--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যোৱাটো বছৰৰ শেষৰফালে সংঘটিত এক দুৰ্ঘটনাই দেশজুৰি সৃষ্টি কৰিছিল অভূতপূৰ্ব কাৰুণ্যৰ। এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল দেশৰ সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী মধুলিকাকে ধৰি ১৪গৰাকীকৈ বিষয়া জোৱানে। দেশৰ বাবে এই দুৰ্ঘটনা আছিল একপ্ৰকাৰ অতি অসহনীয় আৰু কৰুণ। দেশৰ তিনিওটা সামৰিক শক্তিৰ মুৰব্বীগৰাকীৰ এনে অসহনীয় বিদায়ৰ দুস্বপ্নই দেশক আজিও খেদি ফুৰিছে। এই ঘটনা কেনেকৈ সংঘটিত হ’বলৈ পালে তাক লৈও চলিছে নানা জল্পনা-কল্পনা, চিন্তা-চৰ্চা। শেহতীয়াকৈ এই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে তদন্তকাৰী গোটে। তদন্তকাৰী গোটে তেওঁলোকৰ অনুসন্ধানৰ জৰিয়তে লাভ কৰা প্ৰাথমিক তথ্য অনুসৰি এই দুৰ্ঘটনাৰ অন্যতম কাৰণ হৈছে পাইলটৰ ভুল। বেয়া বতৰে এই দুৰ্ঘটনাৰ এটা কাৰক হিচাপে ভূমিকা গ্ৰহণ কৰিছিল যদিও পাইলটৰ ভুলেও এইক্ষেত্ৰত ভূমিকা লোৱা বুলি প্ৰকাশ পাইছে তদন্তত। বিমানখনৰ ডাটা ৰেকৰ্ডাৰ আৰু ককপিটৰ ভইছ ৰেকৰ্ডাৰৰ পৰা লাভ কৰা তথ্য বিশ্লেষণ কৰাৰ পাছত তথ্য লাভ কৰা গৈছে যে, ‘অঞ্চলটোত হোৱা বতৰৰ অপ্ৰত্যাশিত পৰিৱৰ্তনৰ বাবে হেলিকপ্টাৰখন মেঘৰ মাজত সোমাই পৰিছিল আৰু তাৰ ফলত পাইলটে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।’ তাৰ পাছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। যি পৰিস্থিতিত হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছিল, তাৰ পাছত তাত কোনো আৰোহীকে জীৱিত অৱস্থাত পোৱাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছিল। তাৰ মাজতো দৈৱক্ৰমে গ্ৰুপ কেপ্টেইন বৰুণ সিঙক জীৱিত অৱস্থাত উদ্ধাৰ কৰাটো সম্ভৱ হৈছিল যদিও পাছত হাস্পতালত তেওঁৰ মৃত্যু হয়। যোৱাটো বছৰৰ আটাইতকৈ শোকাৱহ এই বিমান দুৰ্ঘটনাত হেলিকপ্টাৰখনৰ আৰোহী ১৪গৰাকী লোকৰেই মৃত্যু হয়। এই দুৰ্ঘটনাৰ পাছতে ‘ট্ৰাই চাৰ্ভিছ’ ন্যায়িক তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। ট্ৰাই ছাৰ্ভিছৰ অৰ্থ হৈছে তিমিওটা সেনা বাহিনীৰ সন্মিলিত তদন্ত। এই তদন্তৰ নেতৃত্ব দিছিল দেশৰ শীৰ্ষস্থানীয় হেলিকপ্টাৰ পাইলট মানৱেন্দ্ৰ সিঙে। চিডিএছ বিপিন ৰাৱটে আৰোহন কৰা এমআই-১৭ ভি-৫ৰ দুৰ্ঘটনাৰ তদন্তৰ প্ৰাথমিক প্ৰতিবেদন তেওঁ দাখিল কৰিছে। তদন্তত দুৰ্ঘটনাৰ কাৰণ কাৰিকৰী বিজুতি, বাহ্যিক আঘাত বা গাফিলতি আদি নহয় বুলি স্পষ্ট কৰি দিয়া হৈছে। তদন্তত লাভ কৰা আন ভালেমান তথ্য পুনৰ পৰীক্ষাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি