--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ ছৱি পৰিচালক ছাজিদ খানক বিগ বছৰ পৰা আতৰ কৰিবলৈ দাবী উত্থাপন কৰিছে দিল্লী কমিছন ফৰ ৱমেনে। পৰিচালকগৰাকীৰ ওপৰত যৌন আতিশয্যৰ অভিযোগৰ ভিত্তিত কমিছনৰ অধ্যক্ষ স্বাতী মালিৱালে এই সংক্ৰান্তত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত লিখা হৈছে যে মি-টু আন্দোলনৰ সময়ত ছাজিদ খানৰ বিৰু্দ্ধে কেইবাগৰাকীও মহিলাই যৌন আতিশয্যৰ অভিযোগ তুলিছিল। এই অভিযোগসমূহে ছাজিদ খানৰ বিকৃত মানসিকতা উদঙাই দিয়া বুলি অধ্যক্ষ মালিৱালে এটা টুইট কৰিছে।

উল্লেখযোগ্য যে বিগ বছৰ ১৬ সংখ্যক চিজনৰ প্ৰথম এপিচ’ডটো ১ অক্টোবৰ তাৰিখে সম্প্ৰচাৰ কৰা হৈছিল। চলমান খানৰ এই ৰিয়েলিটি শ্ব’টোত ছাজিদ খানেও অংশ হৈছে।

স্বাতী মালিৱালে কয় যে যৌন আতিশয্যৰ অভিযোগ থকা ছাজিদ খানক এইদৰে এটা ৰিয়েলিটি শ্ব’ত অংশ ল’বলৈ দিয়াটো ভুল। সেইবাবেই তেওঁৰ বিৰুদ্ধে তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে ছাজিদ খানৰ ওপৰত যৌন আতিশয্যৰ অভিযোগ উঠাৰ পাছতে ২০১৮ চনত ইণ্ডিয়ান ফিল্ম এণ্ড টেলিভিছন ডাইৰেক্টৰ’ছ এছ’চিয়েচনে নিলম্বন কৰিছিল। তদুপৰি তেওঁ পৰিচালনা কৰিবলগা হাউচফুল ৪ নামৰ চিনেমাখনৰ পৰাও বাদ দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী