--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই ঘৰ সজাৰ সময়ত বাস্তুৰ বিধি অনুসৰি কাম কৰে।  দৰাচলতে বাস্তুশাস্ত্ৰ এক বিজ্ঞান৷ সেয়ে বাস্তুৰ মতে ঘৰ খন সজাব পাৰিলে মংগল হয় বুলি বহুতেই ধাৰণা কৰে। সুখ বৃদ্ধি কৰিব পৰা দৈনন্দিন জীৱনৰ বহু সৰু-সুৰা কথা বাস্তুশাস্ত্ৰই নিৰ্ধাৰণ কৰি দিছে৷ বাস্তুশাস্ত্ৰৰ মতে ঘৰ খন সজাব পাৰিলে বহু সুফল পোৱা যায়৷ পাকঘৰ বা ৰান্ধনীশাল ঘৰ এখনৰ এৰাব নোৱাৰা অংগ৷ সেয়ে পাকঘৰটো ঘৰৰ সঠিক দিশত স্থাপন কৰাটো অতি গুৰুত্বপূৰ্ণ কথা৷

 বাস্তু শাস্ত্ৰই ৰান্ধনীশাল নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ বিধান দিছে। ৰান্ধনীশালত পৰ্যাপ্ত পৰিমাণৰ তাপ উৎপন্ন হয়। সেইবাবে পাকঘৰ বা ৰান্ধনীশাল সদায় অগ্নিদেৱতা যিটো দিশৰ অধিপতি সেই দিশত নিৰ্মাণ কৰিব লাগে। দক্ষিণ-পূব কোণটো নিয়ন্ত্ৰণ কৰে অগ্নিদেৱতাই। 

সেইবাবে এই কোণক অগ্নিস্থান বুলি কোৱা হয়। ঘৰৰ দক্ষিণ-পূর্ব কোণটোত সেইবাবে ৰান্ধনীশাল নিৰ্মাণ কৰিলে শুভ ফল লাভ কৰিব পাৰি। উত্তৰ পূব কোণতো ৰান্ধনীশাল নিৰ্মাণ কৰিব পৰা যায়। ৰান্ধনীশাল কেতিয়াও ঘৰৰ মাজভাগত নিৰ্মাণ কৰিব নালাগে। 

খাদ্যবস্তু প্ৰস্তুত কৰাৰ সময়ত দিশৰ কথাটোৰ প্রতি বিশেষ মন দিব লাগে। সাধাৰণতে পূব মুৱাহৈ খাদ্য বস্তু প্ৰস্তুত কৰাটো অতি ভাল। কেতিয়াও উত্তৰ বা পশ্চিমমুৱা হৈ খাদ্যবস্তু প্ৰস্তুত কৰিব নালাগে। ৰান্ধনীশালৰ বিভিন্ন সা-সঁজুলি আদি ৰাখিবলৈ যদি কোনো আলমাৰী আদি ব্যৱহাৰ কৰা হয় তেন্তে তেনে আলমাৰী দক্ষিণ বা দক্ষিণ-পশ্চিম দিশত স্থাপন কৰিব লাগে। 

ফ্রীজ আদি ৰখাৰ ক্ষেত্ৰত সদায় ৰান্ধনীশালৰ উত্তৰ-পশ্চিম দিশটো নিৰ্বাচন কৰিব লাগে। খোৱা চকী, মেজ আদি ৰান্ধনীশালৰ পশ্চিম দিশত স্থাপন কৰিব লাগে। বাচন-বৰ্তন থোৱা স্থান ৰান্ধনীশালৰ দক্ষিণ দিশত হ'ব লাগে। একেদৰে জলাধাৰ, ফিল্টাৰ আদি ৰাজনীশালৰ দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ