--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যোৱাটো বছৰৰ শেষৰফালে সংঘটিত এক দুৰ্ঘটনাই দেশজুৰি সৃষ্টি কৰিছিল অভূতপূৰ্ব কাৰুণ্যৰ। এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল দেশৰ সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী মধুলিকাকে ধৰি ১৪গৰাকীকৈ বিষয়া জোৱানে। দেশৰ বাবে এই দুৰ্ঘটনা আছিল একপ্ৰকাৰ অতি অসহনীয় আৰু কৰুণ। দেশৰ তিনিওটা সামৰিক শক্তিৰ মুৰব্বীগৰাকীৰ এনে অসহনীয় বিদায়ৰ দুস্বপ্নই দেশক আজিও খেদি ফুৰিছে। এই ঘটনা কেনেকৈ সংঘটিত হ’বলৈ পালে তাক লৈও চলিছে নানা জল্পনা-কল্পনা, চিন্তা-চৰ্চা। শেহতীয়াকৈ এই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে তদন্তকাৰী গোটে। তদন্তকাৰী গোটে তেওঁলোকৰ অনুসন্ধানৰ জৰিয়তে লাভ কৰা প্ৰাথমিক তথ্য অনুসৰি এই দুৰ্ঘটনাৰ অন্যতম কাৰণ হৈছে পাইলটৰ ভুল। বেয়া বতৰে এই দুৰ্ঘটনাৰ এটা কাৰক হিচাপে ভূমিকা গ্ৰহণ কৰিছিল যদিও পাইলটৰ ভুলেও এইক্ষেত্ৰত ভূমিকা লোৱা বুলি প্ৰকাশ পাইছে তদন্তত। বিমানখনৰ ডাটা ৰেকৰ্ডাৰ আৰু ককপিটৰ ভইছ ৰেকৰ্ডাৰৰ পৰা লাভ কৰা তথ্য বিশ্লেষণ কৰাৰ পাছত তথ্য লাভ কৰা গৈছে যে, ‘অঞ্চলটোত হোৱা বতৰৰ অপ্ৰত্যাশিত পৰিৱৰ্তনৰ বাবে হেলিকপ্টাৰখন মেঘৰ মাজত সোমাই পৰিছিল আৰু তাৰ ফলত পাইলটে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।’ তাৰ পাছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। যি পৰিস্থিতিত হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছিল, তাৰ পাছত তাত কোনো আৰোহীকে জীৱিত অৱস্থাত পোৱাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছিল। তাৰ মাজতো দৈৱক্ৰমে গ্ৰুপ কেপ্টেইন বৰুণ সিঙক জীৱিত অৱস্থাত উদ্ধাৰ কৰাটো সম্ভৱ হৈছিল যদিও পাছত হাস্পতালত তেওঁৰ মৃত্যু হয়। যোৱাটো বছৰৰ আটাইতকৈ শোকাৱহ এই বিমান দুৰ্ঘটনাত হেলিকপ্টাৰখনৰ আৰোহী ১৪গৰাকী লোকৰেই মৃত্যু হয়। এই দুৰ্ঘটনাৰ পাছতে ‘ট্ৰাই চাৰ্ভিছ’ ন্যায়িক তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। ট্ৰাই ছাৰ্ভিছৰ অৰ্থ হৈছে তিমিওটা সেনা বাহিনীৰ সন্মিলিত তদন্ত। এই তদন্তৰ নেতৃত্ব দিছিল দেশৰ শীৰ্ষস্থানীয় হেলিকপ্টাৰ পাইলট মানৱেন্দ্ৰ সিঙে। চিডিএছ বিপিন ৰাৱটে আৰোহন কৰা এমআই-১৭ ভি-৫ৰ দুৰ্ঘটনাৰ তদন্তৰ প্ৰাথমিক প্ৰতিবেদন তেওঁ দাখিল কৰিছে। তদন্তত দুৰ্ঘটনাৰ কাৰণ কাৰিকৰী বিজুতি, বাহ্যিক আঘাত বা গাফিলতি আদি নহয় বুলি স্পষ্ট কৰি দিয়া হৈছে। তদন্তত লাভ কৰা আন ভালেমান তথ্য পুনৰ পৰীক্ষাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক