৰোঁতে মাটি কম হয় তেন্তে বুজিব যে সেই মাটি গৃহ নির্মাণৰ বাবে উপযুক্ত মাটি নহয়। যদি গাঁতটি পূৰ কৰোঁতে মাটি সম্পূৰ্ণৰূপে ব্যৱহাৰ হয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়।

গৃহ নিৰ্মাণৰ বাবে মাটি উপযুক্ত হয়নে নহয় সেয়া নিৰ্ধাৰণ কৰিবলৈ আন এটা পদ্ধতিও প্রয়োগ কৰিব পাৰি। এই পদ্ধতি অনুসৰি পুৱাৰ ভাগত সেই মাটিৰ কিছু অংশত কোৰ মাৰি তিল সিঁচি দিয়ক। সদায় বিয়লিৰ ভাগত তাত নিৰ্দিষ্ট পৰিমাণৰ পানী দিয়ক। যদি সিঁচি দিয়া তিল তিনিদিনৰ ভিতৰত গজি উঠে তেন্তে ধৰি ল'ব পাৰি যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে অতি উত্তম মাটি। আনহাতে যদি তিল গজি উঠিবলৈ পাঁচ দিন সময় লয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মধ্যম শ্ৰেণীৰ মাটি বুলি ধৰি ল'ব পাৰি। যদি তিল অংকুৰিত হ'বলৈ সাত দিন সময় লয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি নহয় বুলি বাস্তুশাস্ত্ৰই কয়। এনেবোৰ বিধান মানি চলিলে ঘৰৰ স্থায়িত্ব বৃদ্ধি পাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা