--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰ্মিংহামত আজি সামৰণি পৰিব কমনৱেলথ গেমছৰ ২২ সংখ্যক সংস্কৰণৰ। ২৮ জুলাইৰ পৰা আৰম্ভ হোৱা বিশ্ব ক্ৰীড়াৰ অন্যতম এক আগশাৰীৰ ক্ৰীড়া সমাৰোহখনৰ ১০ দিনীয়া সময়সূচীৰ আজি অন্তিম দিন। আজি সামৰণি অনুষ্ঠানৰ পেৰেডত ভাৰতীয় দলৰ ধ্বজা বহন কৰিব কিংবদন্তী টেবুল টেনিছ তাৰকা শৰৎ কমল আৰু বক্সাৰ নিখাত জাৰিনে।

বাৰ্মিংহামত ভাৰতীয় দলটোৰ ‘চেফ ডে মিছন’ হিচাপে থকা ৰাজেশ ভাণ্ডাৰীয়ে সংবাদ মাধ্যমৰ আগত সামৰণি অনুষ্ঠানত নিখাত জাৰিন আৰু শৰৎ কমলক ভাৰতৰ পতাকাবাহক হিচাপে মনোনীত কৰা হৈছে বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে ভাৰতীয় টেবুল টেনিছ জগতত এক জীৱন্ত কিংবদন্তীত পৰিণত হোৱা শৰৎ কমলে কমনৱেলথৰ চলিত সংস্কৰণত চাৰিটা পদক লাভ কৰিছে। পুৰুষৰ একক আৰু দলীয় শাখাৰ লগতে মিক্সড শাখাতো স্বৰ্ণ অৰ্জন কৰিছে তাৰকাগৰাকীয়ে। আনহাতে পুৰুষৰ ডাবলছতো ৰূপৰ পদক লাভ কৰিছে কমলে।

ইফালে দেওবাৰে মহিলাৰ বক্সিঙত ৫০ কিলোগ্ৰাম লাইট ফ্লাইৱেট ইভেণ্টত সোণৰ পদক অৰ্জন কৰিছিল ভাৰতীয় বক্সিঙৰ নৱ উত্থিত তাৰকা জাৰিনে। ইতিমধ্যে কিংবদন্তী বক্সাৰ মেৰীকমৰ উত্তৰসুৰী হিচাপে চৰ্চিত হোৱা জাৰিনে চলিত বৰ্ষৰে মে’ মাহত বিশ্ব চেম্পিয়নশ্বিপৰো খিতাপ দখল কৰিছিল।

উল্লেখ্য যে যোৱা ২৮ জুলাইৰ পৰা আৰম্ভ হোৱা বাৰ্মিংহাম কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু আৰু পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে ভাৰতীয় ধ্বজা বহন কৰিছিল।

ইফালে আজি কমনৱেলথ গেমছৰ সামৰণিৰ দিনা ভাৰতীয় দলে অভূতপূৰ্ব প্ৰদৰ্শন দাঙি ধৰে। অন্তিম দিনা ভাৰতীয় দলটোৱে পদক তালিকাত সংযোগ কৰে চাৰিটাকৈ স্বৰ্ণ পদক, এটা ৰূপ আৰু এটা ব্ৰঞ্জ। বিশেষকৈ আজি ভাৰতৰ বেডমিণ্টন দলটোৱে ভাৰতক এক আকাংক্ষিত ফল প্ৰদান কৰে। জি সাথিয়ানে দিনটোৰ আৰম্ভণিতে টেবুল টেনিছত পুৰুষৰ চিংগলছত ব্ৰঞ্জৰ পদক জয়েৰে অন্তম দিনৰ অভিযানৰ পাতনি মেলে।

ইয়াৰ পিছতে আৰম্ভ হয় ভাৰতীয় বেডমিণ্টন দলৰ স্বৰ্ণময় যাত্ৰা। তাৰকা খেলুৱৈ তথা দুবাৰৰ অলিম্পিক পদক জয়ী পি ভি সিন্ধুৱে মহিলাৰ চিংগলছৰ ফাইনেলত কানাডাৰ মিচেল লিক পৰাস্ত কৰি স্বৰ্ণ অৰ্জন কৰাৰ পিছতে লক্ষ সেনে পুৰুষৰ চিংগলছত আজুৰি আনে স্বৰ্ণ। আনহাতে বেডমিণ্টন পুৰুষৰ ডাবলছত চিৰাগ চেট্টী আৰু সত্বিকচাইৰাজ ৰেঙ্কিৰেড্ডীয়ে ইংলেণ্ডৰ বেন লেন আৰু ছিন ভেণ্ডি যুটিক পৰাস্ত কৰি বেডমিণ্টন দিনটোৰ তৃতীয়টো স্বৰ্ণ আজুৰি আনে। বেডমিণ্টনত এই সফলতাৰ পিছতে শৰৎ কমলে ব্যক্তিগত শাখাত স্বৰ্ণ দেশক আন এক পদক উপহাৰ দিয়ে।

অৱশ্যে অন্তিম দিনটোৰ এই অভিনৱ সাফল্যৰ মাজতে ফাইনেলত থমকিব লগীয়া হয় ভাৰতৰ পুৰুষ হকী দলটো। দলটোৱে ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ০-৭ ব্যৱধানত শোচনীয়ভাৱে পৰাজিত হৈ ৰূপৰ পদকতে ক্ষান্ত থাকিব লগীয়া হয়। অন্তিম দিনৰ এই চমৎকাৰ প্ৰদৰ্শনৰ দ্বাৰা ভাৰতে ২২ টা স্বৰ্ণ, ১৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জৰ সৈতে পদক তালিকাত চতুৰ্থ স্থান লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
ৰোহিত জৈনক ৰিজাৰ্ভ বেংকৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি
পৰিয়ালত প্ৰেমিকৰ সৈতে বিয়াৰ দাবী; মোবাইল টাৱাৰত উঠিল কিশোৰী
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু