--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰৰ মতে নৱগ্ৰহৰ ভিতৰত শনি গ্ৰহ হৈছে আটাইতকৈ লেহেমীয়া গতিৰে ৰাশি পৰিৱৰ্তনকাৰী গ্ৰহ। শনি গ্ৰহে এটা ৰাশিত প্ৰায় ডেৰ-দুবছৰ ধৰি থাকে। স্বাভাৱিকতে কিছুমান ৰাশিৰ বাবে শনি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। জ্যোতিষশাস্ত্ৰত শনিক কৰ্মদাতা আৰু দীৰ্ঘায়ুদাতা বুলি গণ্য কৰা হয়। শনিয়ে ব্যক্তিজনক কৰ্ম অনুসাৰে ফল প্ৰদান কৰে। শনিৰ এই ৰাশিৰ পৰিৱৰ্তনৰ ফলস্বৰূপে তিনি ৰাশিৰ লোকৰ ক্ষেত্ৰত এক প্ৰবল ৰাজযোগৰ সৃষ্টি কৰিছে। জানো আহক কোনকেইটা ৰাশি।

 মিথুন ৰাশিঃ-শনি গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তনৰ বাবে মিথুন ৰাশিত ভদ্ৰ আৰু হংস নামৰ ৰাজযোগৰ সৃষ্টি হৈছে। ফলত মিথুন ৰাশিৰ লোকসকলে ব্যৱসায়ত যথেষ্ট লাভ উপৰি সন্মান লাভৰ যোগ দেখা যায়। এই ৰাশিৰ লোকসকলে ৰাজনীতিত সফলতাৰ লগতে চাকৰি লাভৰ সম্ভাৱনা দেখা যায়। মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত পদোন্নতি লাভৰ সম্ভাৱনাৰ লগতে বহিঃৰাজ্যৰ লগত জড়িত কোনো ব্যৱসায় কৰিলে লাভৰ সন্মুখীন হ’ব পাৰিব।

 কৰ্কট ৰাশিঃ-এই ৰাশিৰ জাতক-জাতিকাসকলৰ কেৰিয়াৰ আৰু ব্যৱসায়ত আশা কৰা ধৰণে সফলতা লাভ কৰিব পাৰিব। জ্যোতিষশাস্ত্ৰ অনুসৰি কৰ্কট ৰাশিত শশা আৰু ৰুচক নামৰ ৰাজযোগ গঠন হৈছে। সেয়েহে এই ৰাশিৰ ভাগ্যগৃহ আৰু লাভ গৃহত বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ উপস্থিতি দেখা যায়। ফলত আবদ্ধ হৈ থকা কামবোৰ এই সময়ছোৱাত সম্পূৰ্ণ হ’ব। আনকি কৰ্কট ৰাশিৰ লোকেসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ চিন্তাও কৰিব পাৰে।

 কন্যা ৰাশিঃ-শনি গ্ৰহৰ ৰাশি পৰিৱৰ্তন পৰাই আৰম্ভ হৈছে আপোনাৰ ভাল দিনবোৰ। কন্য জাতকৰ হংস আৰু ভদ্ৰ নামৰ ৰাজযোগ গঠন হৈছে। জ্যোতিষশাস্ত্ৰ অনুসৰি কন্যা ৰাশিৰ লোকসকলে এই সময়ত সৌভাগ্যৰ সম্পূৰ্ণ লাভ কৰিব। আকৌ কিছু গুৰুত্বপূৰ্ণ চৰকাৰী কাম সম্পূৰ্ণ হ’ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা কন্যা ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলেও এই সময়ছোৱাত পৰীক্ষাত সফল হ’ব পাৰিব। কন্যা ৰাশিৰ লোকসকলৰ ব্যৱসায় বা আন কোনো গুৰুত্বপূৰ্ণ কামত হাত দিলে সফল হ’ব পাৰিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু