--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবাস্তুশাস্ত্রৰ মতে গৃহাৰম্ভৰ কাম শুভ দিন-বাৰ চাই আৰম্ভ কৰিব লাগে। এইক্ষেত্ৰত বাস্তুই দিয়া বিধান অনুসৰি যদি দিন-বাৰ আদি বাচি লোৱা হয় তেন্তে   শুভ ফল লাভ কৰিবলৈ সক্ষম হয়। বাস্তু শাস্ত্র অনুসৰি কোন বাৰত গৃহাৰম্ভৰ কাম কৰিলে শুভ আৰু অশুভ ফল পোৱা যায়, সেই বিষয়ে  কিছু কথা আলোচনা কৰা হ'ল।

ঘৰ এটা নিৰ্মাণৰ কাম দেওবাৰে আৰম্ভ কৰিব নালাগে। দেওবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাটো অশুভ। দেওবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে অগ্নি ভয় থাকে।
গৃহাৰম্ভৰ বাবে সোমবাৰটো শুভ বাৰ। এই বাৰত গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে গৃহস্থৰ সুখ-শান্তি বৃদ্ধি পায়।

মঙলবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে । কাৰণ এই বাৰটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে শুভ বাৰ হিচাপে বাস্তু শাস্ত্ৰই গণ্য নকৰে। কিন্তু গৃহস্থৰ ৰাশিচক্ৰত যদি মংগল শক্তিশালী হৈ থাকে আৰু শুক্ৰৰ সৈতে মঙ্গলৰ শুভ যোগ থাকে তেন্তে সেই ক্ষেত্ৰত মঙলবাৰেও তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰে৷

বুধবৰাটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে শুভ বাৰ। কিন্তু গৃহস্থৰ ৰাশি চক্ৰত বুধ যদি লগ্নৰ অষ্টমপতি বা দ্বাদশপতি হয় তেন্তে বুধবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে। এনে ক্ষেত্ৰত বুধবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে গৃহস্থৰ মূল মানুহজনৰ আকস্মিক মৃত্যুৰ আশংকা থাকে ।
বৃহস্পতিবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰি। অৱশ্যে দিনৰ ১২ বজাৰ আগতে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে শুভ ফল লাভ কৰা যায়।

গৃহস্থৰ জন্মৰ সময়ত যদি বৃহস্পতি দুৰ্বল হৈ থাকে তেন্তে বৃহস্পতিবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ নকৰাই ভাল । এইক্ষেত্ৰত বৃহস্পতিবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে অশুভ ফলহে লাভ কৰিব ।

শুক্ৰবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰে যি গৃহস্থৰ জন্মৰ সময়ত শুক্র শক্তিশালী হৈ থাকে। যদি গৃহস্থৰ ৰাশি চক্রত শুক্ৰ  দুৰ্বল হয় অথবা অষ্টম নাইবা দ্বাদশপতি হয় তেন্তে তেনে গৃহস্থই শুকুৰবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে।

শনিবাৰটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে অশুভ বাৰ। অৱশ্যে যিসকল লোকৰ জন্মতে শনি বলবান হৈ থাকে তেওঁলোকে শনিবাৰে গৃহ নিৰ্মাণৰ কামত হাত দিব পাৰে। যিসকল লোকৰ জন্মতে শনি দুৰ্বল হৈ থাকে তেওঁলোকে শনিবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন