--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰই ঘৰৰ বিভিন্ন স্থানত কি কি বস্তু স্থাপন কৰিব লাগে সেই বিষয়ত বাস্তু শাস্ত্ৰই  বিজ্ঞানসম্মতভাৱে বিধি দিছে। বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি  ঘৰত থকা কোঠাৰ সংখ্যা সদায় অযুগ্ম হ'ব লাগে। ভূমি পূজনৰ পিছত নিৰ্মাণৰ কামত হাত দিব লাগে। 

এই ক্ষেত্র ভূমি কেতবোৰ নিয়ম বাস্তুশাস্ত্ৰই বান্ধি দিছে। ভূমিক আৱৰি ৰাখিবলৈ চাৰিওদিশে দেৱাল দিব লাগে। কেতিয়াও সীমাৰ দেৱালৰ দক্ষিণ-পূবৰ পূব দিশ, দক্ষিণ পশ্চিমৰ পশ্চিম দিশ, উত্তৰ-পশ্চিমৰ উত্তৰ দিশ আৰু দক্ষিণ দিশে প্রৱেশ দুৱাৰ নিৰ্মাণ কৰিব নালাগে। 

এনেবোৰ দিশত প্ৰবেশ দুৱাৰ নিৰ্মাণ কৰিলে গৃহকন্দল অনবৰতে চলি থাকিব পাৰে । মাটি এডোখৰৰ মধ্যস্থলক ব্ৰহ্মস্থল বুলি কোৱা হয়। এই ব্ৰহ্মস্থল সদায় সুৰক্ষিত কৰি ৰাখিব লাগে। ব্ৰহ্মস্থলত কোনো ওজনযুক্ত বস্তু ৰাখিব নালাগে। তদুপৰি ব্ৰহ্মস্থলত কোনোধৰণৰ দেৱাল আদি সাজিব নালাগে। ঘৰৰ বাৰাণ্ডা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সদায় উত্তৰ বা পূব দিশটো বাছি ল'ব লাগে।

 ঘৰৰ বাৰাণ্ডাত জোতা, চেণ্ডেল আদি ৰাখিবলৈ উত্তৰ-পশ্চিম দিশটো নিৰ্বাচন কৰিব লাগে। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত পানীৰ উৎস নিশ্চিত কৰাটো অতি প্ৰয়োজনীয় কথা। পানীৰ উৎস বিভিন্ন ধৰণৰ দমকল, নাদ আদি হ'ব পাৰে। এনেধৰণৰ দমকল, নাদ আদি ঘৰৰ উত্তৰ-পূব দিশত স্থাপন কৰিব লাগে। পানী ৰাখিবলৈ যদি টেংকীৰ প্ৰয়োজন হয় তেন্তে তেনে টেংকী ঘৰৰ উত্তৰ-পশ্চিম নাইবা দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে।

 সাধাৰণতে প্ৰতিটো ঘৰতেই আলহী বহিব পৰা একোটা বিশেষ কোঠা থাকে। এনে কোঠা ঘৰৰ পূব বা উত্তৰ-পশ্চিম দিশত নিৰ্মাণ কৰিব লাগে । আলহী বহা ঘৰত গৃহস্থই বহা আসন পশ্চিম বা পুব পিনে ৰাখিব লাগে। ঘৰত শৌচাগাৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো দিশৰ গুৰুত্ব থাকে। শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত ঘৰৰ উত্তৰ বা পূব দিশটো বাছি ল'ব লাগে ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু