--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি লক্ষী পূজা। আজি ভালদৰে পূজা সেৱা কৰিলে মা লক্ষী সহজে সন্তুষ্ট হয়। মা লক্ষ্মী বাস কৰা ঘৰত সদায় অপৰিসীম ধন-সম্পত্তি, সুখ-সমৃদ্ধি থাকে। গতিকে সকলোৱে ধন-সম্পত্তিৰ দেৱী মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। হিন্দু ধৰ্মত বাস্তুশাস্ত্ৰত এনে কিছুমান শুভ লক্ষণৰ কথা কোৱা হৈছে, যিবোৰে বুজায় যে আপোনাৰ ঘৰত মা লক্ষ্মীৰ আগমন হ’বলৈ গৈ আছে। অৰ্থাৎ অতি সোনকালে আপুনি বহুত ধন-সম্পত্তি পাব। এই লক্ষণসমূহ কি জানি লওক ১) ঘৰত ক’লা পৰুৱাৰ জাক দেখাঃ যদি হঠাতে আপোনাৰ ঘৰত বহুত ক’লা পৰুৱা দেখা দিবলৈ আৰম্ভ কৰে, তেন্তে এয়াও আৰ্থিক লাভৰ লক্ষণ। এনে সময়ত পৰুৱাবোৰক আটা আৰু চেনি খাবলৈ দিব। এনে কৰিলে মাতৃ লক্ষ্মীয়ে দয়ালু হৈ বহু ধন-সম্পত্তি দিয়ে। ২) তুলসী হঠাৎ সেউজীয়া হৈ পৰাঃ ঘৰত ৰোপণ কৰা তুলসী গছজোপা যদি হঠাতে অতি সেউজীয়া হৈ পৰে, তেন্তে ই আপোনাৰ ঘৰত দেৱী লক্ষ্মীৰ প্ৰৱেশৰ লক্ষণ। তুলসী লক্ষ্মী দেৱীৰ ৰূপ বুলি গণ্য কৰা হয় আৰু যি ঘৰত তুলসী গছ সেউজীয়া হয়, তাত বহুত সুখ আৰু সমৃদ্ধি থাকে। ৩) সপোনত বগা হাতী, সাপ আদি দেখাঃ সপোনত যদি ফেঁচা, বগা হাতী, বগা সাপ, শংখ আদি দেখা পায় তেন্তে ই অতি শুভ। এনে সপোনবোৰে অদূৰ ভৱিষ্যতে বিশাল পৰিমাণৰ টকা পোৱাৰ স্পষ্ট ইংগিত দিয়ে। ৪) ঘৰত চৰাইয়ে বাহ বনোৱাঃ আপোনাৰ ঘৰত চৰাইয়ে বাহ সাজিলে অতি শুভ। বাস্তুশাস্ত্ৰৰ মতে ঘৰত চৰাইৰ বাহ বনোৱাটো অতি শুভ। এয়া আপোনাৰ ঘৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ স্পষ্ট চিন। ৫) ৰাতিপুৱাই কাৰোবাক ঝাড়ু দিয়া দেখাঃ যদি আপুনি পুৱা সোনকালে কোনো গুৰুত্বপূৰ্ণ কামত ওলাই যায় আৰু কোনোবাই ঝাড়ু দিয়া দেখা পায়, তেন্তে সেয়া অতি শুভ। এনেকুৱা হ’লে সেই কামত সফলতা লাভ কৰে। ইয়াৰ লগতে আৰ্থিক লাভো আছে। এয়া লক্ষ্মী দেৱীৰ আশীৰ্বাদৰ এক গুৰুত্বপূৰ্ণ লক্ষণ। ৬) সোঁহাতত খজুৱতিঃ আপোনাৰ সোঁহাতত যদি অনবৰতে খজুৱতি হৈ থাকে, তেন্তে সোনকালে বহুত টকা পোৱাৰ লক্ষণ। ৭) শংখৰ শব্দঃপুৱা সাৰ পোৱাৰ লগে লগে যদি শংখৰ শব্দ শুনা যায়, তেন্তে ই আপোনাৰ ঘৰত লক্ষ্মী দেৱীৰ আগমনৰ এক অতি শুভ লক্ষণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক