--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰৰ মতে নৱগ্ৰহৰ ভিতৰত শনি গ্ৰহ হৈছে আটাইতকৈ লেহেমীয়া গতিৰে ৰাশি পৰিৱৰ্তনকাৰী গ্ৰহ। শনি গ্ৰহে এটা ৰাশিত প্ৰায় ডেৰ-দুবছৰ ধৰি থাকে। স্বাভাৱিকতে কিছুমান ৰাশিৰ বাবে শনি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। জ্যোতিষশাস্ত্ৰত শনিক কৰ্মদাতা আৰু দীৰ্ঘায়ুদাতা বুলি গণ্য কৰা হয়। শনিয়ে ব্যক্তিজনক কৰ্ম অনুসাৰে ফল প্ৰদান কৰে। শনিৰ এই ৰাশিৰ পৰিৱৰ্তনৰ ফলস্বৰূপে তিনি ৰাশিৰ লোকৰ ক্ষেত্ৰত এক প্ৰবল ৰাজযোগৰ সৃষ্টি কৰিছে। জানো আহক কোনকেইটা ৰাশি।

 মিথুন ৰাশিঃ-শনি গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তনৰ বাবে মিথুন ৰাশিত ভদ্ৰ আৰু হংস নামৰ ৰাজযোগৰ সৃষ্টি হৈছে। ফলত মিথুন ৰাশিৰ লোকসকলে ব্যৱসায়ত যথেষ্ট লাভ উপৰি সন্মান লাভৰ যোগ দেখা যায়। এই ৰাশিৰ লোকসকলে ৰাজনীতিত সফলতাৰ লগতে চাকৰি লাভৰ সম্ভাৱনা দেখা যায়। মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত পদোন্নতি লাভৰ সম্ভাৱনাৰ লগতে বহিঃৰাজ্যৰ লগত জড়িত কোনো ব্যৱসায় কৰিলে লাভৰ সন্মুখীন হ’ব পাৰিব।

 কৰ্কট ৰাশিঃ-এই ৰাশিৰ জাতক-জাতিকাসকলৰ কেৰিয়াৰ আৰু ব্যৱসায়ত আশা কৰা ধৰণে সফলতা লাভ কৰিব পাৰিব। জ্যোতিষশাস্ত্ৰ অনুসৰি কৰ্কট ৰাশিত শশা আৰু ৰুচক নামৰ ৰাজযোগ গঠন হৈছে। সেয়েহে এই ৰাশিৰ ভাগ্যগৃহ আৰু লাভ গৃহত বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ উপস্থিতি দেখা যায়। ফলত আবদ্ধ হৈ থকা কামবোৰ এই সময়ছোৱাত সম্পূৰ্ণ হ’ব। আনকি কৰ্কট ৰাশিৰ লোকেসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ চিন্তাও কৰিব পাৰে।

 কন্যা ৰাশিঃ-শনি গ্ৰহৰ ৰাশি পৰিৱৰ্তন পৰাই আৰম্ভ হৈছে আপোনাৰ ভাল দিনবোৰ। কন্য জাতকৰ হংস আৰু ভদ্ৰ নামৰ ৰাজযোগ গঠন হৈছে। জ্যোতিষশাস্ত্ৰ অনুসৰি কন্যা ৰাশিৰ লোকসকলে এই সময়ত সৌভাগ্যৰ সম্পূৰ্ণ লাভ কৰিব। আকৌ কিছু গুৰুত্বপূৰ্ণ চৰকাৰী কাম সম্পূৰ্ণ হ’ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা কন্যা ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলেও এই সময়ছোৱাত পৰীক্ষাত সফল হ’ব পাৰিব। কন্যা ৰাশিৰ লোকসকলৰ ব্যৱসায় বা আন কোনো গুৰুত্বপূৰ্ণ কামত হাত দিলে সফল হ’ব পাৰিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ