--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰ্মিংহামত আজি সামৰণি পৰিব কমনৱেলথ গেমছৰ ২২ সংখ্যক সংস্কৰণৰ। ২৮ জুলাইৰ পৰা আৰম্ভ হোৱা বিশ্ব ক্ৰীড়াৰ অন্যতম এক আগশাৰীৰ ক্ৰীড়া সমাৰোহখনৰ ১০ দিনীয়া সময়সূচীৰ আজি অন্তিম দিন। আজি সামৰণি অনুষ্ঠানৰ পেৰেডত ভাৰতীয় দলৰ ধ্বজা বহন কৰিব কিংবদন্তী টেবুল টেনিছ তাৰকা শৰৎ কমল আৰু বক্সাৰ নিখাত জাৰিনে।

বাৰ্মিংহামত ভাৰতীয় দলটোৰ ‘চেফ ডে মিছন’ হিচাপে থকা ৰাজেশ ভাণ্ডাৰীয়ে সংবাদ মাধ্যমৰ আগত সামৰণি অনুষ্ঠানত নিখাত জাৰিন আৰু শৰৎ কমলক ভাৰতৰ পতাকাবাহক হিচাপে মনোনীত কৰা হৈছে বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে ভাৰতীয় টেবুল টেনিছ জগতত এক জীৱন্ত কিংবদন্তীত পৰিণত হোৱা শৰৎ কমলে কমনৱেলথৰ চলিত সংস্কৰণত চাৰিটা পদক লাভ কৰিছে। পুৰুষৰ একক আৰু দলীয় শাখাৰ লগতে মিক্সড শাখাতো স্বৰ্ণ অৰ্জন কৰিছে তাৰকাগৰাকীয়ে। আনহাতে পুৰুষৰ ডাবলছতো ৰূপৰ পদক লাভ কৰিছে কমলে।

ইফালে দেওবাৰে মহিলাৰ বক্সিঙত ৫০ কিলোগ্ৰাম লাইট ফ্লাইৱেট ইভেণ্টত সোণৰ পদক অৰ্জন কৰিছিল ভাৰতীয় বক্সিঙৰ নৱ উত্থিত তাৰকা জাৰিনে। ইতিমধ্যে কিংবদন্তী বক্সাৰ মেৰীকমৰ উত্তৰসুৰী হিচাপে চৰ্চিত হোৱা জাৰিনে চলিত বৰ্ষৰে মে’ মাহত বিশ্ব চেম্পিয়নশ্বিপৰো খিতাপ দখল কৰিছিল।

উল্লেখ্য যে যোৱা ২৮ জুলাইৰ পৰা আৰম্ভ হোৱা বাৰ্মিংহাম কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু আৰু পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে ভাৰতীয় ধ্বজা বহন কৰিছিল।

ইফালে আজি কমনৱেলথ গেমছৰ সামৰণিৰ দিনা ভাৰতীয় দলে অভূতপূৰ্ব প্ৰদৰ্শন দাঙি ধৰে। অন্তিম দিনা ভাৰতীয় দলটোৱে পদক তালিকাত সংযোগ কৰে চাৰিটাকৈ স্বৰ্ণ পদক, এটা ৰূপ আৰু এটা ব্ৰঞ্জ। বিশেষকৈ আজি ভাৰতৰ বেডমিণ্টন দলটোৱে ভাৰতক এক আকাংক্ষিত ফল প্ৰদান কৰে। জি সাথিয়ানে দিনটোৰ আৰম্ভণিতে টেবুল টেনিছত পুৰুষৰ চিংগলছত ব্ৰঞ্জৰ পদক জয়েৰে অন্তম দিনৰ অভিযানৰ পাতনি মেলে।

ইয়াৰ পিছতে আৰম্ভ হয় ভাৰতীয় বেডমিণ্টন দলৰ স্বৰ্ণময় যাত্ৰা। তাৰকা খেলুৱৈ তথা দুবাৰৰ অলিম্পিক পদক জয়ী পি ভি সিন্ধুৱে মহিলাৰ চিংগলছৰ ফাইনেলত কানাডাৰ মিচেল লিক পৰাস্ত কৰি স্বৰ্ণ অৰ্জন কৰাৰ পিছতে লক্ষ সেনে পুৰুষৰ চিংগলছত আজুৰি আনে স্বৰ্ণ। আনহাতে বেডমিণ্টন পুৰুষৰ ডাবলছত চিৰাগ চেট্টী আৰু সত্বিকচাইৰাজ ৰেঙ্কিৰেড্ডীয়ে ইংলেণ্ডৰ বেন লেন আৰু ছিন ভেণ্ডি যুটিক পৰাস্ত কৰি বেডমিণ্টন দিনটোৰ তৃতীয়টো স্বৰ্ণ আজুৰি আনে। বেডমিণ্টনত এই সফলতাৰ পিছতে শৰৎ কমলে ব্যক্তিগত শাখাত স্বৰ্ণ দেশক আন এক পদক উপহাৰ দিয়ে।

অৱশ্যে অন্তিম দিনটোৰ এই অভিনৱ সাফল্যৰ মাজতে ফাইনেলত থমকিব লগীয়া হয় ভাৰতৰ পুৰুষ হকী দলটো। দলটোৱে ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ০-৭ ব্যৱধানত শোচনীয়ভাৱে পৰাজিত হৈ ৰূপৰ পদকতে ক্ষান্ত থাকিব লগীয়া হয়। অন্তিম দিনৰ এই চমৎকাৰ প্ৰদৰ্শনৰ দ্বাৰা ভাৰতে ২২ টা স্বৰ্ণ, ১৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জৰ সৈতে পদক তালিকাত চতুৰ্থ স্থান লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু