--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আজি মহাষষ্ঠী। শাৰদীয় বতৰত দুৰ্গতিনাশিনী, মহিষমৰ্দিনী দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে ভক্তপ্ৰাণ ৰাইজ৷ বেলবৰণেৰে বেদীত বহুওৱা  হ’ব দেৱীক৷ ষষ্ঠীৰ দিনা দেৱীৰ বেলবৰণ বুলিও কোৱা হয়। জনবিশ্বাস মতে আজি গণেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী- পৰিয়ালৰ সৈতে মা দুৰ্গাৰ সৈতে এনিশা থাকিব৷ সপ্তমীৰ ৰাতিপুৱা তেওঁৰ পিতৃ গৃহত ভৰি দিব৷ শাৰদীয় দুৰ্গা পূজাৰ আনন্দত মতলীয়া ৰাজ্যবাসী।

এক সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত আজি পূজাৰ বেদীত স্থাপিত হ'ব দেৱী দশভূজাৰ মৃন্ময় প্ৰতিমা। মা-দুৰ্গাৰ মূৰ্তিক বস্ত্ৰ, আ-অলংকাৰেৰে সজাই তোলা হৈছে। লগে লগেই আৰম্ভ হ’ব পাঁচদিনীয়া শাৰদীয় দুগোর্ৎসৱৰ৷ দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে দেশৰ আকাশ বতাহ। 

নিয়ম অনুসৰি ষষ্ঠী পূজাৰ সন্ধিয়া দেৱীৰ বোধন, আমন্ত্রণ আৰু অধিবাস সম্পূর্ণ কৰাৰ পাছত এটা প্রতীকী ৰূপত দেৱীক সজাই এডাল কলগছত বিল্ববোধন কৰা হয়৷ ইয়াৰ পাছতেই দেৱীৰ নৱপত্রিকা প্রৱেশ আৰু স্থাপন কৰাৰ পাছত দেৱীৰ সপ্তমী বিহিত পূজা আৰম্ভ হ’ব৷ 

দুৰ্গা পূজা ষষ্ঠী দিনৰ পৰা আৰম্ভ হয় য'ত ভক্তসকলে দেৱীক আড়ম্বৰভাৱে আৰু উৎসাহেৰে আদৰণি জনায়। আজিৰ দিনটোত, দুৰ্গা মাৰ মুখখন ৰাইজৰ সন্মুখত উন্মোচন কৰা হয়। ঢাক বজাই পূজাৰ আনন্দ আৰু আধ্যাত্মিকতা অধিক বৃদ্ধি কৰা হয়।

দুৰ্গা মাক বিশ্বব্ৰহ্মাণ্ডৰ মাতৃ বুলি গণ্য কৰা হয়। এই চিন্তাৰে পৰিচালিত হৈ কোনো কোনো মাতৃয়ে তেওঁলোকৰ সন্তানক সুৰক্ষা দিবলৈ এই দিনটোত উপবাস পালন কৰে। ই তেওঁলোকৰ সন্তানক বেয়াৰ পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়।

পূজাৰ সকলো ৰীতি-নীতি ষষ্ঠীৰ পৰা আৰম্ভ হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজা মণ্ডপসমূহ বিভিন্ন ধৰণেৰে আটকধুনীয়াকৈ সজাই তোলা হৈছে৷ উখল-মাখল পৰিৱেশৰ মাজত পূজাথলীসমূহত মন্দিৰ-দেৱালয়ত পূৰ্ণ উদ্যমেৰে চলিছে দুৰ্গাপূজাৰ প্ৰস্তুতি।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
চুলি সুন্দৰ কৰি ৰাখিবলৈ মহিলাসকলে প্ৰতিদিনে খাওক এইবোৰ বস্তু
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ