--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২০১৪ চনত দেশৰ ৰাজনীতিত এক অভূতপূৰ্ণ পট পৰিৱৰ্তন হৈছিল। একেৰাহে দহ বছৰ শাসনৰ গাদীত থকা কংগ্ৰেছ নেতৃত্বৰ ইউপিএ চৰকাৰক ওফৰাই নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হৈছিল এনডিএ চৰকাৰ। এই পট পৰৱৰ্তনত অন্যতম প্ৰধান ভূমিকা লৈছিল দুৰ্নীতিৰ প্ৰসংগই। দুৰ্নীতি, দামবৃদ্ধিৰ দৰে বিষয়ক মূল ইছ্যু হিচাপে লৈয়েই বিজেপিয়ে শাসকীয় দল তথা চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলাইছিল আৰু শাসনলৈ আহিবলৈ সক্ষম হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনলৈ অহাৰ পাছতে বিমুদ্ৰাকৰণৰ দৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছিল দেশক দুৰ্নীতিমুক্ত কৰাৰ স্বাৰ্থতে। কেন্দ্ৰত দ্বিতীয়বাৰলৈ শাসনৰ গাদীত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু দেশত দুৰ্নীতিৰোধৰ এই সংকল্পই কি ৰূপ পালে? শেহতীয়া এক প্ৰতিবেদনে দেশত দুৰ্নীতিৰ পোখা কিদৰে প্ৰসাৰিত হৈছে সেই কথাকে পুনৰ প্ৰতীয়মান কৰি তুলিলে।


এইবছৰ দুৰ্নীতিগ্ৰস্ত দেশৰ তালিকাৰ ৮২তম সংখ্যক স্থানলৈ অৱনমিত হৈছে ভাৰত। যোৱা বছৰৰ তুলনাত ভাৰত পাঁচটা স্থান পিছুৱাইছে এই তালিকাত। যোৱা বছৰ এই তালিকাত ভাৰতৰ স্থান আছিল ৭৭। ‘বিজনেছ ব্ৰাইবেৰী ৰিস্ক’ৰ এখন গোলকীয় তালিকাত এনে অনাকাংক্ষিত অৱনমন ঘটিছে ভাৰতৰ। TRACE নামৰ উৎকোচবিৰোধী সংস্থাটোৱে ১৯৪খন দেশত ‘বিজেনেচ ব্ৰাইবেৰী’ৰ হাৰ নিৰূপণ কৰাৰ বাবে বিশেষ সমীক্ষা চলাইছিল এই সমীক্ষাত ভাৰতৰ এই অৱনতি স্পষ্ট হৈ পৰিছে। এইবছৰৰ সমীক্ষাৰ তথ্য অনুসৰি উত্তৰ কোৰিয়া, তুৰ্কেমেনিস্তান, ভেনিজুৱেলা এইকেইখন দেশত কমাৰ্চিয়েল ব্ৰাইবেৱৃৰী ৰিস্ক আটাইতকৈ বেছি।

ডেনমাৰ্ক, নৰৱে, ফিনলেণ্ড, ছুইডেন এইফালৰ পৰা অতি নিকা অৱস্থাত আছে। ২০২০চনত এই দিশত ভাৰতৰ স্ক’ৰ আছিল ৪৫ আৰু স্থান আছিল ৭৭। কিন্তু ২০২১চনত ভাৰতৰ স্ক’ৰ ৪৪ হোৱাৰ লগতে স্থান ৮২লৈ অৱনমিত হৈছে। চাৰিটা কাৰকৰ ওপৰত এই স্ক’ৰ নিৰ্ভৰ কৰে। চৰকাৰৰ সৈতে ব্যাৱসায়িক আদান-প্ৰদান, উৎকোচবিৰোধী নীতি আৰু পদক্ষেপ, চৰকাৰ তথা অসামৰিক সেৱাৰ স্বচ্ছতা আৰু সংবাদ মাধ্যমকে ধৰি সমাজত নাগৰিক সমাজৰ ভূমিকা। অৰ্থাৎ এই আটাইবোৰ দিশৰ পৰাই ভাৰতৰ এতিয়া পশ্চাৎগমন আৰম্ভ হৈছে আৰু ভাৰত দিনক দিনে ঘোচখোৰৰ দেশত পৰিণত হ’বলৈ গৈ আছে। ভাৰত চুবুৰীয়া পাকিস্কান, চীন, নেপাল আৰু বাংলাদেশতকৈ এই দিশত উন্নত স্থানত আছে যদিও ভূটানে ভাৰতৰ চেৰ পেলাই নিজৰ নিকা ভাৱমূৰ্তি গঢ়ি তুলিবলৈ সক্ষম হৈছে।
দু্ৰ্নীতিমুক্ত ভাৰতৰ সপোনৰ বিপৰীতে ভাৰত ঘোচখোৰৰ দেশত পৰিণত হোৱাৰ উপক্ৰম ঘটাটোৱে চৰকাৰ তথা প্ৰশাসনৰ ব্যৰ্থতাকে যেন প্ৰতিফলিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু