--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ২৭ আগষ্টৰ পৰা ইউনাইটেড আৰৱ এমিৰেটত অনুষ্ঠিত হ'বলগীয়া আগন্তুক এছিয়া কাপৰ বাবে সোমবাৰে ঘোষণা কৰা হয় ভাৰতীয় দল। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এছিয়ান ক্ৰিকেট সমৰৰ বাবে অভিজ্ঞ আৰু যুৱ খেলুৱৈৰ সমাহাৰেৰে ভাৰতীয় দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। আঘাতৰ বাবে দীৰ্ঘদিন ধৰি দলৰ বাহিৰত থকা লোকেশ ৰাহুল অৱশেষত ঘূৰি আহিছে জাতীয় দললৈ। আনহাতে সীমিত অভাৰৰ শৃংখলাত যোৱা কিছুদিন ধৰি নিয়মীয়াকৈ বিশ্ৰাম দিয়া প্ৰাক্তন অধিনায়ক বিৰাট কোহলীকো ঘোষিত দলটোত অন্তৰ্ভুক্ত কৰা হৈছে। 

ৰোহিত শৰ্মাৰ নেতৃত্বাধীন দলটোত লোকেশ ৰাহুলক তেওঁৰ সহায়ক হিচাপে দায়িত্ব দিছে বিচিচিআই- এ। শেহতীয়াকৈ হাৰ্দিক পাণ্ডিয়াক ভাৰতীয় দলৰ নিয়মীয়া সহ-অধিনায়ক হিচাপে নিৰ্বাচিত কৰাৰ সন্দৰ্ভত যথেষ্ট চৰ্চা চলিছিল যদিও বিচিচিআই- এ ৰাহুলকে এছিয়া কাপৰ বাবে এই পদত বাহাল ৰাখে। 

ইফালে ভাৰতীয় বলিং আক্ৰমণৰ মেৰুদণ্ডস্বৰূপ যশপ্ৰীত বুমৰাহ আঘাতৰ বাবে বাদ পৰিছে দলৰ পৰা। আনহাতে অভিজ্ঞ পেচাৰ মহম্মদ চামিও অন্তৰ্ভুক্ত হোৱা নাই দলটোত। ডেথ অভাৰ স্পেচিয়েলিষ্ট হিচাপে শেহতীয়াকৈ সফলতা লাভ কৰা হৰ্ষল পেটেলকো টুৰ্ণামেণ্টখনৰ বাবে দলত ৰখা হোৱা নাই।

বিচিচিআই- ৰ এক বিবৃতিত উল্লেখ কৰা মতে যশপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেল আঘাতৰ সমস্যাৰ সৈতে যুঁজি থকাৰ বাবে দুয়োগৰাকীক বিশ্ৰাম দিয়াৰ সিদ্ধান্ত লোৱা হয়। দুয়োগৰাকী পেচাৰ বৰ্তমান বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত ফিটনেছ প্ৰশিক্ষণ শিবিৰৰ অংশ হৈ আছে বুলি বিচিচিআই- এ লগতে জানিবলৈ দিয়ে।

বুমৰাহৰ অনুপস্থিতিত এতিয়া ভাৰতীয় পেচ আক্ৰমণৰ নেতৃত্ব ল’ব অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰে। ভুৱনেশ্বৰৰ সহযোগী হিচাপে দলত থাকিব দুই উদীয়মান পেচাৰ আভেশ খান আৰু অৰ্শদ্বীপ সিং। দলৰ চতুৰ্থগৰাকী পেচাৰৰ ভূমিকা ল’ব অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই।

উইকেটৰক্ষক হিচাপে ঘোষিত দলটোত স্থান দিয়া হৈছে ঋষভ পণ্ট আৰু দিনেশ কাৰ্তিকক। বিগত সময়চোৱাত ভাৰতৰ হৈ ফিনিচাৰৰ দায়িত্ব সূচাৰুৰূপে পালন কৰা কাৰ্তিকক অৱশ্যে বিশেষজ্ঞ বেটাৰ হিচাপেই মূল একাদশত দলত ৰখাৰ সম্ভাৱনা আছে। ৰোহিত, ৰাহুল আৰু কোহলীৰ লগতে দলত বেটাৰ হিচাপে ৰখা হৈছে সূৰ্যকুমাৰ যাদৱ আৰু দীপক হুডাক। 

শেষজ্ঞ স্পিনাৰ হিচাপে দলত থাকিব অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিন, যুজবেন্দ্ৰ চাহাল আৰু উদীয়মান লেগ স্পিনাৰ ৰবি বিষ্ণৈ। অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই দলৰ চতুৰ্থগৰাকী স্পিনাৰৰ ভূমিকা ল’ব। 

ইফালে শ্ৰেয়স আয়াৰ, অক্সৰ পেটেল আৰু শেহতীয়াকৈ আঘাতৰ পৰা সুস্থ হৈ উঠা দীপক চাহাৰক ষ্টেণ্ডবাই হিচাপে ৰখা হৈছে।

মুঠ ছয়খন দেশে অংশগ্ৰহণ কৰিবলগীয়া টুৰ্ণামেণ্টখনত ভাৰতে ২৮ আগষ্টত পাকিস্তানৰ বিপক্ষে মেচৰ জৰিয়তে এছিয়া কাপ অভিযান আৰম্ভ কৰিব। ইয়াৰ পিছতে ৩১ আগষ্টত কোৱালিফায়াৰৰ জৰিয়তে মূল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিবলগীয়া দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত। 

ঘোষিত ভাৰতীয় দলঃ ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (সহ-অধিনায়ক), বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ঋষভ পণ্ট (উইকেট-ৰক্ষক), দিনেশ কাৰ্তিক (উইকেট-ৰক্ষক), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, যুজবেন্দ্ৰ চাহল, ৰবি বিষ্ণৈ, ভুৱনেশ্বৰ কুমাৰ, অৰ্শদ্বীপ সিং, আভেশ খান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement