--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ ছৱি পৰিচালক ছাজিদ খানক বিগ বছৰ পৰা আতৰ কৰিবলৈ দাবী উত্থাপন কৰিছে দিল্লী কমিছন ফৰ ৱমেনে। পৰিচালকগৰাকীৰ ওপৰত যৌন আতিশয্যৰ অভিযোগৰ ভিত্তিত কমিছনৰ অধ্যক্ষ স্বাতী মালিৱালে এই সংক্ৰান্তত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত লিখা হৈছে যে মি-টু আন্দোলনৰ সময়ত ছাজিদ খানৰ বিৰু্দ্ধে কেইবাগৰাকীও মহিলাই যৌন আতিশয্যৰ অভিযোগ তুলিছিল। এই অভিযোগসমূহে ছাজিদ খানৰ বিকৃত মানসিকতা উদঙাই দিয়া বুলি অধ্যক্ষ মালিৱালে এটা টুইট কৰিছে।

উল্লেখযোগ্য যে বিগ বছৰ ১৬ সংখ্যক চিজনৰ প্ৰথম এপিচ’ডটো ১ অক্টোবৰ তাৰিখে সম্প্ৰচাৰ কৰা হৈছিল। চলমান খানৰ এই ৰিয়েলিটি শ্ব’টোত ছাজিদ খানেও অংশ হৈছে।

স্বাতী মালিৱালে কয় যে যৌন আতিশয্যৰ অভিযোগ থকা ছাজিদ খানক এইদৰে এটা ৰিয়েলিটি শ্ব’ত অংশ ল’বলৈ দিয়াটো ভুল। সেইবাবেই তেওঁৰ বিৰুদ্ধে তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে ছাজিদ খানৰ ওপৰত যৌন আতিশয্যৰ অভিযোগ উঠাৰ পাছতে ২০১৮ চনত ইণ্ডিয়ান ফিল্ম এণ্ড টেলিভিছন ডাইৰেক্টৰ’ছ এছ’চিয়েচনে নিলম্বন কৰিছিল। তদুপৰি তেওঁ পৰিচালনা কৰিবলগা হাউচফুল ৪ নামৰ চিনেমাখনৰ পৰাও বাদ দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি