--°C
Loading...
Listen to Article
2 min read
80%


১৪/০৫/২৪, মঙলবাৰ

মেষঃ  মানসিক অশান্তি একেই থাকিব যদিও সন্ধিয়াৰ পৰা কিছু উন্নত হ'ব। প্ৰেম-পাৰিবাৰিক দিশত দিনটো অশান্তি থাকিব। শিক্ষাৰ্থী, শিল্পীৰ অশান্তি আৰু উন্নতিৰ ক্ষেত্ৰৰ দুশ্চিন্তা বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে নতুন উৎসাহেৰে কৰ্মত লাগিব। 

বৃষঃ  শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎকণ্ঠা বাঢ়িব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ কৰ্মৰ প্ৰতি মন নবহা হ'ব পাৰে। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্ম তৎপৰতা বৃদ্ধি হ'ব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত কিছু শুভ কাৰক।

মিথুনঃ  মনলৈ দুশ্চিন্তা আহিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট শুভ কাৰক। বিদ্যাৰ্থীৰ আনন্দ-উৎসাহত বাধা আহিব পাৰে। শিল্পী, খেলুৱৈ, সাহিত্যিকৰ দুশ্চিন্তা আৰু অস্থিৰতাৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰো অশান্তি বাঢ়িব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মত লাভৱান হ'ব।

কৰ্কটঃ  সন্ধিয়াৰ পৰা শাৰীৰিক ক্ষেত্ৰত কষ্টদায়ক হ'ব।  প্ৰেম আৰু পাৰিবাৰিকত অলপ শান্তি হ'ব । শিক্ষাৰ্থীৰ মানসিক অশান্তি বৃদ্ধি হ'ব পাৰে। শিল্পী, সাহিত্যিকৰো দুশ্চিন্তা আৰু অশান্তি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৱান হোৱাৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মত কষ্টৰে লাভৱান হ'ব।

সিংহঃ  শাৰীৰিক অসুস্থতাৰ যোগ। সন্ধিয়াৰ পৰা কিছু সকাহ পাব পাৰে।পৰিয়ালকেন্দ্ৰিক মনৰ অশান্তি বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতিত মধ্যমীয়া। শিক্ষাৰ্থীয়ে নিজক ভৱিষ্যতৰ ক্ষেত্ৰত অনিশ্চয়তাত ভূগিব পাৰে।শিল্পী, সাহিত্য, ক্ৰীড়া, সংবাদসেৱাত যুক্তসকলৰ কিছু উন্নতি কাৰক হ'ব। 

কন্যাঃ  শাৰীৰিক দিশত কিছু অশুভ কাৰক যদিও সন্ধিয়াৰ পৰা শুভ কাৰক হ'ব। মনৰো অশান্তি কিছু হ্ৰাস পাব। পাৰিবাৰিক আৰু প্ৰেম-প্ৰীতিত মধ্যমীয়া হ'ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু খেলিমেলি হ'ব পাৰে। শিল্পী, সাহিত্যিক আৰু সংবাদকৰ্মীৰ নতুনকৈ কৰ্মত উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ চিন্তা বৃদ্ধিৰ কাৰক।


তুলাঃ  শৰীৰৰ ৰোগ, অশান্তি কাৰক। সন্ধিয়াৰ পৰা অশান্তি আৰু মনৰো যথেষ্ট দুশ্চিন্তা হ'ব পাৰে। প্ৰেম-প্ৰীতি, সাংসৰিক ক্ষেত্ৰত মধ্যমীয়া ফল পাব। শিক্ষাৰ্থীৰ উৎসাহ হ্ৰাস পাব পাৰে। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ নতুন উৎাসহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজসেৱীৰ লাভৰ যোগ।

বৃশ্চিকঃ  প্ৰেম-প্ৰীতি, সাংসৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ নতুন কৰ্মত উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি হ'ব।

ধনুঃ  মানসিক দিশত কিছু হতাশা আহিব। প্ৰেম-পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক, সমাজকৰ্মীৰ চিন্তা সত্ত্বেও লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত শুভ কাৰক হ'ব।

মকৰঃ  শৰীৰৰ সুস্থতাৰ যোগ যদিও সন্ধিয়াৰ পৰা দাঁতৰ বিষে আমনি দিব পাৰে। প্ৰেম-পাৰিবাৰিকত মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব পাৰে। সাহিত্যিক, ক্ৰীড়াবিদ আৰু শিল্পীৰ মানসিক অশান্তি হ'লেও উন্নতিমূলক যোগ। আৰ্থিক, ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত লাভৰ যোগ।

কুম্ভঃ  শাৰীৰিক ক্ষেত্ৰত শুভ হ'ব। সন্ধিয়াৰ পৰা দেহ-মনৰ সুখ-শান্তিৰ কাৰক। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত দিনটো শুভাশুভ মিশ্ৰিত ফল পাব। শিক্ষাৰ্থীৰ মানসিক অস্থিৰতা বাঢ়িব। সাহিত্যিক , শিল্পী, খেলুৱৈয়ে উন্নতিমূলক কৰ্মত ব্যস্ত হ'ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সামান্য উন্নতি হ'ব।

মীনঃ  শাৰীৰিক সুস্থতাৰ যোগ। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভাশুভ মিশ্ৰিত কাৰক হ'ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু মানসিক অশান্তি হ'ব পাৰে। সাহিত্যিক, শিল্পী, ক্ৰীড়াবিদসকলৰ কৰ্মত উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। কৰ্ম আৰু আৰ্থিক দিশত কিছু উন্নতিদায়ক হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আধাৰ কাৰ্ড এতিয়াৰে পৰা জন্মৰ তাৰিখৰ প্ৰমাণ নহয়: UIDAI-ৰ নতুন নিৰ্দেশনা
নয়দাত চাইবাৰ প্ৰৱঞ্চকৰ জাল: 'ডিজিটেল এৰেষ্ট'ৰ ভয় দেখুৱাই বৃদ্ধৰ পৰা লুটিলে ৮৫ লাখ টকা
নিমাতীৰ এশ বিঘা মাটিত হোৱা নাই খেতি
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ