--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে ফ্লপৰ সন্মুখীন হৈছে কংগনা ৰাণাৱট। চন্দ্ৰমুখী ২ৰ পিছত তেওঁৰ দ্বিতীয়খন ছবি তেজসো বেয়াকৈ ফ্লপ হৈছে। যোৱা শুকুৰবাৰে ছবিগৃহত মুক্তি লাভ কৰিছিল কংগনা ৰাণাৱটৰ ছবি তেজস। কিন্তু চতুৰ্থ দিনলৈকে ছবিখনৰ অৱস্থা এনেকুৱা আছিল যে ইয়াৰ মৰ্ণিং শ্ব’ৰ কোনো টিকট বিক্ৰী নহ’ল। এই কথা দাবী কৰিছে এজন চিনেমা হলৰ মালিকে। দাবী কৰা হৈছে যে সোমবাৰে তেজসৰ মৰ্ণিং শ্ব’ৰ কোনো টিকট বিক্ৰী হোৱা নাছিল, যাৰ বাবে ছবিখনৰ শ্ব’ বাতিল কৰিবলগীয়া হৈছিল।

দেওবাৰেও তেজছৰ অৱস্থা বেয়া আছিল। প্ৰতিটো শ্ব’তে প্ৰায় ১০-১২ জন মানুহো নাথাকে। সোমবাৰৰ পৰা বন্ধ হৈ আছে ৫০ শতাংশতকৈ অধিক শ্ব’। তেজছতকৈ ভাল ব্যৱসায় কৰি আছে বিধু বিনোদ চোপ্ৰাৰ '12th fail'য়ে।

বিহাৰৰ পূৰ্ণীয়াৰ ৰূপবাণী চিনেমা হলৰ স্বত্বাধিকাৰী বিষেক চৌহানে কয়, ‘তেজস আমাৰ বাবে এক দুৰ্যোগ। এইবাৰ প্ৰথমবাৰৰ বাবে মোৰ থিয়েটাৰত মৰ্ণিং শ্ব’টো টিকট বিক্ৰী শূন্য হোৱাৰ বাবে বাতিল কৰা হ’ল। তেওঁ আৰু কয়, "বাকী শ্ব'বোৰোতো প্ৰায় ২০-৩০ জনতকে বেছি মানুহ নাছিল।" 

চুৰাটৰ দ্য ফ্ৰাইডে চিনেমা মাল্টিপ্লেক্স পৰিচালনা কৰা কিৰিতভাই টি বাঘাছিয়াই কয়, "শুকুৰবাৰৰ পৰা দেওবাৰলৈকে তেজসৰ ১৫টা শ্ব' দৰ্শক শূন্য হোৱাৰ বাবে বাতিল কৰা হৈছিল। মোৰ থিয়েটাৰত তেজসৰ এটাও শ্ব' হোৱা নাই। বুকিং শূন্য আছিল। ইয়াৰ উপৰিও আন চিনেমা হলৰ মালিকসকলেও তেজস সন্দৰ্ভত দুখ প্ৰকাশ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক