--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২০১৪ চনত দেশৰ ৰাজনীতিত এক অভূতপূৰ্ণ পট পৰিৱৰ্তন হৈছিল। একেৰাহে দহ বছৰ শাসনৰ গাদীত থকা কংগ্ৰেছ নেতৃত্বৰ ইউপিএ চৰকাৰক ওফৰাই নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হৈছিল এনডিএ চৰকাৰ। এই পট পৰৱৰ্তনত অন্যতম প্ৰধান ভূমিকা লৈছিল দুৰ্নীতিৰ প্ৰসংগই। দুৰ্নীতি, দামবৃদ্ধিৰ দৰে বিষয়ক মূল ইছ্যু হিচাপে লৈয়েই বিজেপিয়ে শাসকীয় দল তথা চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলাইছিল আৰু শাসনলৈ আহিবলৈ সক্ষম হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনলৈ অহাৰ পাছতে বিমুদ্ৰাকৰণৰ দৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছিল দেশক দুৰ্নীতিমুক্ত কৰাৰ স্বাৰ্থতে। কেন্দ্ৰত দ্বিতীয়বাৰলৈ শাসনৰ গাদীত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু দেশত দুৰ্নীতিৰোধৰ এই সংকল্পই কি ৰূপ পালে? শেহতীয়া এক প্ৰতিবেদনে দেশত দুৰ্নীতিৰ পোখা কিদৰে প্ৰসাৰিত হৈছে সেই কথাকে পুনৰ প্ৰতীয়মান কৰি তুলিলে।


এইবছৰ দুৰ্নীতিগ্ৰস্ত দেশৰ তালিকাৰ ৮২তম সংখ্যক স্থানলৈ অৱনমিত হৈছে ভাৰত। যোৱা বছৰৰ তুলনাত ভাৰত পাঁচটা স্থান পিছুৱাইছে এই তালিকাত। যোৱা বছৰ এই তালিকাত ভাৰতৰ স্থান আছিল ৭৭। ‘বিজনেছ ব্ৰাইবেৰী ৰিস্ক’ৰ এখন গোলকীয় তালিকাত এনে অনাকাংক্ষিত অৱনমন ঘটিছে ভাৰতৰ। TRACE নামৰ উৎকোচবিৰোধী সংস্থাটোৱে ১৯৪খন দেশত ‘বিজেনেচ ব্ৰাইবেৰী’ৰ হাৰ নিৰূপণ কৰাৰ বাবে বিশেষ সমীক্ষা চলাইছিল এই সমীক্ষাত ভাৰতৰ এই অৱনতি স্পষ্ট হৈ পৰিছে। এইবছৰৰ সমীক্ষাৰ তথ্য অনুসৰি উত্তৰ কোৰিয়া, তুৰ্কেমেনিস্তান, ভেনিজুৱেলা এইকেইখন দেশত কমাৰ্চিয়েল ব্ৰাইবেৱৃৰী ৰিস্ক আটাইতকৈ বেছি।

ডেনমাৰ্ক, নৰৱে, ফিনলেণ্ড, ছুইডেন এইফালৰ পৰা অতি নিকা অৱস্থাত আছে। ২০২০চনত এই দিশত ভাৰতৰ স্ক’ৰ আছিল ৪৫ আৰু স্থান আছিল ৭৭। কিন্তু ২০২১চনত ভাৰতৰ স্ক’ৰ ৪৪ হোৱাৰ লগতে স্থান ৮২লৈ অৱনমিত হৈছে। চাৰিটা কাৰকৰ ওপৰত এই স্ক’ৰ নিৰ্ভৰ কৰে। চৰকাৰৰ সৈতে ব্যাৱসায়িক আদান-প্ৰদান, উৎকোচবিৰোধী নীতি আৰু পদক্ষেপ, চৰকাৰ তথা অসামৰিক সেৱাৰ স্বচ্ছতা আৰু সংবাদ মাধ্যমকে ধৰি সমাজত নাগৰিক সমাজৰ ভূমিকা। অৰ্থাৎ এই আটাইবোৰ দিশৰ পৰাই ভাৰতৰ এতিয়া পশ্চাৎগমন আৰম্ভ হৈছে আৰু ভাৰত দিনক দিনে ঘোচখোৰৰ দেশত পৰিণত হ’বলৈ গৈ আছে। ভাৰত চুবুৰীয়া পাকিস্কান, চীন, নেপাল আৰু বাংলাদেশতকৈ এই দিশত উন্নত স্থানত আছে যদিও ভূটানে ভাৰতৰ চেৰ পেলাই নিজৰ নিকা ভাৱমূৰ্তি গঢ়ি তুলিবলৈ সক্ষম হৈছে।
দু্ৰ্নীতিমুক্ত ভাৰতৰ সপোনৰ বিপৰীতে ভাৰত ঘোচখোৰৰ দেশত পৰিণত হোৱাৰ উপক্ৰম ঘটাটোৱে চৰকাৰ তথা প্ৰশাসনৰ ব্যৰ্থতাকে যেন প্ৰতিফলিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ