--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে ফ্লপৰ সন্মুখীন হৈছে কংগনা ৰাণাৱট। চন্দ্ৰমুখী ২ৰ পিছত তেওঁৰ দ্বিতীয়খন ছবি তেজসো বেয়াকৈ ফ্লপ হৈছে। যোৱা শুকুৰবাৰে ছবিগৃহত মুক্তি লাভ কৰিছিল কংগনা ৰাণাৱটৰ ছবি তেজস। কিন্তু চতুৰ্থ দিনলৈকে ছবিখনৰ অৱস্থা এনেকুৱা আছিল যে ইয়াৰ মৰ্ণিং শ্ব’ৰ কোনো টিকট বিক্ৰী নহ’ল। এই কথা দাবী কৰিছে এজন চিনেমা হলৰ মালিকে। দাবী কৰা হৈছে যে সোমবাৰে তেজসৰ মৰ্ণিং শ্ব’ৰ কোনো টিকট বিক্ৰী হোৱা নাছিল, যাৰ বাবে ছবিখনৰ শ্ব’ বাতিল কৰিবলগীয়া হৈছিল।

দেওবাৰেও তেজছৰ অৱস্থা বেয়া আছিল। প্ৰতিটো শ্ব’তে প্ৰায় ১০-১২ জন মানুহো নাথাকে। সোমবাৰৰ পৰা বন্ধ হৈ আছে ৫০ শতাংশতকৈ অধিক শ্ব’। তেজছতকৈ ভাল ব্যৱসায় কৰি আছে বিধু বিনোদ চোপ্ৰাৰ '12th fail'য়ে।

বিহাৰৰ পূৰ্ণীয়াৰ ৰূপবাণী চিনেমা হলৰ স্বত্বাধিকাৰী বিষেক চৌহানে কয়, ‘তেজস আমাৰ বাবে এক দুৰ্যোগ। এইবাৰ প্ৰথমবাৰৰ বাবে মোৰ থিয়েটাৰত মৰ্ণিং শ্ব’টো টিকট বিক্ৰী শূন্য হোৱাৰ বাবে বাতিল কৰা হ’ল। তেওঁ আৰু কয়, "বাকী শ্ব'বোৰোতো প্ৰায় ২০-৩০ জনতকে বেছি মানুহ নাছিল।" 

চুৰাটৰ দ্য ফ্ৰাইডে চিনেমা মাল্টিপ্লেক্স পৰিচালনা কৰা কিৰিতভাই টি বাঘাছিয়াই কয়, "শুকুৰবাৰৰ পৰা দেওবাৰলৈকে তেজসৰ ১৫টা শ্ব' দৰ্শক শূন্য হোৱাৰ বাবে বাতিল কৰা হৈছিল। মোৰ থিয়েটাৰত তেজসৰ এটাও শ্ব' হোৱা নাই। বুকিং শূন্য আছিল। ইয়াৰ উপৰিও আন চিনেমা হলৰ মালিকসকলেও তেজস সন্দৰ্ভত দুখ প্ৰকাশ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান