--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আজি মহাষষ্ঠী। শাৰদীয় বতৰত দুৰ্গতিনাশিনী, মহিষমৰ্দিনী দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে ভক্তপ্ৰাণ ৰাইজ৷ বেলবৰণেৰে বেদীত বহুওৱা  হ’ব দেৱীক৷ ষষ্ঠীৰ দিনা দেৱীৰ বেলবৰণ বুলিও কোৱা হয়। জনবিশ্বাস মতে আজি গণেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী- পৰিয়ালৰ সৈতে মা দুৰ্গাৰ সৈতে এনিশা থাকিব৷ সপ্তমীৰ ৰাতিপুৱা তেওঁৰ পিতৃ গৃহত ভৰি দিব৷ শাৰদীয় দুৰ্গা পূজাৰ আনন্দত মতলীয়া ৰাজ্যবাসী।

এক সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত আজি পূজাৰ বেদীত স্থাপিত হ'ব দেৱী দশভূজাৰ মৃন্ময় প্ৰতিমা। মা-দুৰ্গাৰ মূৰ্তিক বস্ত্ৰ, আ-অলংকাৰেৰে সজাই তোলা হৈছে। লগে লগেই আৰম্ভ হ’ব পাঁচদিনীয়া শাৰদীয় দুগোর্ৎসৱৰ৷ দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে দেশৰ আকাশ বতাহ। 

নিয়ম অনুসৰি ষষ্ঠী পূজাৰ সন্ধিয়া দেৱীৰ বোধন, আমন্ত্রণ আৰু অধিবাস সম্পূর্ণ কৰাৰ পাছত এটা প্রতীকী ৰূপত দেৱীক সজাই এডাল কলগছত বিল্ববোধন কৰা হয়৷ ইয়াৰ পাছতেই দেৱীৰ নৱপত্রিকা প্রৱেশ আৰু স্থাপন কৰাৰ পাছত দেৱীৰ সপ্তমী বিহিত পূজা আৰম্ভ হ’ব৷ 

দুৰ্গা পূজা ষষ্ঠী দিনৰ পৰা আৰম্ভ হয় য'ত ভক্তসকলে দেৱীক আড়ম্বৰভাৱে আৰু উৎসাহেৰে আদৰণি জনায়। আজিৰ দিনটোত, দুৰ্গা মাৰ মুখখন ৰাইজৰ সন্মুখত উন্মোচন কৰা হয়। ঢাক বজাই পূজাৰ আনন্দ আৰু আধ্যাত্মিকতা অধিক বৃদ্ধি কৰা হয়।

দুৰ্গা মাক বিশ্বব্ৰহ্মাণ্ডৰ মাতৃ বুলি গণ্য কৰা হয়। এই চিন্তাৰে পৰিচালিত হৈ কোনো কোনো মাতৃয়ে তেওঁলোকৰ সন্তানক সুৰক্ষা দিবলৈ এই দিনটোত উপবাস পালন কৰে। ই তেওঁলোকৰ সন্তানক বেয়াৰ পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়।

পূজাৰ সকলো ৰীতি-নীতি ষষ্ঠীৰ পৰা আৰম্ভ হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজা মণ্ডপসমূহ বিভিন্ন ধৰণেৰে আটকধুনীয়াকৈ সজাই তোলা হৈছে৷ উখল-মাখল পৰিৱেশৰ মাজত পূজাথলীসমূহত মন্দিৰ-দেৱালয়ত পূৰ্ণ উদ্যমেৰে চলিছে দুৰ্গাপূজাৰ প্ৰস্তুতি।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ